স্প’ৰ্টছ ডেস্ক:আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা বলত 17 ৰাণ সংগ্ৰহৰ বিশ্ব অভিলেখ আছে মাথো এগৰাকী বেটছমেনৰ নামত । বিশ্বৰ কোনো বেটছমেনে এটা বলত 17 ৰাণ সংগ্ৰহ কৰাৰ কথা ভাবিব নোৱাৰে, কিয়নো ই এক অসম্ভৱ কাম ৷
কিন্তু ভাৰতৰ এগৰাকী বিস্ফোৰক বেটছমেনে এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মা, ক্ৰিছ গেইলৰ দৰে বিস্ফোৰক বেটছমেনেও এটা বলত 17 ৰাণ সংগ্ৰহৰ দৰে কৃতিত্ব আজিলৈকে অৰ্জন কৰিব নোৱাৰিলে ।
কোনগৰাকী বেটছমেনে স্থাপন কৰিছে এই অভিলেখ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা বলত 17 ৰাণ সংগ্ৰহৰ কৃতিত্ব মাত্ৰ এজন বেটছমেনেহে কৰিছে । এই বেটছমেনগৰাকী আন কোনো নহয়, ভাৰতৰ প্ৰাক্তন অ’পেনাৰ তথা বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ ।
2004 চনৰ 13 মাৰ্চত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে এখন এদিনীয়া মেচত পাকিস্তানী বলাৰ ৰাণা নবীদ উল হাছানৰ একক ডেলিভাৰীত ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগে 17 ৰাণ সংগ্ৰহ কৰে । আজিলৈকে বিশ্বৰ কোনো এগৰাকী বেটছমেনে ছেহৱাগৰ নামত থকা এই বিশ্ব অভিলেখ ভংগ কৰিব পৰা নাই ।
ৰোহিত-গেইলৰ দৰে কিংবদন্তিয়ো ভংগ কৰিব নোৱাৰা অভিলেখ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মা, ক্ৰিছ গেইলৰ দৰে বিস্ফোৰক বেটছমেনেও এটা বলত 17 ৰাণ সংগ্ৰহৰ কৃতিত্ব অৰ্জন কৰিব নোৱাৰিলে । বীৰেন্দ্ৰ ছেহৱাগৰ কথা ক’বলৈ গ’লে, ক্ৰিকেটাৰগৰাকীৰ বেটিং ষ্টাইল আছিল আনতকৈ সুকীয়া । 2015 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল বীৰেন্দ্ৰ ছেহৱাগে । বীৰেন্দ্ৰ ছেহৱাগৰ দৰে বিস্ফোৰক বেটছমেন এতিয়াও বিচাৰি পোৱা নাই ভাৰতে ।