ETV Bharat / state

বন্ধ হ’ল যোৰহাট-মাজুলী দলং নিৰ্মাণৰ কাম: লিজত দিয়া মাটিৰ বাবদ টকা বিচাৰি হাহাকাৰ কৃষকৰ - MAJULI JORHAT CONNECTING BRIDGE

বন্ধ হৈ আছে যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য ৷ ইয়াৰ মাজতে বি আৰ চি কোম্পানীয়ে লিজত লোৱা মাটিৰ বাবদ গাঁৱৰ কৃষকক টকা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

Majuli Jorhat connecting bridge
বন্ধ হ’ল যোৰহাট-মাজুলী দলং নিৰ্মাণৰ কাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 2:49 PM IST

মাজুলী : মাজুলীবাসীৰ সপোনৰ যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আজি প্ৰায় ২ মাহ ধৰি বন্ধ হৈ আছে । নিৰ্মাণস্থলীৰ পৰা ইতিমধ্যে দলং নিৰ্মাণৰ লগত জড়িত বি আৰ চি কোম্পানীয়ে লৈ গৈছে নিৰ্মাণৰ সামগ্ৰীসমূহ । দলং নিৰ্মাণস্থলীত এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ।

দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হোৱাৰ লগে লগে মাজুলীৰ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে মাজুলীবাসীৰ সপোনৰ দলং নিৰ্মাণস্থলীত হঠাৎ এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে । দক্ষিণপাট কলিতা গাঁৱৰ একাংশ ৰাইজে ঘেৰাও কৰিছে বি আৰ চি কোম্পানীৰ কৰ্মচাৰীক ।

বন্ধ হ’ল যোৰহাট-মাজুলী দলং নিৰ্মাণৰ কাম (ETV Bharat Assam)

জানিব পৰা মতে, ৬০ বিঘা সেউজ ভূমি বি আৰ চি কোম্পানীক লিজত দিছিল দৰিদ্ৰ কলিতা গাঁৱৰ কৃষকে । প্ৰতি বিঘাত বছৰি ৭১০০ টকাকৈ প্ৰদানৰ চুক্তি কৰিছিল বি আৰ চিয়ে । ২০২৩-২৪ বৰ্ষৰ প্ৰায় ৪,২৬,০০০ হাজাৰ টকা পাবলৈ আছে দৰিদ্ৰ কৃষকে ।

লগতে পঢ়ক : এপদ এপদকৈ নোহোৱা হৈছে সামগ্ৰী; পূৰণ হ'ব নে মাজুলীবাসীৰ সপোন ? - Jorhat Majuli link bridge

লগতে পঢ়ক : যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ: নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ - Majuli Jorhat connecting bridge

আজি দিম কালি দিম বুলি দিন পিছুৱাই আছে কোম্পানীটোৱে । সেয়েহে ৰাইজে জবাবদিহি কৰিছে কোম্পানীটোৰ পি আৰ অ' দ্বীপেন বনিয়াক । নিজৰ একমাত্ৰ কৃষিভূমি বৃহত্তৰ দলং নিৰ্মাণৰ স্বাৰ্থত লিজত দিছিল এইসকল কৃষকে । নিজৰ পাবলৈ থকা টকা নোপোৱাত এনেদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে এইসকল কৃষকে ।

আনহাতে দলং নিৰ্মাণস্থলীত নাই বি আৰ চি কোম্পানীৰ কোনো উচ্চ পদস্থ বিষয়া অভিযন্তা, সকলোৱে ইতিমধ্যে টালি-টোপোলা বান্ধি উধাও হৈছে । ৫৫ টা দিন পাৰ হ'ল নিৰ্মাণকাৰ্য বন্ধ হোৱা । এবছৰে চুক্তিৰ ধন নোপোৱাত ক্ষোভিত হয় দক্ষিণপাট কলিতা গাঁৱৰ একাংশ ৰাইজ । এইসকল কৃষকৰ চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান যাতে অতি সোনকালে এই গোটেই বিষয়টোৰ এটা সমাধান উলিয়াই দিয়ে ।

লগতে পঢ়ক : সলনি হ'ব যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা কোম্পানী: ভূৱন গাম - Jorhat Majuli Bridge Construction

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.