ETV Bharat / state

জেহাদীৰ বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে অপাৰেচন প্ৰঘাত; দেশৰ তিনি স্থানৰ পৰা গ্ৰেপ্তাৰ ৮ টাকৈ জেহাদী - JIHADI ARRESTED

মৌলবাদী সংগঠনে বাংলাদেশৰ পৰা শ্লিপাৰ চেল গঠনৰ বাবে ভাৰতলৈ পঠাইছিল জেহাদী ৷ অসম, কেৰালা আৰু পশ্চিমবংগত নেটৱৰ্ক গঢ়াত নামি পৰা ৮ টাকৈ জেহাদী গ্ৰেপ্তাৰ ৷

JIHADI ARRESTED
জেহাদীৰ বৃহৎ নেটৱৰ্ক উৎখাত অসম আৰক্ষীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 9:44 PM IST

গুৱাহাটী: অসম আৰক্ষীয়ে উৎখাত কৰিলে জেহাদীৰ এক বৃহৎ নেটৱৰ্ক । সমগ্ৰ দেশতে জাল বিয়পাবলৈ চেষ্টা কৰা ৮ টাকৈ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ । ওলাইছে বাংলাদেশীৰ লিংকো । গ্ৰেপ্তাৰ হ’ল বাংলাদেশী জেহাদীও । অসম আৰক্ষীৰ বিশেষ দলে শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত ৮ টাকৈ জেহাদী গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সমগ্ৰ দেশতে জেহাদীয়ে নিজৰ বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰাৰ বিস্ফোৰক তথ্য বহন কৰিছে ।

বৃহস্পতিবাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু IGP পাৰ্থসাৰথি মহন্তই গুৱাহাটীত সংবাদমেলযোগে সদৰী কৰে এই ৮ টাকৈ জেহাদীক গ্ৰেপ্তাৰ আৰু জেহাদীয়ে দেশজুৰি নেটৱৰ্ক স্থাপনৰ চেষ্টা চলোৱাৰ প্ৰসংগত বহুকেইটা বিস্ফোৰক তথ্য ।

জেহাদীৰ বৃহৎ নেটৱৰ্ক উৎখাত অসম আৰক্ষীৰ (ETV Bharat)

জেহাদীৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বিভিন্ন ঠাইত প্ৰায় একেলগে অসম আৰক্ষীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান । অসমৰ লগতে পশ্চিম বংগ আৰু কেৰালাত অসম আৰক্ষীৰ STF এ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৮ টাকৈ জেহাদী ৷

“সমগ্ৰ দেশতে পোন প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ STF এ জেহাদীৰ বিৰুদ্ধে 'অপাৰেচন প্ৰঘাত’ নামৰ এক অভিযান চলাই ৮ টাকৈ জেহাদী গ্ৰেপ্তাৰ কৰিছে ৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত প্ৰথমে বহুদিন পুংখানুপুংখ বিশ্লেষণ কৰা হয় । তাৰ পিছতেই অসম, কেৰালা আৰু পশ্চিমবংগ আৰক্ষীৰ সহায়ত এই জেহাদীসকল ধৰা পৰিছে ।” এই তথ্য সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে ৷

গ্ৰেপ্তাৰ হোৱা এই জেহাদীকেইটাৰ বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে লিংক বিচাৰি পাইছে অসম আৰক্ষীৰ STF এ । সংবাদমেলত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, “যোৱা নৱেম্বৰত মাহত বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুলাহ বাংলা টীম’ৰ(ABT) জাছিমুদ্দিন ৰেহমানী নামৰ মূৰব্বী নেতাজনে বাংলাদেশৰ ৰাজশ্বাহীৰ নাগৰিক ফাৰহান ইশৰাক ওৰফে মহম্মদ ছাদ ৰাদি ওৰফে মহম্মদ শ্বাব শ্বেইখ নামৰ এটা জেহাদী সদস্যক ভাৰতলৈ পঠিয়াইছিল ৷ বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ AQIS (AL-Qaida Indian Subcontinent) ৰ এটা শাখা এই 'আনচাৰুলাহ বাংলা টীম' (ABT) ৷ অসমত ইয়াৰ আগতেও আনচাৰুলাহ বাংলা টীমৰ সদস্য ধৰা পৰিছে । ভাৰতত শ্লিপাৰ চেল তৈয়াৰ কৰিবলৈ মহম্মদ ছাদ ৰাদিক পঠিয়াইছিল সংগঠনটোৱে ৷”

“মহম্মদ ছাদ ৰাদিক শ্লিপাৰ চেল তৈয়াৰ কৰিবলৈ পঠিওৱাৰ উদ্দেশ্য আছিল মানুহ সংগঠিত কৰি এটা সাংগঠনিক নেটৱৰ্ক গঢ়ি তুলি ভাৰতত ধৰ্মীয় অসহিষ্ণুতা আৰু হিংসা-বিদ্বেষ সৃষ্টি কৰা ।” জেহাদীৰ উদ্দেশ্যৰ প্ৰসংগটো এইদৰে স্পষ্ট কৰি দিয়ে অসম আৰক্ষীয়ে ।

উল্লেখ্য যে ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত বাংলাদেশৰ মৌলবাদী সংগঠন এই আনচাৰুলাহ বাংলাৰ মুৰব্বী জছিমুদ্দিন ৰেহমানীক শ্বেখ হাছিনা চৰকাৰে বন্দী কৰি ৰাখিছিল । হাছিনা চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছ চৰকাৰে জেলৰ পৰা জছিমুদ্দিন ৰেহমানীক মুকলি কৰি দিয়ে । ভাৰতৰ বাবে জছিমুদ্দিনৰ মুক্তি এক উদ্বেগৰ বিষয় ৰূপে পৰিগণিত হৈছিল ।

কিদৰে আগবাঢ়িছিল অসম আৰক্ষী ?

ওপৰৰ খবৰৰ ভিত্তিতে তদন্ত কৰি অসম আৰক্ষীৰ STF পি এছ ২১/২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । সেই গোচৰৰ আধাৰতে ভাৰতত বিভিন্ন ঠাইলৈ অসম আৰক্ষীৰ দল পঠিওৱা হয় । কেৰালা আৰু পশ্চিমবংগ আৰক্ষীৰ সহায়ত তাত জেহাদী ধৰা পৰে বুলি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

“১৭ আৰু ১৮ ডিচেম্বৰৰ নিশা কেৰালা, পশ্চিমবংগ আৰু অসমত একেলগে এছটিএফে তিনি ঠাইত একেসময়তে অভিযান চলাই আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী হ’ল- বাংলাদেশী নাগৰিক মহম্মদ ছাদ ৰাদি, পশ্চিমবংগৰ মিনাৰুল শ্বেইখ আৰু আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল,আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামূল হক । ” অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে উল্লেখ কৰে ।

উল্লেখ্য যে এছটিএফে বাংলাদেশৰ পৰা মহম্মদ ছাদ ৰাদি ভাৰতত প্ৰৱেশ কৰি প্ৰথমে পশ্চিমবংগত আশ্ৰয় লোৱাৰ তথ্য লাভ কৰিছিল । পিছত স্থান সলনি কৰাত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ছাদ ৰাদি ওৰফে শ্বাব শ্বেইখক । আনহাতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰা মিনাৰুল শ্বেইখ নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে ৷ লগতে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰাই আব্বাছ আলী নামৰ আনটো জেহাদীক গ্ৰেপ্তাৰ কৰা হয় ।

অসমৰ কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নুৰ ইছলাম মণ্ডল,আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান আৰু হামিদুল ইছলাম নামৰ চাৰিজনক । ইফালে ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ইনামুল শ্বেখ নামৰ আন এটা জেহাদীক ।

কি ব্লু প্ৰিণ্ট আছিল গ্ৰেপ্তাৰ হোৱা জেহাদীৰ ?

অসম আৰক্ষীয়ে জনোৱা অনুসৰি RSS আৰু হিন্দু সংগঠনৰ লোক টাৰ্গেটত আছিল গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ ৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া দুজনে জনোৱা অনুসৰি, এই আটাইকেইটা জেহাদীৰ পৰা ভালেমান আপত্তিজনক তথ্য লাভ কৰিছে আৰক্ষীয়ে । অসম আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে যে আটাইকেইজনৰ মোবাইল ফোনত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য লাভ কৰা হৈছে । মূলতঃ এই সকলে সমগ্ৰ দেশতে শ্লিপাৰ চেল গঢ়ি তোলাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল । যিটো উৎখাত কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে ।

গোপন এপচযোগে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ বাবে কৰিছিল আলোচনা:

ইয়াৰ উপৰিও পাকিস্তান-বাংলাদেশৰ লগতো এই গ্ৰেপ্তাৰ কৰা জেহাদী কেইজনে সঘন যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ গোপন এপচৰ জৰিয়তে কথোপকথন কৰিছিল আটাইকেইটা সদস্যই । তেওঁলোকৰ পৰা ৪টা পেনড্ৰাইভ-হাৰ্ডডিস্ক জব্দ কৰিছে আৰক্ষীয়ে । এতিয়া আৰক্ষীৰ তদন্ত আৰু বিশ্লেষণৰ পিছতহে উদ্ধাৰ হ’ব সবিশেষ । লগতে, বহু কেইখন ধৰ্মীয় গ্ৰন্থ লাভ কৰিছে আৰক্ষীয়ে ৷

কূটাঘাত সংঘটিত কৰিবৰ বাবে হাতলৈ অস্ত্ৰ-শস্ত্ৰ কিদৰে আনিব পাৰি সেই বিষয়টো লৈয়ো বিশেষ এপযোগে আলোচনাত বহিছিল জেহাদী কেইটা । মনকৰিবলগীয়া যে বিশেষকৈ দুটা মাহৰ ভিতৰতেই পশ্চিমবংগ আৰু অসমত জেহাদীৰ নেটৱৰ্ক বিয়পি পৰিছিল ৷ এই নেটৱৰ্ক শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ জড়িয়তে উৎখাত কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ।

লগতে পঢ়ক: জেহাদী সন্দেহত কোকৰাঝাৰ-ধুবুৰীত গ্ৰেপ্তাৰ ৯

অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বাংলাদেশীক কেৰালাত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.