লখিমপুৰ, ২০ মাৰ্চ: লখিমপুৰ লোকসভা সমষ্টিত আজিও প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই বিৰোধী দল কংগ্রেছে । সেয়েহে উৎকন্ঠা-হতাশাত ভুগিছে দলীয় কৰ্মীসকল। সমগ্ৰ ৰাজ্যত লোকসভা নির্বাচনৰ ধামখুমীয়াৰ মাজতেই বিভিন্ন ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰত ব্ৰতী হৈছে । শাসকীয় বিজেপিয়ে মিত্র দল অগপসহ প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে । পিছে এই ক্ষেত্ৰত প্ৰধান বিৰোধী দল কংগ্রেছে এটা সমষ্টিত আজিও থমকি ৰ'ব লগীয়া হৈছে । কংগ্রেছে ১২ টা সমষ্টিত নিজা প্ৰাৰ্থী দিয়াৰ লগতে ডিব্ৰুগড় সমষ্টিত ঐক্যমঞ্চৰ প্ৰাৰ্থীক এৰি দিছে । কিন্তু ১২ নং লখিমপুৰ লোকসভা সমষ্টিত আজিও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।
লখিমপুৰ লোকসভা সমষ্টিত বিজেপিয়ে প্ৰদান বৰুৱা, তৃণমূল কংগ্রেছে ঘনকান্ত চুতীয়া আৰু এছইউচিআইয়ে পল্লৱ পেগুক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে । ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই । দিল্লীত ইতিমধ্যে দলৰ শীর্ষ নিৰ্বাচনী সমিতিৰ কেইবাখনো সভা অনুষ্ঠিত হৈছে যদিও অসমৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ।