স্পৰ্টছ ডেস্ক,৩০ জুন :ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰাৰ লগে লগে সামাজিক মাধ্যমত এটা বিষয় যথেষ্ট চৰ্চিত হৈছে । সেয়া হৈছে 'শুভ শনিবাৰ'। শনিবাৰে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে ট্ৰফী তুলি লোৱাৰ লগে লগে ভাৰতৰ বাবে এই 'শনিবাৰ' শুভ বা মংগলময় বুলি বহুতে ধাৰণা কৰিছে । কাৰণ আইচিচিৰ প্ৰতিযোগিতাত ভাৰতে লাভ কৰা ৫ টাৰ ভিতৰত তিনিটা খিতাপে শনিবাৰৰ দিনটোত লাভ কৰিছে ।
ভাৰতে ২০০৭ চনত উদ্বোধনী সংস্কৰণত বিজয়ী হোৱাৰ পিচত দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ লাভ কৰে ভাৰতীয় দলে । জয়ৰ পিচতে তাৰকা বেটছমেন বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাই টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ।
ভাৰতীয় ক্ৰিকেট দলৰ 'শনিবাৰ'ৰ সৈতে এক বিশেষ সম্পৰ্ক আছে । ১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু শেহতীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ শনিবাৰৰ দিনটোতে ভাৰতলৈ আহিছে ।
ভাৰতে ১৯৮৩ চনৰ ২৫ জুনত প্ৰথম বিশ্বকাপৰ ট্ৰফী লাভ কৰিছিল । সেইদিনাও শনিবাৰে আছিল । ভাৰতে খেলখনত আকৰ্ষণীয় ইনিংছ খেলিছিল । ভিভিয়ান ৰিচাৰ্ডছৰ আউট আইকনিক লৰ্ডছত খেলা নিম্ন-স্ক'ৰিং মেচখনৰ টাৰ্ণিং পইণ্ট আছিল । সেইদিনাৰ পৰাই কপিল দেৱ, সুনীল গাভাস্কাৰ, মহিন্দৰ অমৰনাথ, ৰজাৰ বিনি, দিলীপ ভেংচৰকাৰ, ৰবি শাস্ত্ৰী, স্বৰ্গীয় যশপাল শৰ্মা, কীৰ্তি আজাদ, সন্দীপ পাটিল, চৈয়দ কিৰামি, ক্ৰিছ শ্ৰীকান্ত, বলবিন্দৰ সিং সান্ধুকে ধৰি উদীয়মান ক্ৰিকেটাৰসকল নায়ক হৈ পৰিছিল আৰু তাৰ পৰা ভাৰতে কেতিয়াও উভতি চাবলগীয়া হোৱা নাই ।