তেওঁ লগতে কয়, "ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগৰ সম্ভাৱনীয়তা যথেষ্ট আছে । ভৱিষ্যতত এই শিশুসকলৰ লগত কাম কৰিবলগীয়া আছে । কষ্ট কৰিব লাগিব, তেতিয়াহে এটা ভাল ফল লাভ কৰিব পাৰিব ।"
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)
আনহাতে, চূড়ান্ত খেলৰ মুহূৰ্তবোৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । বিশেষকৈ ১২ বছৰ অনূৰ্ধ্বৰ শিশু খেলুৱৈসকলৰ প্ৰতিভা এক লেখত ল'বলগীয়া দিশ আছিল ।
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)
ইফালে ব্ৰহ্মপুত্ৰ ভলীবলৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয়, "তেজপুৰত এই লীগৰ আয়োজন কৰাৰ কথা এসময়ত ভাবিবই পৰা নাছিলোঁ । ই মোৰ আৰু আমাৰ সকলো উদ্যোক্তাৰ বাবে এটা ডাঙৰ অভিজ্ঞতা । নিশা ১২ বজালৈ ভোজনালয়ত খাদ্য বিতৰণ, কণ কণ শিশু খেলুৱৈৰ স্বাস্থ্যৰ যতন, সকলো কাম তেজপুৰৰ লোকে কৰি দেখুৱালে । আমি এই খেলৰ পৰা বহুতো খেলুৱৈৰ চিনাক্তকৰণ কৰিলোঁ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলেও নিৰ্বাচিত কৰিলে ।"
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)
উল্লেখ্য যে এই ভলীবল লীগত বিজয়ী খেলুৱৈসকলক কেৱল এটা ট্ৰফীৰেই সম্বৰ্ধনা জনোৱা নহয় । তেওঁলোকৰ খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় । সকলো অংশগ্ৰহণকাৰী দলকে এই সামগ্ৰীসমূহ প্ৰদান কৰা হয় ।