কলকাতা:টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়াৰ বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপ সিং । ভাৰতীয় লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালক চেৰ পেলাই তেওঁ এই স্থান অৰ্জন কৰিছে । কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত আৰ্শদীপ সিঙে এই কৃতিত্ব অৰ্জন কৰে ।
আৰ্শদীপ সিঙে আজি মেচখনত প্ৰথমটো উইকেট দখল কৰি টি-২০ত সৰ্বাধিক আন্তৰ্জাতিক উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালৰ (৯৬) অভিলেখ স্পৰ্শ কৰে । ইয়াৰ পাছত দ্বিতীয়টো উইকেট দখল কৰি আৰ্শদীপ ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত হয় ।
ইংলেণ্ডৰ ইনিংছৰ তৃতীয় বলত আৰ্শদীপ সিঙে প্ৰথমটো উইকেট দখল কৰি ফিল ছল্টক শূন্য স্ক’ৰ আউট কৰে । ইয়াৰ পিছতে দ্বিতীয় ইনিংছৰ তৃতীয় অভাৰৰ পঞ্চম বলত ৪ ৰাণৰ ব্যক্তিগত স্ক’ৰত বেন ডাকেটক আউট কৰে । ইয়াৰ লগে লগে আৰ্শদীপে এই ডাঙৰ কৃতিত্ব অৰ্জন কৰে ।
ইংলেণ্ডৰ ইনিংছৰ তৃতীয় বলত শূন্য স্ক’ৰত ফিল ছল্টক আউট কৰি আৰ্শদীপে ২টা উইকেট দখল কৰি এই ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰে । ইয়াৰ পাছত দ্বিতীয় ইনিংছৰ তৃতীয় অভাৰৰ পঞ্চম বলত বেন ডাকেটক ব্যক্তিগতভাৱে ৪ ৰাণৰ স্ক’ৰত আউট কৰে । এইখিনিৰেই আৰ্শদীপে নিজৰ নামত এই ডাঙৰ সাফল্য অৰ্জন কৰিলে।