ETV Bharat / bharat

দেৱালীত বিষাক্ত হৈ পৰিব দিল্লী-এন চি আৰৰ বতাহ; AQI এতিয়াও প্ৰায় 400 - DELHI POLLUTION

দেৱালীতো গৰমে দহিছে দিল্লী-এন চি আৰ । বিষাক্ত বায়ুত উশাহ লোৱাটোৱে কঠিন হৈ পৰিছে । বুধবাৰেও 300-400 ৰ ভিতৰত এ কিউ আই ।

Delhi Pollution
দেৱালীত বিষাক্ত হৈ পৰিব দিল্লী-এন চি আৰৰ বতাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 2:10 PM IST

নতুন দিল্লী : গৰমৰ দহনৰ পৰা এতিয়াও মুক্ত হোৱা নাই ৰাজধানী দিল্লী তথা এন চি আৰ অঞ্চলৰ বাসিন্দা । দুপৰীয়াৰ প্ৰখৰ ৰ'দে দহি-পুৰি নিয়া অৱস্থা । ইয়াৰ ফলত তাপমাত্ৰাও স্বাভাৱিকতকৈ অধিক হৈ আছে । দেৱালী এতিয়া দুৱাৰদলিত, কিন্তু দিল্লীৰ পৰা গৰম আঁতৰি যোৱাৰ যেন নামে লোৱা নাই ।

মঙলবাৰে ৰাজধানী দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা 27.83 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয় । গৰমৰ উপৰি দিল্লীৰ বায়ুৰ মান উন্নত হোৱাৰো কোনো সম্ভাৱনা নাই । ধাৰাবাহিকভাৱে এ কিউ আই গুৰুতৰ শ্ৰেণীতে আছে ।

অক্ষৰধামত এ কিউ আই সংকটজনক অৱস্থাত আছে ।

আনহাতে, দিল্লীৰ আই টি অ'ৰ এ কিউ আই হৈছে ২৮৪, যি শোচনীয় শ্ৰেণীত পৰে ।

দিল্লীত আনন্দ বিহাৰৰ এ কিউ আই হৈছে 351, যিটো অতি শোচনীয় শ্ৰেণীত ধৰা হয় ।

Delhi Pollution
জিল্লীৰ কেইখনমান চহৰৰ প্ৰদূষণৰ তথ্য (ETV Bharat Assam)

বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে, বুধবাৰে পুৱা কুঁৱলীৰ বিপৰীতে সমগ্ৰ দিনটো দিল্লীৰ আকাশ ৰ'দৰ লগতে পৰিষ্কাৰ হৈ থাকিব । সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, সৰ্বনিম্ন তাপমাত্ৰা ২০ ডিগ্ৰী চেলচিয়াছ হ'ব বুলি পূৰ্বানুমান কৰা হৈছে ।

বৃহস্পতিবাৰে দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । ইফালে শুকুৰবাৰে দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা 35.51 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27.4 ডিগ্ৰী চেলচিয়াছ হ'ব বুলি আশা কৰা হৈছে ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দিল্লী-এন চি আৰত প্ৰদূষণৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হোৱাৰ নামেই লোৱা নাই । দিল্লী-এন চি আৰত আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও বুধবাৰ আৰু বৃহস্পতিবাৰে সন্ধিয়া ফুটাবলগীয়া আতচবাজীৰ পিচত দিল্লী-এন চি আৰৰ প্ৰদূষণৰ স্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

মঙলবাৰে সন্ধিয়াৰ পৰা দিল্লী-এন চি আৰত আতচবাজী আৰম্ভ হৈছে । অৱশ্যে এইটোও অনুমান কৰা হৈছে যে বুধবাৰে সৰু দেৱালী উপলক্ষে সন্ধিয়া নিষিদ্ধঘোষিত সত্ত্বেও দিল্লীত বৃহৎ পৰিমাণে আতচবাজী ফুটোৱা হ'ব । ইফালে দিল্লী-এন চি আৰত আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আছে যদিও বহুতো অঞ্চলত গোপনে আতচবাজী বিক্ৰী কৰা হৈছে । বিশেষজ্ঞসকলৰ মতে বৰ্তমান সময়ত দিল্লীত প্ৰদূষণৰ পৰিস্থিতি অতি বেয়া ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি, বৰ্তমান দিল্লী-এন চি আৰৰ প্ৰায় সকলো অঞ্চলৰ প্ৰদূষণৰ স্তৰ শোচনীয় শ্ৰেণীত আছে । একে সময়তে, বায়ুৰ গুণমান সূচক বহুতো ক্ষেত্ৰত ৰেড জ'নত উপনীত হৈছে । দিল্লী-এন চি আৰত প্ৰদূষণৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে । দিল্লী-এন চি আৰত এনে কোনো এলেকা নাই, য'ত নেকি বায়ু পৰিষ্কাৰ । প্ৰদূষণৰ বৰবিহ সকলো অঞ্চলতে বায়ুত দ্ৰৱীভূত হৈ আছে । বায়ুৰ গুণমান সূচক বৃদ্ধিৰ আঁৰত বতাহৰ গতিৰ পৰিৱৰ্তনো মুখ্য কাৰণ । আনহাতে, চিকিৎসালয়ত শ্বাস-প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে ।

ইফালে দিল্লী-এন চি আৰৰ বাবে পৰৱৰ্তী ৩৬ ঘণ্টা প্ৰদূষণৰ ক্ষেত্ৰত অতি গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব । বিশেষজ্ঞসকলৰ মতে, সৰু দেৱালী আৰু দেৱালীত আতচবাজীৰ সময়ত, বিশেষকৈ কণ কণ শিশু আৰু বৃদ্ধসকলক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । উল্লেখ্য, 14 অক্টোবৰৰ পৰা দিল্লী-এন চি আৰত বায়ুৰ গুণমান সূচক নিৰন্তৰভাৱে বৃদ্ধি হৈ আহিছে । এইটোও অনুমান কৰা হৈছে যে বায়ুৰ গুণগত মান সূচক বুধবাৰে সন্ধিয়াৰে পৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে, ৰাজধানী দিল্লীত গড় গুণমান সূচক সন্ধিয়া 7.30 বজালৈকে 273 পইণ্টত আছিল । আনহাতে, দিল্লী-এন চি আৰৰ চহৰ ফৰিদাবাদত ১৭২, গুৰগাঁৱত ১৯৭, গাজিয়াবাদত ২১৩, গ্ৰেটাৰ নয়ডাত ১৯৯ আৰু নয়ডাত ১৯৯ আছিল । ৰাজধানী দিল্লীৰ এলেকাবোৰত এ কিউ আই স্তৰ 300 ৰ ওপৰত আৰু 400-ৰ ভিতৰত আছে । আনন্দ বিহাৰত ৩৫১ পইণ্ট, বাৱানাত ৩১৯, জাহাংগিৰপুৰীত ৩১৩, মুণ্ডকাত ৩৫১, নাৰেলাত ৩০৮, বিবেক বিহাৰত ৩২৬, ৱাজিৰপুৰত ৩২৭ পইণ্ট ।

আনহাতে, দিল্লীৰ অন্যান্য আৰু অধিকাংশ এলেকাতে এ কিউ আই স্তৰ 200-ৰ ওপৰত আৰু 300-ৰ ভিতৰত আছে । আলিপুৰত 300, আয়া নগৰত 290, বুৰাৰী ক্ৰছিঙত 289, ডাঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত 267, ডি টি ইউত 250, দ্বাৰকা ছেক্টৰত 268, ইন্দিৰা গান্ধী বিমানবন্দৰত 274, আই টি অ'ত 284, জৱাহৰলাল নেহৰু ষ্টেডিয়ামত 220, লোধি ৰোডত 239, মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত 265, নজফগড়ত ২৬৭ আৰু নেহৰু নগৰত ২৫১ । নৰ্থ কেম্পাছ ডিইউৰ ২৪৮, এন এছ আই টি দ্বাৰকা ২২০, ওখলা ফেজত ২৭২, পাটপাৰগঞ্জত ২৭৭, পাঞ্জাৱী বাগত ২৭৬, আৰ কে পুৰমত ২৮৫, ৰোহিণীত ২৮৯, শাদীপুৰত ২৭১, চিৰি ফ'ৰ্টত ২৭৩ পইণ্ট আছে ।

লগতে পঢ়ক :বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল; সাৱধান নহ’লে সন্মুখীন হ’ব পাৰে এই সমূহ সমস্যাৰ
লগতে পঢ়ক :কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস; ২৮ লাখ বন্তি প্ৰজ্বলেনেৰে নতুন অভিলেখৰ দিশে অযোধ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.