যোৰহাট : ৰাজ্যত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাচত আন এটা অঘটন ৷ এইবাৰ যোৰহাট জিলাৰ পৰা আহিছে এক হত্যাকাণ্ডৰ খবৰ ৷ খবৰ অনুসৰি, যোৰহাট জিলাৰ মৰিয়নী দেৱেৰাপাৰা আৰক্ষী চকী অন্তৰ্গত তিৰুৱালা চাহ বাগিচাৰ লাইনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱকৰ প্ৰহাৰত নিহত হৈছে এজন ৷
আহত যুৱকজনে উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা ভাগত তিৰুৱালা চাহ বাগিচাৰ লাইন বস্তিত ৰঞ্জিত (সন্টু) ঘাটোৱাল আৰু মিন্টু ঘাটোৱালে বিশেষ কামত ৰাস্তালৈ ওলাই আহিছিল ৷ ইফালে সেই স্থানত পূৰ্বৰ পৰাই ৰৈ আছিল পিংকু হাতীবৰুৱা নামৰ আন এজন যুৱক ৷ কোনো কাৰণ নোহোৱাকৈ পিকু হাতীবৰুৱাই এডাল ৰডেৰে ৰঞ্জিত ঘাটোৱালক (সন্টু) আক্ৰমণ কৰে ।
পিংকুৰ প্ৰহাৰত ঘটনাস্থলীতে মৃত্যু হয় ৰঞ্জিতৰ । আনহাতে ৰঞ্জিতক বচাবলৈ গৈ আহত হয় তেওঁৰ ভাতৃ মিন্টু ঘাটোৱাল । পৰৱৰ্তী সময়ত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত মিন্টু ঘাটোৱালক উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, অভিযুক্ত পিংকু হাতীবৰুৱা নামৰ যুৱকজন মানসিকভাৱে সুস্থিৰ নহয় ৷ যাৰ বাবে তেওঁ এনে আচৰণ কৰিছে ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাচতে একাংশ উত্তেজিত লোকে মানসিক বিকাৰগ্ৰস্ত যুৱকজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ লগতে ঘৰত অগ্নি সংযোগৰ চেষ্টাও চলায় ৷ অৱশ্যে আৰক্ষী উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷
আহত যুৱকজনে কয়, ‘‘মোৰ দাদাক মাৰি থাকোতে পিংকু হাতীবৰুৱাই কৈছিল যে মই ছিক্স মাৰি আছো ৷’’ ইফালে আন এজন স্থানীয় লোকে কয়, ‘‘পিতৃ-মাতৃৰ হেমাহিৰ বাবেই পিংকু হাতীবৰুৱাই উক্ত ঘটনাটো সংঘটিত কৰিলে ৷ কাৰণ তেওঁলোকে পিংকুক উপযুক্ত সময়ত চিকিৎসা প্ৰদান কৰা নাছিল ৷’’
লগতে পঢ়ক : পৰকীয়া প্ৰেমৰ বাবে চাঞ্চল্যকৰ হত্যাকাণ্ড ! লগতে পঢ়ক : পত্নী-কন্যাক হত্যা কৰি নিজকে শেষ কৰি পেলালে লোহিতে ! |