ETV Bharat / politics

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন সন্দৰ্ভত চিৰাগ পাছোৱানৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ বৈঠক । অনুমান, চিৰাগক আসন ভাগ-বাটোৱাৰা বিষয়ত সৈমান কৰাইছে মুখ্যমন্ত্ৰীয়ে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Chirag Paswan Meet Assam CM
চিৰাগ পাছোৱানৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ (ETV Bharat)

নিউজ ডেস্ক, ১৭ অক্টোবৰ : সমাগত ঝাৰখণ্ড বিধানসভা নিৰ্বাচন । ১৩ আৰু ২০ নিৰ্বাচনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ নিৰ্বাচন । তাৰ পূৰ্বে শাসক-বিৰোধী দুয়োটা শিবিৰেই ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰিছে । বিশেষকৈ মিত্ৰদলবোৰৰ মাজত আসন বুজাবুজিক লৈ চৰ্চা চলি আছে ।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপি, এ জে এছ ইউ, জে ডি (ইউ) আৰু এল জে পি আৰে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । অৱশ্যে এতিয়ালৈকে আসন বুজাবুজিৰ বিষয়ে আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা হোৱা নাই । কিন্তু তাৰ মাজতে চৰ্চা চলি আছে যে চিৰাগ পাছোৱানৰ দলে ৰাজ্যখনত মাত্ৰ ২ খন আসনহে লাভ কৰিব পাৰে । যাৰ বাবে চিৰাগ পাছোৱানে ঝাৰখণ্ড নিৰ্বাচনৰ বাবে বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । অনুমান কৰা হৈছে যে এই বৈঠকত দুয়োৱে আসন বুজাবুজি সন্দৰ্ভত আলোচনা কৰে ।

Chirag Paswan Meet Assam CM
বিমানত মুখ্যমন্ত্ৰীৰে চিৰাগ পাছোৱানৰ বাৰ্তালাপ (ETV Bharat)

অৱশ্যে চিৰাগ পাছোৱান আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ এই বৈঠকৰ বহুতে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াইছে । এইটো অনুমান কৰা হৈছে যে ঝাৰখণ্ডত মাত্ৰ দুখন আসন লাভ কৰাত অসন্তুষ্ট চিৰাগ । এই বিষয়টোক লৈয়ে তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে আৰু ৰাজ্যখনত অধিক আসন দাবী কৰে । এইটো কোৱা হৈছে যে চিৰাগে জে ডি (ইউ)ক প্ৰদান কৰা পৰা আসনৰ পৰা নিজৰ দলৰ বাবে অধিক আসন দাবী কৰিছে । এইকাৰণেই বিজেপিয়ে এন ডি এত আসন ভাগ-বটোৱাৰাৰ বিষয়টো চূড়ান্ত কৰা হোৱা নাই ।

তিনিখন আসন দাবী চিৰাগ পাছোৱানৰ

এইটোও চৰ্চা হৈছে যে চিৰাগ পাছোৱানে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে যদি তেওঁ দলৰ বাবে সন্মানীয় আসন নাপায়, তেন্তে ঝাৰখণ্ডত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । এন ডি এত চিৰাগ পাছোৱানৰ দলক ২ খন আসন দিয়াৰ কথা আছিল । কিন্তু চিৰাগ পাছোৱানে কমেও তিনিখন আসন দাবী কৰিছে । হয়তো তাৰেই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাগক বুজা-বঢ়াই সৈমান কৰোৱাৰ চেষ্টা কৰি আছে ।

হাৰিয়ানালৈ যোৱাৰ পথত বিমানতো আলাপ

আনহাতে, চিৰাগ পাছোৱানে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত লিখিছে যে অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী নায়েব ছেইনীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে চণ্ডীগড়ৰ পৰা ৰাওনা হোৱাৰ সময়ত তেওঁ সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে বুধবাৰে চিৰাগ পাছোৱানৰ দলৰ দুজন সাংসদেও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু ঝাৰখণ্ডত তিনিখন আসনৰ দাবীৰ বিষয়টো উল্লেখ কৰে । এইটো অনুমান কৰা হৈছে যে বিমানত হোৱা কথোপকথনৰ পিচত চিৰাগ পাছোৱানক মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিব পাৰিছে ।

লগতে পঢ়ক :'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
লগতে পঢ়ক :মহাৰাষ্ট্ৰত এটা আৰু ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.