স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ৰ সময়ত অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি নকৰে ষ্টিভ স্মিথে ৷ অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ ৰাষ্ট্ৰীয় নিৰ্বাচক জৰ্জ বেইলীয়ে নিশ্চিত কৰিছে এই কথা ৷
অভিজ্ঞ বেটছমেন ডেভিদ ৱাৰ্ণাৰৰ অৱসৰৰ পিছত ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ইনিংছ আৰম্ভ কৰিছিল ষ্টিভ স্মিথে ৷ চলিত বৰ্ষৰ 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’বলগীয়া পাঁচখন টেষ্টৰ শৃংখলাটোত অংশগ্ৰহণ কৰিব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৷
ষ্টিভ স্মিথে নকৰে ইনিংছ মুকলি
ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা টেষ্ট শৃংখলাৰ বাবে স্মিথে 4 নং স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে ৷ অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে সোমবাৰে ঘোষণা কৰে যে, বিগত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টেষ্ট অভিষেক ঘটোৱা তাৰকা অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণ পিঠিৰ অস্ত্ৰোপচাৰৰ বাবে ছয় মাহলৈ ক্ৰিকেটৰ পৰা আঁতৰত থাকিব ৷ যাৰ বাবে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷
অ’পেনাৰ হিচাপে ব্যৰ্থ
অ’পেনাৰ বেটছমেন হিচাপে নিজকে উন্নীত কৰা স্মিথে প্ৰদৰ্শন অটুট ৰখাত ব্যৰ্থ হৈছে ৷ তেওঁ 4 খন মেচৰ 8 টা ইনিংছত 28.50 গড়ে মাত্ৰ 191 ৰাণহে সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত খেলুৱৈগৰাকীয়ে মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰে । সচৰাচৰ 4 নং স্থানত বেটিং কৰা খেলুৱৈগৰাকীৰ গড় ইনিংছ মুকলিৰ সময়ত হোৱা গড়তকৈ কোনো ব্যতিক্ৰম নহয় । স্মিথে 67 খন টেষ্টৰ 111 টা ইনিংছত 19 টা শতক আৰু 26 টা অৰ্ধ-শতকৰ সৈতে 61.51 গড়ে সংগ্ৰহ কৰিছে 5,966 ৰাণ ।