ETV Bharat / entertainment

ৰূপালী পৰ্দাত স্বচক্ষে দেখিবলৈ পাব নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰভাৱ - ASSAMESE MOVIE BASED ON ULFA

ইন্দ্ৰধনু ক্ৰিয়েশ্যনৰ বেনাৰত ফেব্ৰুৱাৰী মাহত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘দ্য মিৰাজ’ । ছবিখনৰ পৰিচালনা বিকাশ মুছাহাৰীৰ ।

new assamese film on Banned militant groups titled the mirage gets its release date
নতুন অসমীয়া ছবি ‘দ্য মিৰাজ’ (Photo : ETV bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 21, 2025, 3:40 PM IST

গুৱাহাটী : সাজু হওক আগন্তুক ফেব্ৰুৱাৰীৰ বাবে ৷ ছবিগৃহলৈ আহি আছে এখন নতুন ছবি ৷ নাম ‘দ্য মিৰাজ, অবাস্তৱ সংগ্ৰামৰ সাৰাংশ’। উক্ত ছবিখনত দৰ্শকে দেখিবলৈ পাব এক সংবেদনশীল বিষয়বস্তু ৷ সাম্প্ৰতিক সময়ত আলফা তথা আন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে অসমৰ সম্পৰ্ক ছবিখনত দেখুৱাবলৈ চেষ্টা কৰিছে নিৰ্মাতাই ৷ এই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহৰ যুৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱ কেনেকুৱা সেই বিষয়েও ছবিখনৰ জৰিয়তে দৰ্শকৰ ওচৰলৈ যাবলৈ চেষ্টা চলাইছে টীমটোৱে ৷

অহা ২১ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব নতুন অসমীয়া ছবিখনে । Bi.Mo. ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে সুৰবালা দেৱীয়ে আৰু পৰিচালনা কৰিছে বিকাশ মুছাহাৰীয়ে । উল্লেখ্য যে, বিকাশ মুছাহাৰীয়ে পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি । ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনামিকা বৰুৱাৰ ।

শেহতীয়াকৈ এখন পোষ্টাৰৰ জৰিয়তে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে ছবিখনত একাংশ যুৱপ্ৰজন্মৰ স্বাধীনতাৰ সংজ্ঞা দাঙি ধৰাৰ চেষ্টা চলাইছে । অসমী আইক লৈ থকা অপাৰ শ্ৰদ্ধাৰ ফলত যেতিয়া যুৱপ্ৰজন্মৰ একাংশই বিপথে খোজ দিয়ে তেতিয়া কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, সেই কথাৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ‘দ্য মিৰাজ’ ।

ডিমা হাচাওৰ কেপিল গাঁও, গড়ভাঙা ৰিজাৰ্ভ চেণ্টাৰকে আদি কৰি গুৱাহাটীৰ আন বিভিন্ন ভিতৰুৱা অঞ্চলত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ইফালে ‘দ্য মিৰাজ’ ছবিখনৰ চিত্ৰনাট্য বিকাশ আৰু ৰাজকিশোৰৰ । ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, নৱজিৎ কোঁৱৰ, অভিজিত চুতীয়া, প্ৰশান্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, জলী লস্কৰ, প্ৰিয়ংকা পঞ্চী দাস, ইষান হাজৰিকা, জিন্টু কুমাৰ কাশ্যপ, অংকিতা বৰুৱা, জিন্টু কলিতা, ৰবীন হালৈ, জ' মাচ', অনন্ত বৰা, ৰিপম ভৰদ্বাজ, ধ্ৰুৱ পল দত্ত আৰু হিমাংশু শৰ্মা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ আৱহ সংগীত কৰিছে মনদ্বীপ মহন্তই । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলীসকল তথা পৰিচালক ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলিকিব ‘তাৰিখ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.