ETV Bharat / politics

ভয়-ভাবুকিৰে ৰাইজৰ সিদ্ধান্তক পৰিৱৰ্তন কৰিব বিচাৰিছে কোনে ? ভূপেন বৰাৰ ব্যাখ্যা

Bhupen Bora Slams BJP: ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিলে শিলগুটি, লাঠি, জোং কিয় লাগে । চামগুৰিৰ প্ৰাক নিৰ্বাচনী হিংসা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Bhupen Bora Slams BJP
চামগুৰিৰ ঘটনাত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ (ETV Bharat Assam)

গুৱাহাটী, ১৬ অক্টোবৰ : "কোনো ৰাজনৈতিক নেতাৰ কেৰিয়াৰ আন এজন ৰাজনৈতিক নেতাই বনাবও নোৱাৰে আৰু শেষ কৰিবও নোৱাৰে । ৰাজনৈতিক নেতা এজনৰ বাবে আৰু ৰাজনৈতিক দল এটাৰ বাবে ভাগ্যবিধাতা হৈছে ৰাইজ । বিচাৰ ৰাইজৰ ওপৰত এৰি দিয়ক ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

চামগুৰিত ৰকিবুল হুছেইনৰ পুত্রক পৰাজিত কৰাৰ বাবে বিজেপি আৰু এ আই ইউ ডি এফ উঠি-পৰি লগা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই । সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "ৰাইজৰ ওপৰত যদি আস্থা আৰু বিশ্বাস আছে তেন্তে শিলগুটি, লাঠি, জোং কিয় লাগে ? গণতান্ত্রিক প্ৰমূল্য আৰু প্ৰক্ৰিয়াটোক শাসকীয় দলটোৱে কিয় ভেঙুচালি কৰিছে । তাৰমানে তেওঁলোকে ভয় খাইছে । তেওঁলোকৰ ৰাইজৰ সিদ্ধান্তৰ প্ৰতি আস্থা নাই । নহ'লে তেওঁলোকে ৰাইজৰ সিদ্ধান্তক ভয়-ভাবুকিৰে পৰিৱৰ্তন কৰিব বিচাৰিছে । যিটো অসমত কেতিয়াও সম্ভৱ নহয় ।"

"এতিয়া শিলগুটি মাৰিছে যদিও এসময়ত বহু কংগ্ৰেছীক গুলীয়াই মাৰিছিল । বিজেপিৰ পৰা আমি এনেকুৱা আশা নকৰাকৈ থকা নাই । পাঁচটাকৈ হত্যাকাণ্ডত অভিযুক্ত মানুহ এতিয়া বিজেপিৰ নেতা হৈ কাউন্সিলৰ চীফ হৈ আছে । এনেধৰণৰ মানুহৰ হাতত শাসন ক্ষমতা থাকিলে আইন-শৃংখলা এনেদৰে হাতত লোৱাৰ অতপালি থাকিব । আমি ভয় খোৱা নাই আৰু বিচলিত হোৱাও নাই," তেওঁ লগতে কয় ৷

উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাই কয়, "শাসকীয় পক্ষই দা-লাঠি লৈ নামি গৈছে । শাসকীয় দলৰ কুচকাৱাজ আমি কালি দেখিছোঁ । আমি সেইবিলাক কথা লৈ নিৰ্বাচন নেখেলোঁ । আমাৰ বিৰোধী সত্তাটোৰ মূল উদ্দেশ্য হৈছে যে যোৱা আঠ বছৰীয়া বিজেপিৰ শাসনকালত বিজেপিৰ ভিজন ডকুমেণ্টৰ কোনখিনি কৰিলে আৰু কোনখিনি পাহৰাবলৈ চেষ্টা কৰিছে তাৰ আলোচনা কৰিম । নিবনুৱা সমস্যাৰ কথা উপ-নিৰ্বাচনত ৰাইজৰ আগত মুকলিকৈ আলোচনা হ'ব । বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত আলোচনা কৰা হ'ব ।"

বিজেপি চৰকাৰৰ ঋণৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয়, "স্বাধীনতাৰ পৰা ২০১৬ চনলৈকে ৰাজ্য চৰকাৰৰ ধাৰ আছিল ৪২ হাজাৰ কোটি টকা । বিজেপিৰ আঠ বছৰত ধাৰ হৈছে ১ লাখ ১০ হাজাৰ কোটি টকা । ৬৬ হাজাৰ কোটি টকা ধাৰ লৈছে সোণোৱাল চৰকাৰে আৰু ৪৪ হাজাৰ কোটি টকা ধাৰ লৈছে শৰ্মা চৰকাৰে । হিতাধিকাৰীক পইচা দিবলৈ ধাৰ লৈ আছে । গতিকে আমি অসমীয়া ৰাইজে বিজেপিক এটা শিক্ষা দিয়াৰ প্ৰয়োজন আছেনে নাই সেইটো ৰাইজে বিচাৰ কৰিব ।"

লগতে পঢ়ক :অপৰাধত জড়িত প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বত কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ: নুৰুল হুদা
লগতে পঢ়ক :চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.