নেশ্যনেল ডেস্ক, 23 মে’:বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে কেতবোৰ বিস্ফোৰক তথ্য ৷ সাংসদগৰাকীৰ এজন বন্ধুৱে তেওঁক হত্যা কৰিবলৈ প্ৰায় ৫ কোটি টকা ব্যয় কৰিছিল ৷ বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷
বিগত ১৩ মে’ৰ পৰা কলকাতাত নিৰুদ্দেশ হোৱা অনাৰৰ মৃতদেহ বুধবাৰে পুৱা নিউ টাউনৰ এটা ফ্লেটত উদ্ধাৰ হৈছিল ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল তিনিজন লোকক ৷ বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে প্ৰকাশ কৰিছিল এই কথা ।
লগতে পঢ়ক:ভাৰতত চিকিৎসা কৰাবলৈ আহি সন্ধানহীন বাংলাদেশী সাংসদ; পাঁচদিনে নাই সন্ধান - Bangladesh MP Anwarul Azim
উল্লেখ্য যে, পশ্চিমবংগ আৰক্ষীয়ে এই গোচৰৰ তদন্ত ৰাজ্যৰ চি আই ডিৰ হাতত অৰ্পণ কৰা বুলি সদৰী কৰিছিল ৷ এই হত্যাকাণ্ডটো সু-পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
সাংসদগৰাকীৰ হত্যাৰ বিনিময়ত অপৰাধীক প্ৰায় ৫ কোটি টকা দিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷ যি কাম কৰিছিল সাংসদগৰাকীৰে এগৰাকী বন্ধুই ৷ আৱামি লীগৰ সাংসদগৰাকীৰ বন্ধু বৰ্তমান আমেৰিকাৰ নাগৰিক আৰু তেওঁৰ কলকাতাত এটা ফ্লেট থকা বুলি জানিব পৰা গৈছে ৷