অসম

assam

ETV Bharat / sports

গাব্বা টেষ্টত ইতিহাস ঋষভ পন্তৰ; এম এছ ধোনীৰ সৈতে সমতা স্থাপন - AUS VS IND 3RD TEST

Pant completed 150 test dismissals: এম এছ ধোনীৰ অভিলেখৰ সৈতে সমতা স্থাপন ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ ৷ গাব্বা টেষ্টত ইতিহাস ৰচিলে পন্তে ৷

AUS VS IND 3RD TEST
ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত (AP Photo)

By ETV Bharat Sports Team

Published : Dec 15, 2024, 4:06 PM IST

স্প’ৰ্টছ ডেস্ক: গাব্বা টেষ্টৰ দ্বিতীয় দিনা ঋষভ পন্তে ওছমান খাৱাজাৰ কেচটো আয়ত্ব কৰি স্থাপন কৰে এক অনন্য অভিলেখ ৷ পন্তে টেষ্ট ক্ৰিকেটত 150 টা কেচ আয়ত্ব কৰি প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন এম এছ ধোনীৰ সৈতে সমতা অৰ্জন কৰে ।

গাব্বা টেষ্টৰ প্ৰথম দিনটোত বৰষুণে বিধি-পথালি দিয়াৰ পিছত মাত্ৰ 13.2 অভাৰৰ খেলহে অনুষ্ঠিত হৈছিল ৷ মেচখনত সুন্দৰ আৰম্ভণি কৰিছিল ভ্ৰমণকাৰী দল ভাৰতে ৷ দ্বিতীয় দিনাৰ খেলত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ খাৱাজা আৰু নাথান মেকচুইনিৰ উইকেট দখল কৰে ৷ সেই সময়ত দুটা উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল 38 ৰাণ ৷

এই খেলখনৰ 17 নং অভাৰত বুমৰাহে খাৱাজালৈ বুলি থ্ৰ’ কৰা বলটো অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীৰ বেটৰ কাষেৰে পাৰ হৈ পন্তৰ দিশে যায়, যিটো অনায়াসে আয়ত্ব কৰে ভাৰতৰ উইকেটকীপাৰগৰাকীয়ে ৷

পন্তে 41 খন মেচত উইকেটকীপাৰ হিচাপে 135 টা কেচ আয়ত্ব কৰাৰ লগতে 15 টা ষ্টাম্পিং কৰিছে । আনহাতে, ধোনীয়ে 256 টা কেচ আৰু 38 টা ষ্টাম্পিঙকে ধৰি 294 টা উইকেট দখল কৰি ভাৰতীয় উইকেটকীপাৰৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ।

ধোনীৰ পিছত ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ চিয়াইদ কিৰমানিয়ে 198 টা ডিচমিচেলৰ সৈতে তালিকাৰ দ্বিতীয় স্থানত আছে, যাৰ নামত আছে 160 টা কেচ আৰু 38 টা ষ্টাম্পিং । পন্ত এই তালিকাৰ তৃতীয় স্থানত আছে যদিও শীঘ্ৰেই কিৰমানিক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

পন্তৰ পিছত 130 টা ডিচমিচেল (110 টা কেচ আৰু 20 টা ষ্টাম্পিং) আৰু নয়ন মংগিয়াৰ 107 টা ডিচমিচেল (99 টা কেচ আৰু 8 টা ষ্টাম্পিং) ৰ সৈতে শীৰ্ষ পাঁচত অৱস্থান কৰিছে কিৰণ মোৰে ৷

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত ইতিমধ্যে ভাৰত আৰু অষ্ট্ৰেলিয়াই 1-1 ব্যৱধানত অৱস্থান কৰিছে ৷ ব্ৰীছবেনত অনুষ্ঠিত তৃতীয়খন টেষ্টত জয় লাভ কৰাটো দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ’ব ৷ কিয়নো ইয়াৰ ফলাফলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব ৷ এই খেলখনত এতিয়ালৈকে অষ্ট্ৰেলিয়াই 101 অভাৰত 7 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 405 ৰাণ সংগ্ৰহ কৰিছে । শৃংখলাৰ চতুৰ্থখন টেষ্ট 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰীত পৰিণত যশপ্ৰীত বুমৰাহ

ABOUT THE AUTHOR

...view details