স্পৰ্টছ ডেস্ক, ২৯ ফেব্ৰুৱাৰী :পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক এখন মেচৰ পৰা নিলম্বন কৰা হৈছে । চৌদি প্ৰ' লীগত আল নাছাৰৰ হৈ খেলি খেলি থকা অৱস্থাত অশ্লীল ইংগিত দিয়াৰ অভিযোগত তেওঁক এখন মেচৰ বাবে নিলম্বন কৰা হৈছে । উল্লেখ্য যে ৰোনাল্ডো হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ । সেয়ে তেওঁৰ দ্বাৰা এনে আচৰণ সংঘটিত কৰাটোত অনুৰাগীসকলৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে । কিয়নো অনুৰাগীসকলে তেওঁক বহুত ভালপায় । সেয়েহে এখন মেচৰ বাবে তেওঁক নিলম্বন কৰাটো তেওঁৰ অনুৰাগীসকলৰ বাবে এক ডাঙৰ আঘাত ।
উল্লেখ্য যে দেওবাৰে আল নাছাৰে স্থানীয় প্ৰতিদ্বন্দ্বী আল চাবাবক ৩-২ গ'লত পৰাস্ত কৰে । ইয়াৰ পিছত ৰোনাল্ডোৱে বিপক্ষ দলৰ সমৰ্থকসকলক উদ্দেশ্যি অশালীন ইংগিত দিয়ে । সেই সময়ত দৰ্শকসকলে তেওঁৰ চিৰ প্ৰতিদ্বন্দ্বী লিঅ'নেল মেছিৰ নামত 'মেছি মেছি' উচ্চাৰণ কৰি শ্লোগান দি আছিল । তাতেই খড়গহস্ত হৈ পৰে ৰোনাল্ডো । আনহাতে, বৃহস্পতিবাৰে চৌদি আৰব ফুটবল ফেডাৰেচনৰ অনুশাসন আৰু নৈতিক সমিতিয়ে এই নিলম্বনৰ কথা ঘোষণা কৰে । তেওঁৰ দলটোৱে পৰৱৰ্তী মেচখনত আল-হাজামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।