ETV Bharat / state

সংবাদ সংগ্ৰহৰ সময়তেই আৰক্ষীৰ কন্দুৱা গেছত অসুস্থ সাংবাদিক; ন্য়ায় বিচাৰি প্ৰতিবাদ - GUWAHATI PRESS CLUB PROTEST

সাংবাদিকৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰহণ কৰা হয় এক প্রতিবাদী কাৰ্যসূচী । সাংবাদিক নিৰ্যাতন বন্ধৰ দাবীত প্ৰতিবাদত সাব্যস্ত কৰে সাংবাদকৰ্মীসকলে ।

Protest at Guwahati Press Club demanding justice and safety of journalists
সাংবাদিকৰ ন্যায়ৰ তথা সুৰক্ষা বিচাৰি প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী: বুধবাৰে কংগ্ৰেছৰ কেইবাটাও দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীক ৰাজভৱনলৈ যোৱা পথছোৱাত সৃষ্টি হয় এক যুদ্ধসদৃশ পৰিস্থিতিৰ । প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকে ভাষ্যগ্ৰহণ কৰি থকা অৱস্থাত কোনো ধৰণৰ জাননী নিদিয়াকৈ নিক্ষেপ কৰে কন্দুৱা গেছ । কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদকাৰীকে ধৰি অসুস্থ হৈ পৰে কেইবাগৰাকীও সাংবাদিক ।

কৰ্তব্যৰত আমাৰ সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কোন জাননী নিদিয়াকৈ কন্দুৱা গেছ প্ৰয়োগ কৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সকলো সংবাদকৰ্মী । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক নিৰ্যাতন বন্ধৰ দাবীত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদত সাব্যস্ত কৰে সাংবাদকৰ্মীসকল ।

সাংবাদিকৰ ন্যায়ৰ তথা সুৰক্ষা বিচাৰি প্ৰতিবাদ (ETV Bharat Assam)

উক্ত প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভানেত্ৰী সুস্মিতা গোস্বামীয়ে কয়,"কালিৰ ঘটনাটোয়ে প্ৰথম ঘটনা নহয়, বিভিন্ন সময়ত সাংবাদকৰ্মী আক্ৰমণৰ বলি হ'বলগীয়া হৈছে । এইয়া কেতিয়াও গ্রহণযোগ্য নহয় ।" লগতে আইনগতভাৱে সাংবাদকৰ্মীসকলৰ সুৰক্ষাৰ দাবী জনায় সভানেত্ৰীগৰাকীয়ে ।

ইফালে বুধবাৰৰ এই সমগ্ৰ ঘটনাটোৰ ভুক্তভোগী জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কয়, "সাংবাদিক হিচাপে এনেধৰণৰ ভিন্ন আমি বাতৰি সংগ্ৰহ কৰোঁ । এনেধৰণৰ বাতৰি এটা সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকসকলে জানে যে তাত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে । গণতান্ত্ৰিক আন্দোলন এটা হিংসাত্মক দিশলৈ গতি কৰিলে আৰক্ষীয়ে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে ।"

তেওঁ লগতে কয়, "কিন্তু কালিৰ দিনটো যেতিয়া আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী ভাষ্যগ্ৰহণ কৰি আছিলোঁ তেতিয়া কন্দুৱা গেছৰ এটা চেল ৰোলিং কৰি আমাৰ মাজলৈ পঠিয়াই দিয়া হৈছিল । এইকথাই আমাক আচলতে আচৰিত কৰিছে । কাৰণ কেতিয়াবা যদি এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত কন্দুৱা গেছ, ৰবৰ বুলেট, বা পানী কামাণ্ড ব্যৱহাৰ কৰা হয় সেয়া য'ত উন্মুক্ত প্ৰতিবাদ কাৰী থাকে তাতহে নিক্ষেপ কৰা হয় । যত সাংবাদিকৰ দল থাকে তালৈ নিক্ষেপ কৰা নহয় । কালিৰ ঘটনাই আচৰিত কৰিছে, যদিহে সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰিবলৈ পৰিকল্পিতভাৱে এইয়া কৰিছে তেন্তে সেয়া সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা ।"

এনেদৰে সাংবাদিকৰ ন্যায়ৰ লগতে সুৰক্ষা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বিষয়ববীয়াসকলৰ লগতে জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞাই ।

লগতে পঢ়ক: সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত যোৰহাটত প্ৰতিবাদ - JORHAT PRESS CLUB PROTEST

সষ্টম আৰক্ষী ! দিছপুৰৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক - SECTION 163 IMPOSED IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.