গুৱাহাটী, 11 ফেব্ৰুৱাৰী : "পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হ'ব ৷ আমাৰ দেশৰ আদৰ্শবাদী-সুযোগ্য-বলিষ্ঠ নেতা তথা বিশ্বৰ সবাতোকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ৷" এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দেওবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত ভাগ লোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক পাঁচবছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষই বিশ্বৰ তিনিখন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰৰ ভিতৰত এখন হিচাপে খ্যাতি লাভ কৰিব ৷ এইখন চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত অগ্ৰগতি হোৱাতো সকলোৱে দেখিছে বুলি তেওঁ কয় ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে যি নিৰ্দেশ দিব সেই নিৰ্দেশেই তেওঁ নিষ্ঠা সহকাৰে পালন কৰিব ৷
ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ জ্যোতিকুছিস্থিত 22 নং ৱাৰ্ডৰ 203 নং বুথত স্থানীয় ৰাইজৰ সৈতে "আকৌ এবাৰ মোদী চৰকাৰ" অভিযানত অংশগ্ৰহণ কৰাৰ লগতে এখন জনসভা সম্বোধন কৰে ৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 10 বছৰ হৈছে দেশৰ বাবে সোণালী সময় ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত দেশৰ শাসনভাৰ লোৱাৰ পৰাই দেশৰ বুকুত উন্নয়নৰ এক নৱজাগৰণৰ সূচনা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত ভাৰতবৰ্ষত সুশাসন, সমতা আৰু সমন্বয়ৰ এক নতুন যুগৰ সৃষ্টি হৈছে, য'ত সৰ্বস্তৰৰ লোকেই সম-মর্যাদা আৰু সম-বিকাশৰ সাক্ষী হৈছে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষক, যুৱপ্ৰজন্ম, মহিলা শক্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী সকলোৰে আশা-আকাংক্ষা পূৰণ হৈছে ৷