ETV Bharat / politics

উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ বাবে সাজু কংগ্ৰেছ

Congress Candidates for Bypoll: পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ এতিয়া উৎসুকতা বৃদ্ধি পাইছে । অহা 19 অক্টোবৰত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ সম্ভাৱনা ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Congress Candidates for Bypoll
পাঁচটা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ বাবে সাজু কংগ্ৰেছ (ETV Bharat Assam)

গুৱাহাটী, 17 অক্টোবৰ : ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নবেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগা উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে প্ৰস্তুত কৰিছে সম্ভাৱ্য প্রার্থী তালিকা ।

শাসকীয় দল বিজেপিয়ে বিহালী, ধলাই আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্রদল অগপক বঙাইগাঁও আৰু ইউ পি পি এলক চিদলী সমষ্টি এৰি দিছে । শাসকীয় দলে ইতিমধ্যে পৰিকল্পিত ৰণকৌশলেৰে উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে ।

ইফালে বিৰোধী শিবিৰো উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে যদিও বহু বিষয় স্পষ্ট হোৱা নাই । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহ একত্রিত হৈ গঠন কৰিছিল বিৰোধী ঐক্যমঞ্চ । শেহতীয়াকৈ বিৰোধী ঐক্যমঞ্চৰ নাম সলনি কৰি অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' কৰা হয় ।

'অসম'ৰ তৰফৰ পৰা কংগ্ৰেছে উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ বাবে সাজু হৈছে । অৱশ্যে উপ-নিৰ্বাচন সন্দৰ্ভত অসম সন্মিলিত মৰ্চাৰ চূড়ান্ত আলোচনা এতিয়াও হোৱা নাই ।

১৯ অক্টোবৰত ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী : ভূপেন বৰা

পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "উপ-নিৰ্বাচনকেন্দ্ৰিক আমাৰ পাঁচখন কমিটীয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে । ১৮ অক্টোবৰত দিনৰ ১২ বজাৰ পৰা ৰাজীৱ ভৱনত জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আমাৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব । আনহাতে, পাছবেলা আমাৰ বিৰোধীৰ 'অসম সন্মিলিত মৰ্চা'ৰ সৈতে জিতেন্দ্ৰ সিঙে আলোচনাত মিলিত হ'ব । আমি আশা কৰিছোঁ যে ১৯ অক্টোবৰৰ সন্ধিয়ালৈকে এ আই চি চিয়ে প্ৰাৰ্থিত্বৰ চূড়ান্ত সিদ্ধান্ত ল'ব । ১৮ অক্টোবৰতে আমি আমাৰ প্ৰতিবেদন জিতেন্দ্ৰ সিঙৰ হাতত অৰ্পণ কৰিম । ১৯ অক্টোবৰত আমি প্ৰাৰ্থী ঘোষণা কৰিব পাৰিম বুলি আশা কৰিছোঁ ।"

বিহালী বিধানসভা সমষ্টি

প্রার্থিত্বক লৈ আকর্ষণীয় সমীকৰণে গা কৰি উঠিছে বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত । বিহালী সমষ্টিত বিজেপিয়ে দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো একপ্ৰকাৰ চূড়ান্ত কৰিছে । সমষ্টিটোত চাহ জনগোষ্ঠীৰ ভোটাৰ আছে প্রায় ৫০ হাজাৰ । বিগত চাৰিটা নিৰ্বাচনত বিহালী সমষ্টিত চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসে প্রতিদ্বন্দ্বিতা কৰি আহিছে যদিও প্ৰতিবাৰেই তৃতীয় স্থানতে থাকে ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টি কংগ্ৰেছে চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসক এৰি দিছিল যদিও তেওঁ ২২,৫৩১ টা ভোটেৰে তৃতীয় স্থানত আছিল । ইয়াৰ বিপৰীতে নিৰ্দলীয় প্রার্থী জয়ন্ত বৰাই দ্বিতীয় স্থান দখলেৰে পাইছিল ২৩,৭৪৪ টা ভোট । তদুপৰি, চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসে ২০১৬ চনৰ নিৰ্বাচনত বিহালীত ৮,০২৫ টা, ২০১১ চনত ১২,৭৮৪ টা, ২০০৬ চনত ১৮,৪১২ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল ।

বিগত ১৮ বছৰত চাৰিটা বিধানসভা নিৰ্বাচনত সদায়ে তৃতীয় স্থানত থকা বাঁওপন্থী দলটোৰ প্ৰাৰ্থীজনক এইবাৰ কংগ্ৰেছে সমষ্টিটো এৰি দিয়াৰ পক্ষপাতী নহয় । ইফালে বিবেক দাসে নিৰ্বাচন খেলাৰ বাবে একপ্ৰকাৰ সাজু হৈ আছে । তেনেস্থলত কংগ্ৰেছে কিদৰে চি পি আই এম এলক সন্তুষ্ট কৰে সেয়া ১৮ অক্টোবৰৰ আলোচনাৰ পাছতহে জানিব পৰা যাব । সিদিনা জিতেন্দ্ৰ সিঙে অসম সন্মিলিত মৰ্চাৰে আলোচনাত মিলিত হ'ব ।

সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ বাবে কংগ্ৰেছৰ প্ৰেমলাল গুঞ্জু, দিলীপ বৰুৱা, বৰ্ণালী ফুকন আদিৰ নাম উচ্চাৰিত হ'লেও বিজেপিয়ে প্রার্থিত্বৰ পৰা বঞ্চিত কৰা জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ৰঞ্জিত কুমাৰ দত্ত আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁট সমর্থিত চি পি আই এম এলৰ বিবেক দাসৰ বিৰুদ্ধে নিৰ্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিয়েই বিহালী সমষ্টিত দ্বিতীয় স্থান দখলেৰে ২৩,৭৪৪ টা ভোট লাভ কৰিছিল জয়ন্ত বৰাই । তেনেস্থলত বিহালীৰ উপ-নির্বাচনত কংগ্ৰেছৰ সমীকৰণ সলনি হোৱাৰো সম্ভাৱনা আছে ।

বঙাইগাঁও বিধানসভা সমষ্টি

বঙাইগাঁও বিধানসভা সমষ্টিত অসম সন্মিলিত মৰ্চা 'অসম'ৰ উমৈহতীয়া প্রার্থী হিচাপে কংগ্ৰেছে প্রাক্তন আৰক্ষী বিষয়া তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ব্রজেনজিৎ সিনহাক প্রার্থিত্ব প্রদান কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে বঙাইগাঁও বিধানসভা সমষ্টিৰ চুকে-কোণে নামি পৰিছে কংগ্ৰেছৰ ব্রজেনজিৎ সিনহা ।

ইফালে বঙাইগাঁও সমষ্টিটো ৰাইজৰ দলে বিচাৰিছে যদিও এইক্ষেত্রত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিধায়ক অখিল গগৈৰে আলোচনাত মিলিত হৈছে । অহা ১৮ অক্টোবৰৰ আলোচনাৰ পিছত সকলো কথা স্পষ্ট হ'ব ।

চামগুৰি বিধানসভা সমষ্টি

চামগুৰি বিধানসভা সমষ্টিত ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইনক প্রতিদ্বন্দ্বিতাত নমোৱাটো কংগ্ৰেছে একপ্ৰকাৰ নিশ্চিত কৰিছে । ২০০১ চনৰ পৰা একেৰাহে পাঁচটা কার্যকাল চামগুৰিৰ বিধায়ক নির্বাচিত হোৱা ৰকিবুল হুছেইনৰ পছন্দ অনুসৰিয়েই তেওঁৰ পুত্র তানজিল হুছেইনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব চামগুৰিত । ইতিমধ্যে সাংসদ ৰকিবুল হুছেইনে পুত্রৰ বাবে ফিল্ডত নামি পৰিছে ।

চিদলী বিধানসভা সমষ্টি

বি টি আৰৰ অন্তৰ্গত চিদলী সমষ্টিত কংগ্ৰেছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্রবীণ বড়োক প্রতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তাৱ দিছে । জানিব পৰা মতে বৰ্তমানলৈকে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছ নেতা প্রবীণ বড়োৱে চূড়ান্ত সিদ্ধান্ত লোৱা নাই ।

ধলাই বিধানসভা সমষ্টি

বৰাক উপত্যকাৰ ধলাই বিধানসভা সমষ্টিত অসম সন্মিলিত মৰ্চাৰ তৰফৰ পৰা কংগ্ৰেছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্রার্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব: ৰিপুণ বৰা
লগতে পঢ়ক :ভয়-ভাবুকিৰে ৰাইজৰ সিদ্ধান্তক পৰিৱৰ্তন কৰিব বিচাৰিছে কোনে ? ভূপেন বৰাৰ ব্যাখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.