নিউজ ডেস্ক, ২৭ মে’: ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ খবৰে শেহতীয়াকৈ শিৰোনাম দখল কৰিছে । খবৰ অনুসৰি হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ মডেল পত্নী নাতাশা ষ্টেনকভিচৰ মাজত সম্পৰ্ক ভাল নহয় আৰু অতি সোনকালে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ব ।
খবৰ অনুসৰি হাৰ্দিকৰ পত্নী নাতাশাই ক্ৰিকেটাৰগৰাকীৰ সম্পত্তিত ৭০% অংশীদাৰিত্ব দাবী কৰিব পাৰে । উল্লেখ্য যে এইটো এনেদৰে বিবাহ বিচ্ছেদৰ প্ৰথমটো গোচৰ নহয় । ইয়াৰ পূৰ্বে পি এছ জিৰ হৈ খেলা মৰক্কোৰ তাৰকা ফুটবলাৰ আশ্ৰাফ হাকিমিৰ পত্নীয়ে বিবাহৰ ৩ বছৰৰ পাছত পি এছ জিৰ খেলুৱৈগৰাকীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু ফুটবলাৰগৰাকীৰ সকলো সম্পত্তিৰ আধা অংশ দাবী কৰিছিল । কিন্তু, এই ডাঙৰ সংকটৰ পৰা ফুটবলাৰজনক উদ্ধাৰ কৰিলে তেওঁৰ মাতৃয়ে ।
আশ্ৰফ হাকিমিৰ বিবাহ বিচ্ছেদ আলোচনাৰ বিষয় হৈ পৰিছিল-
আচলতে আশ্ৰাফ হাকিমিৰ পত্নীয়ে বিবাহৰ ৩ বছৰৰ পিছত ২০২৩ চনত পি এছ জিৰ খেলুৱৈগৰাকীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল । কিন্তু তেওঁৰ কোটিপতি স্বামীৰ কোনো সম্পত্তি নাই বুলি গম পাই তেওঁ আচৰিত হ’ল । আদালতে তেওঁক অৱগত কৰে যে তেওঁৰ স্বামীৰ সকলো সম্পত্তি মাকৰ নামত পঞ্জীয়ন হৈ থকাৰ বাবে তেওঁৰ হাতত একো নাই ।
হাকিমিয়ে পি এছ জিত প্ৰতিমাহে ১০ লাখ ডলাৰ উপাৰ্জন কৰে আৰু সকলো ধন মাকৰ একাউণ্টত জমা কৰে । হাকিমিয়ে ঘৰ, মাটি, গাড়ী, গহনা, কাপোৰ আৰু সকলো মাকৰ নামত ক্ৰয় কৰিছিল ।
হাৰ্দিকৰ সম্পত্তি ৰক্ষা কৰিবনে মাতৃয়ে ?
এতিয়া ধাৰণা কৰা হৈছে যে হাৰ্দিক পাণ্ডিয়াৰ মাতৃয়েও তেওঁক এই সংকটৰ পৰা ৰক্ষা কৰিব । আচলতে হাৰ্দিক আৰু নাতাশাৰ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে হাৰ্দিক পাণ্ডিয়াৰ এটা ভিডিঅ’, য’ত তেওঁ নিজৰ সম্পত্তিৰ কথা কৈছে । ২০১৭ চনত গৌৰৱ কাপুৰক দিয়া এক সাক্ষাৎকাৰত হাৰ্দিকে কৈছিল যে তেওঁৰ ঘৰ আৰু গাড়ীকে ধৰি সকলো সম্পত্তি তেওঁৰ মাকৰ নামত আছে । আপোনালোকক জনাওঁ যে হাৰ্দিক পাণ্ডিয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯১ কোটি টকা ।
লগতে পঢ়ক:জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya divorce
পাণ্ডিয়া আৰু হাকিমিদুয়োৰে ব্যক্তিগত জীৱন একেধৰণৰ হৈ আহিছে
ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু ফুটবলাৰ আশ্ৰফ হাকিমিৰ ব্যক্তিগত জীৱনৰ হুবহু মিল আছে । ভাৰতৰ তাৰকা অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে লিভ-ইন ৰিলেচনত থাকি নাতাশা গৰ্ভৱতী হয়, তাৰ পিছত ২০২০ চনত লকডাউনৰ সময়ত দুয়োৰে বিবাহ হয় । তাৰ পিছত ২০২৩ চনত ভেলেণ্টাইন ডে’ত হিন্দু ৰীতি-নীতি অনুসৰি দুয়োৰে পুনৰ বিয়া হয় । তেওঁলোকৰ পুত্ৰৰ নাম অগস্ত্য ।