বিশ্বনাথ: অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনকলৈ ব্যস্ত ৰাজ্যৰ শাসক-বিৰোধী ৰাজনৈতিক দল । জোৰদাৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছৰ প্ৰতিনিধিসকলো ৷ মঙলবাৰে বিহালীত কংগ্ৰেছৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে লোকসভাত বিৰোধীৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰাজুলিৰ ৰাজহুৱা ৰংঘৰ মঞ্চত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷
এই সভাতেই সাংসদ গগৈয়ে তীব্ৰ সমালোচনা কৰে বিজেপি দলক । সাংসদ গৌৰৱ গগৈ বিজেপি দলক তীব্ৰ কটাক্ষ কৰি ‘‘বিজেপি দলে চৰকাৰী বিদ্যালয় বন্ধ কৰি বিলাতী সুৰাৰ দোকান দিছে, আমি এই বিলাতী সুৰাৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খুলিম বুলি’’ বুলি মন্তব্য কৰে ।
এই সভাৰ পিছতে বিৰোধী উপ দলপতিগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ এক বৃহৎ ৰেলীৰ জৰিয়তে অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তথা বিহমাৰী ঠাণ্ডাপানীকে ধৰি কেইবাটাও অঞ্চলত মাৰাথন প্ৰচাৰ চলায় ।
সাংসদ গৌৰৱ গগৈৰ মন্তব্য :
সাংসদগৰাকীয়ে ভাষণত অহা ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিহালীত বিজেপি উৎখাত হ'ব বুলি উল্লেখ কৰে । বিহালীত বিজেপিৰ উৎখাতৰ কাৰণো উল্লেখ কৰিলে সাংসদগৰাকীয়ে ।

তেওঁ কয়, ‘‘বিহালীত বিজেপিয়ে ৰাইজৰ কাম কৰাহেঁতেন আজি এই সাধাৰণ উপ-নিৰ্বাচনত অসমৰ বিজেপি বিধায়ক, মন্ত্ৰী, সাংসদকে ধৰি ৰথী-মহাৰথীসকলক শাসকীয় দলটোৱে এনেদৰে নিৰ্বাচনী প্ৰচাৰত নমাব লগীয়া পৰাস্থিতি নহলহেঁতেন । যদি বিজেপি কাম কৰিলে হয় নিজেই বিহালীবাসী আগুৱাই গৈ বিজেপিত ভোট দিলে হয় । এই মন্ত্ৰী-বিধায়কৰ আগমনে স্পষ্ট কৰে যে বিহালী বিজেপি দলে কোনো উন্নয়ন কৰা নাই ৷ যাৰ ফলত ঘৰে ঘৰে মন্ত্ৰী-বিধায়ক গৈ ভোট বিচৰিব লগা হৈছে । লগতে সাংসদগৰাকীয়ে উল্লেখ কৰে বিহালীৰ মহিলা ভোটৰসকল ভয়-ভাবুকি দিছে চৰকাৰী আঁচনি কৰ্তন কৰাৰ কিন্তু এই চৰকাৰী আঁচনি কোনো বিজেপি দলৰ নহয় ৷’’

আনহাতে, বিহালী সমষ্টিত দীৰ্ঘদিন ধৰি বনৰীয়া হাতী আৰু মানুহৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মূল কাৰণ বিজেপি চৰকাৰৰ বুলি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে উল্লেখ কৰে যে দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অন্যতম কাৰণ বিজেপি ৷ কাৰণ চৰকাৰে পাহাৰত থকা গছ-গছনি কাটি ধ্বংস কৰিছে, ফলত হাতী-মানুহৰ সংঘাত সৃষ্টি হৈছে বুলি তেওঁ কয় ।
উপ-নিৰ্বাচান শেষ হোৱা পিচতেই পুনৰ অসম সন্মিলিত মৰ্চাৰ নেতৃত্বত সৈতে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

সাংসদ ৰিপুন বৰাৰ ভাষ্য :
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই সভাত অংশগ্ৰহণ কৰি কয়, ‘‘বৰ্তমান চৰকাৰখনে এফালে দিছে, আনফালে ৰাইজৰ পৰা লৈ গৈছে ৷ আজিকালি সাধাৰণ মানুহে ঘৰৰ ঘিউ, দৈ, গাখীৰখিনি বিক্ৰী কৰিও বিজেপি চৰকাৰক টেক্স দিব লগা পৰিস্থিতি হৈছে । কিন্তু চৰকাৰে ১২৫০ টকা অৰুণোদয় দি ১২৫০ গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰিছে ৷ সাধাৰণ জনতাক মাধমাৰ দিছে ৷’’