অসম

assam

ETV Bharat / sports

পাকিস্তানে হেৰুৱাব পাৰে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজকৰ দায়িত্ব - CHAMPIONS TROPHY 2025

বিপদে লগ এৰা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ । পুনৰ এবাৰ চেম্পিয়নছ ট্ৰফী আয়োজনক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তান । জানিবলৈ পঢ়ক...

CHAMPIONS TROPHY 2025
পাকিস্তানে হেৰুৱাব পাৰে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজনৰ দায়িত্ব (IANS)

By ETV Bharat Assamese Team

Published : Jan 9, 2025, 3:46 PM IST

হায়দৰাবাদ: আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৪লৈ মাজত প্ৰায় এমাহ বাকী থকা সময়তে পুনৰ আন এক প্ৰত্যাহ্বান সন্মুখীন হৈছে পাকিস্তান ক্ৰিকেট বৰ্ডত । ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথমখন খেল, কিন্তু বিপদে যেন লগা এৰা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰতিযোগিতাখনক হাইব্ৰীড মডেল হিচাপে অনুষ্ঠিত কৰাৰ বাবে অনুমোদন দিয়াৰ পাছত চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজনৰ বিষয়টোৰ অন্ত পৰিছিল যদিও এইবাৰ পুনৰ প্ৰতিযোগিতাখন আয়োজনক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তান ।

পাকিস্তানে হেৰুৱাব পাৰে হ’ষ্টিং ৰাইট:

পাকিস্তানে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাৰ সূচী ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ খেলসমূহৰ চুক্তি অনুসৰি প্ৰকাশ কৰা হয় । কিন্তু এতিয়া খবৰ ওলাইছে যে আই চি চিয়ে এই প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে আন এখন দেশলৈ স্থানান্তৰিত কৰাৰ কথা চিন্তা কৰিছে । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ কোৱা হৈছে যে প্ৰতিযোগিতাখনৰ প্ৰস্তুতি এতিয়াও সম্পূৰ্ণ হোৱা নাই ।

পাকিস্তানত চেম্পিয়নছ ট্ৰফীৰ মেচ:

চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম আৰু ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ইতিমধ্যে আই চি চিয়ে এই ষ্টেডিয়ামসমূহৰ সংস্কাৰৰ বাবে পি চি বিক বিপুল আৰ্থিক সাহাৰ্য দিছে আৰু এই সকলোবোৰ কাম ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিছিল ৷ কিন্তু সময়সীমা উকলি যোৱাৰ পিছতো ষ্টেডিয়ামসমূহত বহু কাম এতিয়াও বাকী থকা বুলি খবৰ ওলাইছে । ষ্টেডিয়ামৰ আসন, খেলুৱৈৰ ড্ৰেছিং ৰুমৰ মেৰামতি, ফ্লাডলাইটৰ ব্যৱস্থা আৰু অন্যান্য সা-সুবিধা আদি বহু কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । ইয়াৰ সৈতে জড়িত ভিডিঅ’সমূহো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ষ্টেডিয়ামৰ নবীকৰণৰ কামত পলম:

পি চি বিয়ে ১২ ফেব্ৰুৱাৰীৰ ভিতৰত এই সকলোবোৰ কাম সম্পূৰ্ণ কৰি ষ্টেডিয়ামসমূহ আই চি চিক গতাই দিয়াৰ সম্ভাৱনা আছে । কিন্তু পি চি বিৰ কাম-কাজত আই চি চি সুখী নহয় আৰু নবীকৰণত পলম হোৱাৰ বাবেই পাকিস্তানৰ পৰা প্ৰতিযোগিতাখন স্থানান্তৰিত কৰাৰ কথা চিন্তা কৰিছে । এই কামসমূহ পৰিদৰ্শন কৰিবলৈ অতি সোনকালে পাকিস্তান ভ্ৰমণ কৰিব আই চি চিৰ এটা দল । ইয়াৰ পিছতহে আই চি চিয়ে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

পি চি বিয়েও এটা ডাঙৰ বিবৃতি দিলে

ষ্টেডিয়ামসমূহৰ সংস্কাৰৰ কামত পলম হোৱাৰ বাবে চেম্পিয়নছ ট্ৰফী পাকিস্তানৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা থকা বুলি ওলোৱা দাবী নাকচ কৰিছে পাকিস্তান ক্ৰিকেট বৰ্ডে ৷ পি চি বিয়ে এই বিবৃতিত কয়, "লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু নিৰ্মাণৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ ব’ৰ্ডে সংৰ্ঘষ কৰি আছে ।" পি চি বিয়ে অনুৰাগী, দৰ্শক আৰু সংবাদ মাধ্যমক আশ্বস্ত কৰি কয়, "সকলো কাম নিৰ্ধাৰিত সময়সীমাত বা তাৰ আগতে সম্পূৰ্ণ কৰা হ'ব ।"

পি চি বিয়ে আৰু কয় যে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ বাবে সকলো স্থান যাতে সাজু হয় তাৰবাবে পি চি বি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । ২৫ জানুৱাৰীৰ সময়সীমা পূৰণৰ বাবে ২৫০ জনতকৈ অধিক কৰ্মীয়ে দিনে-নিশাই কাম কৰি আছে । পি চি বিৰ আত্মবিশ্বাসী যে এই উন্নীতকৰণে অনুৰাগীৰ অভিজ্ঞতা বৃদ্ধি কৰিব আৰু এখন মুখ্য ক্ৰিকেট আয়োজনক হিচাপে পাকিস্তানৰ সুনাম অক্ষুণ্ণ ৰাখিব ।

ইয়াৰ উপৰিও পি চি বিয়ে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত পাকিস্তান, নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ট্ৰাই ছিৰিজৰ চাৰিখন মেচ মূলতানৰ পৰা লাহোৰ আৰু কৰাচীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে, যাতে চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ অনুষ্ঠিত কৰিব পৰাকৈ সাজু বুলি সংকেত দিব পৰা যায় ৷

উল্লেখ্যে যে, ১৯৯৬ চনৰ বিশ্বকাপৰ পাছত পাকিস্তানে আয়োজন কৰা এইখন প্ৰথম বৃহৎ ক্ৰিকেট প্ৰতিযোগিতা ৷ আই চি চি চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত ষ্টেডিয়াম সংস্কাৰৰ বাবে পি চি বিক ১৭ বিলিয়ন টকা আৱণ্টন দিয়া হৈছিল ।

লগতে পঢ়ক:সেও মানিলে পাকিস্তানে: চেম্পিয়নছ ট্ৰফীত ইউ এ ইত হ’ব ভাৰতৰ খেলসমূহ

ABOUT THE AUTHOR

...view details