ETV Bharat / state

খোল-তাল-শংখৰ ধ্বনিৰ মাজত মহাকুম্ভ মেলাত গুৰুজনাৰ আসন প্ৰতিষ্ঠা - NAMGHAR AT MAHA KUMBH

প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত প্ৰদৰ্শন হৈছে অসমৰ সত্ৰীয়া সংস্কৃতি । ভকত-বৈষ্ণবৰ নাম প্ৰসংগ, তাল-খোল-দবা আৰু শংখৰ ধ্বনিৰে গংগাৰ পাৰত গুৰু আসন প্ৰতিষ্ঠা ৷

NAMGHAR AT MAHA KUMBH
মহাকুম্ভ মেলাত গুৰু আসন প্ৰতিষ্ঠা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 4:15 PM IST

মাজুলী : তাল-খোল-দবা আৰু শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গংগাৰ পাৰ । মহাকুম্ভৰ পৱিত্ৰ স্নানত অংশগ্ৰহণ কৰা কোটিৰো অধিক সাধু-সন্ত তথা ভক্তই শুনিবলৈ পাইছে এই ধ্বনি । মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰি মাজুলীৰ ভকত-বৈষ্ণৱে নিজৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ পিচতেই ইয়াত প্ৰতিষ্ঠা কৰা নামঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰ ৷ এই নামঘৰত ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতিৰ লগতে অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ ৷

মহাকুম্ভ মেলাত গুৰু আসন প্ৰতিষ্ঠা (ETV Bharat Assam)

প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত প্ৰদৰ্শন হৈছে অসমৰ সত্ৰীয়া সংস্কৃতি । মহাকুম্ভ মেলাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ সমন্বিতে বৈষ্ণবৰ দল ইতিমধ্যে উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান । যোৱা ১৭ জানুৱাৰী শুক্ৰবাৰে মাজুলীৰ পৰা কুম্ভমেলা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী সহিতে ত্ৰিশজনীয়া ভকত-বৈষ্ণবৰ দল । সোমবাৰে নিশা ৮:৩০ বজাত মহাকুম্ভ মেলাত দলটো উপস্থিত হয় ।

প্ৰয়াগৰাজত ইতিমধ্যে সুন্দৰকৈ সজাই তোলা হৈছে প্ৰাগজ্যোতিষ ক্ষেত্ৰ । নিৰ্মাণ কৰা হৈছে নামঘৰ । আজি গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত স্থাপন কৰি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয়, "আজি পুৱাই গুৰু আসন প্ৰতিষ্ঠাৰ কাম সুকলমে সম্পন্ন হয় । প্ৰাতঃ প্ৰসংগৰ পিচতেই আৰম্ভ হৈছে নাম প্ৰসংগ ।"

ভকত-বৈষ্ণবৰ নাম প্ৰসংগ, গায়ন-বায়ন, খোল-তালৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ । মাজুলীৰ মুখা শিল্পকে ধৰি সত্ৰীয়া সংস্কৃতিৰে মহাকুম্ভ মেলাত জিলিকি উঠিছে প্ৰাগজ্যোতিষ ক্ষেত্ৰ । এক কথাত ক’বলৈ গ’লে খোল-তাল-দবা-শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গংগাৰ পাৰ ।

লগতে পঢ়ক:মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি - NAMGHAR AT MAHA KUMBH

মাজুলীৰ পৰা ভাগৱত লৈ মহাকুম্ভমেলালৈ যাত্ৰা বৈষ্ণৱ দলৰ - MAHA KUMBH MELA

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.