নগাঁও:চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যেই নগাঁৱত উপস্থিত হৈছে তিনিগৰাকীকৈ নিৰ্বাচনী পৰ্যবেক্ষক । শনিবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত নগাঁৱৰ সংবাদকৰ্মী আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি সকলৰ সৈতে এখন বিশেষ আলোচনাত মিলিত হয় সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক।
সাধাৰণ পৰ্যবেক্ষক ৰাজকমল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে । সভাখনত সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে সকলো পক্ষক আদৰ্শ নিৰ্বাচনী বিধি মানি চলাৰ লগতে যিকোনো অভিযোগ থাকিলে CVIGIL এপৰ জৰিয়তে তাৎক্ষণিকভাৱে জনাবলৈ আহ্বান জনায় ।
সুবিধা প'ৰ্টেল
ইয়াৰ উপৰি ৰাজনৈতিক দলসমূহে সভা, ৰেলী, সমদল আদিৰ অনুমতি পোনপটীয়াকৈ জিলাৰ নিৰ্বাচনৰ বাবে গঠন কৰা এম চি চি কোষৰ পৰা ল'ব পৰাৰ উপৰি সুবিধা (Suvidha) প'ৰ্টেলৰ জৰিয়তেও ল'ব পাৰিব বুলি সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে কয় ।
উল্লেখ্য যে চামগুৰি সমষ্টিত এইবাৰৰ উপ-নিৰ্বাচনত মুঠ ১,৮০,৫০১ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । চামগুৰি বিধানসভা সমষ্টিত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব । অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগা চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন শুক্ৰবাৰে সমাপ্ত হৈছে । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।
অহা ২৮ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ অক্টোবৰ আৰু ২৩ নৱেম্বৰত ভোটগণনা হ'ব । সভাত আৰক্ষী পৰ্যবেক্ষক ৰাজেশ কুমাৰ কানুৱাটে আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে । নিৰ্বাচন সংক্ৰান্তীয় যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসন প্ৰস্তুত হৈ থকাৰ কথাও উল্লেখ কৰে আৰক্ষী পৰ্যবেক্ষকগৰাকীয়ে । প্ৰয়োজন সাপেক্ষে স্পৰ্শকাতৰ এলেকা সমূহত অধিক আৰক্ষী আৰু অৰ্ধঅসামৰিক বাহিনী মোতায়েন কৰাৰ কথাও উল্লেখ কৰে পৰ্যবেক্ষকগৰাকীয়ে ।
সভাখনত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক অশ্বিন জন জৰ্জে নিৰ্বাচনী ব্যয় সন্দৰ্ভত ৰাজনৈতিক দলসমূহে মানিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে আলোকপাত কৰে । নিৰ্বাচন সংক্ৰান্তীয় যিকোনো বিষয় বা অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকক ৭০৯৯৭১০২২৯ নম্বৰত, আৰক্ষী পৰ্যবেক্ষকক ৭০৯৯৭১০১০৩ নম্বৰত আৰু ব্যয় পৰ্যবেক্ষকক ৭০৯৯৭০৯৯৭৫ নম্বৰত সকলো সময়তে যোগাযোগ কৰিব পাৰিব । নগাঁৱৰ পৰ্যটন বিভাগৰ প্ৰশান্তি ল'জত পৰ্যবেক্ষকৰ কোষ স্থাপন কৰাৰ কথাও উল্লেখ কৰে সভাখনত ।
তেওঁ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ দিনৰে পৰাই জিলাৰ এছ এছ টি আৰু এফ এছ টি দলে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত তেওঁলোকৰ তালাচী অভিযান অব্যাহত ৰখাৰ কথাও উল্লেখ কৰে । ইয়াৰ উপৰি ভি এছ টি দলেও সভা সমিতি,ৰেলী, সমদল আদি নিৰীক্ষণ কৰি আছে । সভাত পৰ্যবেক্ষক তিনিগৰাকীৰ লগতে জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াই আগন্তুক ৮৮ নং চামগুৰি বিধানসভাৰ উপ-নিৰ্বাচন মুক্ত,নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰে ।
উক্ত সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, উন্নয়ন আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া গুনজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভিএলএইছ হ্ৰংচাল, অতিৰিক্ত আয়ুক্তসকল, অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয়, নিৰ্বাচনী বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া উপস্থিত থাকে ।