ETV Bharat / state

কন্দুৱা গেছত কৰ’বাত মানুহ মৰাৰ কথা কেতিয়াও শুনা নাই মন্ত্ৰী অতুল বৰাই - ATUL BORA ON TEAR GAS

কন্দুৱা গেছত যে মানুহ নমৰে তাকে পতিয়ন নিয়াবলৈ ছবছৰীয়া অসম আন্দোলনৰ অভিজ্ঞতাৰে মন্ত্ৰী অতুল বৰাই কৰিলে বিস্ফোৰক মন্তব্য ৷

ATUL BORA ON TEAR GAS
মন্ত্ৰী অতুল বৰা (Atul Borah FB Page)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 10:35 PM IST

গুৱাহাটী: দিছপুৰত এজন কন্দুৱা গেছৰ বিশেষজ্ঞ ৰাজনীতিকৰ আবিৰ্ভাৱ ঘটিছে । কন্দুৱা গেছক লৈ তেওঁৰ আছে বহুত অভিজ্ঞতা ৷ নিজকে দাবী কৰিছে অভিজ্ঞতাপুষ্ট বুলি । তেওঁ আন কোনো নহয়, বিশেষজ্ঞজন হ’ল বিজেপিৰ মিত্ৰ দল অগপৰ সভাপতি তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অংশীদাৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ।

যোৱা বৃহস্পতিবাৰে ৰাজভৱনত কন্দুৱা গেছ নিক্ষেপৰ পিছতে চিকিৎসালয়ত মৃত ঘোষিত কংগ্ৰেছ কৰ্মী অধিবক্তা মৃদুল ইছলামৰ কৰুণ মৃত্যু প্ৰসংগত মন্ত্ৰী অতুল বৰাৰ মন্তব্য । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কন্দুৱা গেছক লৈ দিলে সাংঘাতিক যুক্তি ৷ বৰাৰ মন্তব্য ‘‘অসম আন্দোলনত বহুবাৰ কন্দুৱা গেছৰ সন্মুখীন হৈছো ৷ কন্দুৱা গেছত কোনো মানুহ মৰা বুলিতো ক’তো শুনা নাই ।’’

মন্ত্ৰী অতুল বৰা (ETV Bharat)

“মইতো ক’তো শুনা নাই যে কন্দুৱা গেছত মানুহ মৰিছে ৷ মানুহ মৰাৰ ব্যৱস্থাটো কেতিয়াও কন্দুৱা গেছ নহয় । চৰকাৰে কেতিয়াও উদ্দেশ্য প্ৰণোদিতভাৱে এনে নকৰে । কাৰোবাক মাৰি, হত্যা কৰি, বশ কৰি চৰকাৰ ক্ষমতাত থাকিব তেনে উদ্দেশ্য আমাৰ নাই ।” কন্দুৱা গেছক লৈ মন্তব্য অগপ মন্ত্ৰী অতুল বৰাৰ ।

কন্দুৱা গেছত যে মানুহ নমৰে তাকে পতিয়ন নিয়াবলৈ ছবছৰীয়া অসম আন্দোলনৰ অভিজ্ঞতাৰে মন্ত্ৰীগৰাকীয়ে ক’লে কন্দুৱা গেছৰ কথা ৷ “অসম আন্দোলনৰ অভিজ্ঞতাৰে কওঁ, তেতিয়া আমিও অংশগ্ৰহণ কৰিছিলো । আমি মহাবিদ্যালয়ৰ ছাত্ৰ আছিলো প্ৰথমাৱস্থাত । তেতিয়া বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰোতে কেইবাঠাইতো আন্দোলনত কন্দুৱা গেছৰ সন্মুখীন হৈছিলো । তেতিয়া মইতো শুনা নাই যে কন্দুৱা গেছত মানুহৰ মৃত্যু ঘটিছে ।”

কন্দুৱা গেছ কিয় ব্যহাৰ কৰে তাৰো ব্যাখ্যা আগবঢ়ালে অতুল বৰাই, “কন্দুৱা গেছেৰে কি কৰে ? সাধাৰণতে আইন-শৃংখলা ৰক্ষাৰ বাবে, ছত্ৰভংগ দিয়াবৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে । যিকোনো মৃত্যুৱেই আমাৰ বাবে বেদনাদায়ক । মৃত্যু কাৰোৰে কাম্য নহয় ।”

আনহাতে, মৃত কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ পোষ্ট মৰ্টেম ৰিপ’ৰ্টলৈ অপেক্ষা কৰাৰ আহ্বান অতুল বৰাৰ । পোষ্টমৰ্টেমত প্ৰকৃত কথা ওলাই পৰিব বুলি মন্তব্য কৰি বৰাই ক’লে এইদৰে, “আমাৰ চৰকাৰৰ বেছিভাগেই আন্দোলনৰ অভিজ্ঞতাৰে পুষ্ট । গতিকে আমাৰ চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে কাকো নামাৰে ৷ যিহেতু ঘটনা এটা ঘটিছে ৷ এজনৰ মৃত্যু ঘটিছে ৷ পোষ্টমৰ্টেম হ’ব, কথাখিনি ওলাই পৰিব । কিন্তু ১৯৭৯ৰ পৰা ১৯৮৫ লৈ কোনো মানুহ মই কন্দুৱা গেছত মৰা শুনা নাই ৷” লগতে ক’লে মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ

কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.