নেশ্য়নেল ডেস্ক : য়েমেনী নাগৰিকক হত্যা কৰাৰ অভিযোগত এগৰাকী ভাৰতীয় নাৰ্ছক য়েমেনত মৃত্যুদণ্ড আদেশ দিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে কয় যে য়েমেনৰ এগৰাকী স্থানীয় নাগৰিকক হত্যাৰ অভিযোগত অভিযুক্ত ভাৰতীয় নাৰ্ছ নিমিশা প্ৰিয়াক দিয়া মৃত্যুদণ্ডৰ বিষয়ে অৱগত আৰু চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে ।
খবৰ অনুসৰি য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে এই মৃত্যুদণ্ডৰ অনুমোদন জনাইছে আৰু এমাহৰ ভিতৰত ফাঁচী দিব পাৰে । ২০১৭ চনৰ পৰা কাৰাদণ্ড ভুগি আছে প্ৰিয়াই । এই গোচৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত এমইএৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "আমি য়েমেনত নিমিশা প্ৰিয়াক বিহা শাস্তিৰ বিষয়ে অৱগত । আমি বুজি পাওঁ যে প্ৰিয়াৰ পৰিয়ালে প্ৰাসংগিক বিকল্প বিচাৰি আছে । চৰকাৰে বিষয়টোত সকলো সম্ভৱ সহায় আগবঢ়াই আছে ।"
Our response to media queries regarding the case of Ms. Nimisha Priya:https://t.co/DlviLboqKG pic.twitter.com/tSgBlmitCy
— Randhir Jaiswal (@MEAIndia) December 31, 2024
কেৰালাৰ বাসিন্দা প্ৰিয়াক ২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যা কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছিল । এগৰাকী প্ৰশিক্ষিত নাৰ্ছ প্ৰিয়াই ২০১২ চনৰ পৰা কেইবাবছৰ ধৰি য়েমেনৰ ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল । তেওঁৰ স্বামী আৰু নাবালক কন্যা ২০১৪ চনত আৰ্থিক কাৰণত ভাৰতলৈ উভতি আহিছিল আৰু সেই একে বছৰতে য়েমেনত গৃহযুদ্ধ হৈছিল আৰু দেশখনে নতুন ভিছা প্ৰদান কৰা বন্ধ কৰা বাবে তেওঁলোকে উভতি যাব নোৱাৰিলে ।
পিছলৈ ২০১৫ চনত প্ৰিয়াই মাহদীৰ সৈতে মিলি য়েমেনৰ ৰাজধানী চহৰ ছানাত নিজৰ ক্লিনিক স্থাপন কৰে । তাই মাহদীৰ সমৰ্থন বিচাৰিছিল কাৰণ য়েমেনৰ আইন অনুসৰি কেৱল নাগৰিককহে ক্লিনিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছে।
প্ৰিয়াক মাহদীয়ে বন্দী কৰি তেওঁৰ পাছপোৰ্ট জব্দ কৰে । প্ৰিয়াই বহু বছৰ ধৰি উৎপীড়ন আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল । পলাই যাবলৈ আৰু তেওঁৰ পাছপোৰ্ট উদ্ধাৰ কৰাৰ প্ৰচেষ্টাত প্ৰিয়াই মাহদীক অচেতন কৰাৰ উদ্দেশ্যে বেজী দিছিল । কিন্তু এই বেজীত ঔষধৰ পৰিমাণ বেছি হোৱাত তেওঁৰ মৃত্যু হয় ।
প্ৰিয়াক ২০১৮ চনত য়েমেনী আদালতে মৃত্যুদণ্ড বিহে । ২০২৩ চনত য়েমেনৰ উচ্চতম ন্যায়ালয়ত তেওঁৰ আবেদন নাকচ কৰা হয় । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগতে প্ৰিয়াৰ ভাগ্য এতিয়া মাহদীৰ পৰিয়াল আৰু জনজাতীয় নেতাসকলৰ পৰা ক্ষমা লাভ কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে । সেয়া হ’লে তেওঁ মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে । ভাৰত চৰকাৰে প্ৰিয়াৰ মুক্তিৰ প্ৰচেষ্টা চলাই আছে । ২০২৩ চনত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ মাতৃক ক্ষমাৰ বাবে মীমাংসা কৰিবলৈ য়েমেন লৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল ।