অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াত সৰ্বাধিক শতক অৰ্জনকাৰী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত বিৰাট কোহলী - BORDER GAVASKAR TROPHY 2024

কিছুদিনৰে পৰা দুৰ্বল প্ৰদৰ্শনক লৈ সমালোচনাৰ সন্মুখীন হোৱা বিৰাট কোহলীৰ দৰ্শনীয় শতক ৷ পাৰ্থৰ অপ্টাছ ষ্টেডিয়াম সাক্ষী হৈ ৰ’ল এই ঐতিহাসিক মুহূৰ্তৰ ৷

BORDER GAVASKAR TROPHY 2024
বিৰাট কোহলী (AP PHOTO)

By ETV Bharat Sports Team

Published : Nov 24, 2024, 5:26 PM IST

স্প’ৰ্টছ ডেস্ক:পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেটাৰৰ জয়জয়-ময়ময় ৷ প্ৰথম ইনিংছত ভাৰতীয় ক্ৰিকেটাৰসকলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হ’লেও দ্বিতীয় ইনিংছত ঘটাইছে প্ৰত্যাৱৰ্তন ৷ ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি অনুৰাগীসকলক আনন্দিত কৰি তোলে ৷

বিৰাট কোহলীৰ শতক অৰ্জনৰে ইতিহাস

বিৰাট কোহলী হৈ পৰিছে অষ্ট্ৰেলিয়াত সকলো ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন ৷ বিৰাটে অষ্ট্ৰেলিয়াৰ মাটিত অৰ্জন কৰিছে 10 টা শতক । এই খেলখনত বিৰাটে সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলি 143 টা বলত 8 টা চাৰি আৰু দুটা ছয়ৰ সহায়ত 100 ৰাণ সম্পূৰ্ণ কৰে । ইয়াৰ পূৰ্বে কোহলীয়ে 3 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 94 টা বলত 50 ৰাণ সম্পূৰ্ণ কৰিছিল । বিৰাট কোহলীয়ে 100 ৰাণ সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰতে দলটোৰ ইনিংছ ঘোষণা কৰে ।

492 দিনৰ পিছত শতক অৰ্জন বিৰাটৰ

অন্তিম টেষ্ট শতকৰ 492 দিন পিছত বিৰাটে দেওবাৰে পাৰ্থত শতক অৰ্জন কৰে । ক্ৰিকেটাৰগৰাকীয়ে শেষবাৰৰ বাবে 2023 চনত পোৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল । তেওঁ বিগত বৰ্ষৰ 20 জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল 212 ৰাণ । এয়া হৈছে কিং কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ 81 তম শতক । তেওঁ টেষ্ট ক্ৰিকেটত 30 টা শতক অৰ্জন কৰাৰ বিপৰীতে এদিনীয়া ক্ৰিকেটত 50 টা আৰু টি-20 ক্ৰিকেটত এটা শতক অৰ্জন কৰিছে ৷

বিৰাট কোহলীয়ে পাৰ্থত নিজৰ নামত গঢ়িছে বহু অভিলেখ

বিৰাট কোহলী অষ্ট্ৰেলিয়াত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা তৃতীয়গৰাকী আলহী বেটছমেনত পৰিণত হৈছে ৷ এই তালিকাত থকা আন আন ক্ৰিকেটাৰসকল হৈছে-

  • 9 - জেক হবচ
  • 7 – ৱালি হেমণ্ড
  • 7 - বিৰাট কোহলী
  • 6 – হাৰ্বাৰ্ট চাটক্লিফ
  • 6 - শচীন তেণ্ডুলকাৰ

বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জনকাৰী প্ৰথমগৰাকী ভাৰতীয় বেটছমেন বিৰাট কোহলী

  • 7 - সুনীল গাভাস্কাৰ, ৱেষ্ট ইণ্ডিজত
  • 7 - বিৰাট কোহলী, অষ্ট্ৰেলিয়াত
  • 6 - ৰাহুল দ্ৰাবিড়, ইংলেণ্ডত
  • 6 - শচীন তেণ্ডুলকাৰ, অষ্ট্ৰেলিয়া

প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক অৰ্জনকাৰী চতুৰ্থগৰাকী ভাৰতীয় বেটছমেনত পৰিণত

  • 13 - সুনীল গাভাস্কাৰ বনাম ৱেষ্ট ইণ্ডিজ
  • 11 - শচীন তেণ্ডুলকাৰ বনাম অষ্ট্ৰেলিয়া
  • 9 - শচীন তেণ্ডুলকাৰ বনাম শ্ৰীলংকা
  • 9 - বিৰাট কোহলী বনাম অষ্ট্ৰেলিয়া
  • 8 - সুনীল গাভাস্কাৰ বনাম অষ্ট্ৰেলিয়া

বৰ্তমানলৈকে ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্ট মেচৰ স্থিতি

এই মেচখনত টছত জয়ী ভাৰতে প্ৰথমে বেট ধৰি হৈ সংগ্ৰহ কৰে 150 ৰাণ । প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 104 ৰাণত অল আউট হয় । ফলত ভাৰতে মেচখনত 46 ৰাণৰ অগ্ৰগতি লাভ কৰে ।

আনহাতে, যশস্বী জয়ছোৱাল (161) আৰু বিৰাট কোহলীৰ (100) ৰাণৰ সহায়ত টীম ইণ্ডিয়াই 6 উইকেট হেৰুৱাই 487 ৰাণত ঘোষণা কৰে দ্বিতীয় ইনিংছ । সম্প্ৰতি ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিছে 534 ৰাণৰ লক্ষ্য ৷

লগতে পঢ়ক:যশস্বী জয়ছোৱালৰ ঐতিহাসিক শতক; অষ্ট্ৰেলিয়াত 47 বছৰীয়া অপেক্ষাৰ অন্ত

ABOUT THE AUTHOR

...view details