অসম

assam

মহিলা টি-20 বিশ্বকাপ 2024 ৰ দল ঘোষণা: দলত অন্তৰ্ভুক্ত অসমৰ উমা ছেত্ৰী - WOMENS T20 World Cup 2024

By ETV Bharat Sports Team

Published : Aug 27, 2024, 2:29 PM IST

Indians womens cricket team: মহিলা টি-20 বিশ্বকাপ 2024 ৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিছে ভাৰতীয় দলটোৰ নাম ৷ এক শক্তিশালী বেটিং লাইন-আপৰে পূৰ্ণ দলটোত আছে 15 গৰাকী সদস্য ৷ য’ত স্থান লাভ কৰিছে অসম সন্তান উমা ছেত্ৰীয়ে ৷ পঢ়ক বিতং খবৰ...

WOMENS T20 WORLD CUP 2024
ভাৰতীয় মহিলা ক্ৰিকেট দল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে(বিচিচিআই) মঙলবাৰে আগন্তুক মহিলা টি-20 বিশ্বকাপ 2024 ৰ বাবে 15 জনীয়া দলটো ঘোষণা কৰে । এই দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে হৰমনপ্ৰীত কৌৰৰ ওপৰত ৷ আনহাতে, অপেনাৰ স্মৃতি মন্ধানাক দিয়া হৈছে সহ-অধিনায়কৰ দায়িত্ব ৷

এই দলটোক স্থান লাভ কৰিছে অসম তনয়া উমা ছেত্ৰীয়ে ৷ অৱশ্যে খেলুৱৈগৰাকী মূল একাদশৰ বিপৰীতে সংৰক্ষিত খেলুৱৈ হিচাপেহে দলটোত স্থান লাভ কৰে ৷

শক্তিশালী বেটিং লাইন আপ

বিশ্বকাপক উদ্দেশ্যি একশক্তিশালী বেটিং লাইন-আপ সমৃদ্ধ ভাৰতীয় দল বাছনি কৰিছে বি চি চি আইয়ে ৷ স্মৃতি মন্ধানাই শৈফালী বাৰ্মাৰ সৈতে দলৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে, বাংলাদেশ শৃংখলাৰ সময়ত যস্তিকাৰ ঠাইত 3 নম্বৰত বেটিং কৰা দয়ালান হেমলতাকো ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ তাৰোপৰি জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ দৰে বেটছমেনসকলে ভাৰতৰ বেটিং লাইন-আপ শক্তিশালী কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে ।

ৰিচা ঘোষ ভাৰতৰ বাবে উইকেটকীপাৰৰ বিকল্প হ’ব পাৰে । অৱশ্যে, যস্তিকাক দলৰ বেক-আপ হিচাপেহে 15 জনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, বলিং বিভাগত আছে ৰেণুকা সিং, পূজা বস্ত্ৰকাৰ, দীপ্তি শৰ্মা, ৰাধা যাদৱ, আশা শোভানা, সজনা সজীৱন আৰু শ্ৰেয়াংকা পাটিলৰ দৰে খেলুৱৈসকল ।

যস্তিকা আৰু শ্ৰেয়াংকাক ফিটনেছ চাৰ্টিফিকেটৰ প্ৰয়োজন

ভাৰতে যোৱা মাহত খেলা মহিলা এছিয়া কাপৰ বাবে নিৰ্বাচিত 15 জনীয়া দলটোৰ মাত্ৰ এঠাইতহে পৰিৱৰ্তন ঘটাইছে । য’ত উইকেটকীপাৰ যস্তিকা ভাটিয়াক উমা ছেত্ৰীৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে, যস্তিকাক ফিটনেছ চাৰ্টিফিকেটৰ প্ৰয়োজন । যোৱা মাহত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টি-20 শৃংখলাৰ সময়ত খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হৈ এছিয়া কাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ।

লগতে, দলটোত অন্তৰ্ভুক্ত তাৰকা স্পিনাৰ অলৰাউণ্ডাৰ শ্ৰেয়াংকা পাটিলকো প্ৰয়োজন ফিটনেছ চাৰ্টিফিকেটৰ ৷ এছিয়া কাপৰ সময়ত স্পিনাৰগৰাকীৰ বাওঁহাতৰ অনামিকা আঙুলিটো ভাঙি যোৱাত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল ।

আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ভাৰতীয় দল:

হৰমনপ্ৰীত কৌৰ(অধিনায়ক), স্মৃতি মন্ধানা(সহ অধিনায়ক), শৈফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগছ, ৰিচা ঘোষ(উইকেটৰক্ষক), যস্তিকা ভাটিয়া(উইকেটৰক্ষক), পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, দয়ালান হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল আৰু সজনা সজীৱন ।

সংৰক্ষিত থাকিব: উমা ছেত্ৰী(উইকেটৰক্ষক), তনুজা কানৱাৰ, চাইমা ঠাকুৰ ৷

লগতে পঢ়ক:মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ আই চি চিৰ - WOMENS T20 WC

ABOUT THE AUTHOR

...view details