নতুন দিল্লী : অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চেম্পিয়নছ ট্ৰফী । পাকিস্তানে আয়োজন কৰিবলগীয়া এই মেগা ইভেণ্ট হাইব্ৰীড মডেলত অনুষ্ঠিত হ'ব । ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে আটাইকেইখন মেচ ডুবাইত খেলিব । যাৰ বাবে শনিবাৰে ভাৰতীয় ক্ৰিকেট দলটো ডুবাইলৈ ৰাওনা হ'ব । লীগ পৰ্যায়ৰ খেলসমূহৰ ভিতৰত ভাৰতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলিব । একেদৰে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজীলেণ্ডৰ মুখামুখি হ'ব ভাৰত ।
ডুবাইলৈ ৰাওনা হ'ব ভাৰত
শনিবাৰে অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত ভাৰতীয় ক্ৰিকেট দলটো ডুবাইলৈ উৰা মাৰিব । এই সময়ছোৱাত ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৰ আন আন খেলুৱৈৰ সৈতে প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু তেওঁৰ সহায়ক কৰ্মচাৰীসকলো ডুবাইলৈ যাব । বিৰাট কোহলী আৰু মহম্মদ ছামীৰ দৰে জ্যেষ্ঠ খেলুৱৈৰে গঠিত ভাৰতীয় দলটো মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইলৈ ৰাওনা হ'ব । অৱশ্যে দলটোৰ প্ৰস্থানৰ সময় সম্পৰ্কে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।
এইসকল খেলুৱৈৰ ওপৰত থাকিব সকলোৰে দৃষ্টি
আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ উপ-অধিনায়ক শুভমন গিলৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । গিলে ইংলেণ্ডৰ বিৰুদ্ধে ৩ খনীয়া এদিনীয়া শৃংখলাত ২ খনত অৰ্ধ শতক আৰু ১ খনত শতকৰ সৈতে ২৫৯ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ উপৰিও অধিনায়ক ৰোহিত শৰ্মাই দ্বিতীয় এদিনীয়াত ১১৯ ৰাণৰ শতক অৰ্জন কৰি প্ৰত্যাৱৰ্তন কৰে । আনহাতে তাৰকা বেটছমেন বিৰাট কোহলীয়েও আহমদাবাদত তৃতীয় এদিনীয়াত অৰ্ধ শতক অৰ্জন কৰি ফৰ্ম ঘূৰাই অনাৰ ইংগিত দিছে ।
ভাৰতীয় ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । তেওঁৰ অনুপস্থিতিত মহম্মদ ছামী, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু হাৰ্দিক পাণ্ডিয়াই ফাষ্ট বলিঙৰ দায়িত্ব ল'ব । একেদৰে স্পিন বলিঙৰ ক্ষেত্ৰত কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰক দেখা যাব ।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় দল
ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুভমন গিল (উপ-অধিনায়ক), শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামী, অৰ্শদ্বীপ সিং, বৰুণ চক্ৰৱৰ্তী, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা ।