ETV Bharat / sports

আই পি এল 2025; কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বাদ পৰাৰ সম্ভাৱনা শ্ৰেয়ছ আয়াৰ - IPL 2025

Shreyas Iyer: আই পি এলৰ মেগা নিলামৰ পূৰ্বে বৃহৎ খবৰ ৷ কে কে আৰত দেখিবলৈ পোৱা নাযাব শীৰ্ষ বেটছমেন শ্ৰেয়ছ আয়াৰক ৷

IPL 2025
কে কে আৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানৰ সৈতে শ্ৰেয়ছ আয়াৰ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Oct 30, 2024, 1:37 PM IST

স্প’ৰ্টছ ডেস্ক: চলিত বৰ্ষত আই পি এল(2024) ৰ খিতাপ দখল কৰিছিল শ্ৰেয়ছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) ৷ এই ইভেণ্টৰ আগন্তুক সংস্কৰণৰ বাবে চলিত বৰ্ষৰে 31 অক্টোবৰত অনুষ্ঠিত হ’ব মেগা নিলাম ৷

তাৰ পূৰ্বে চৰ্চালৈ আহিছে ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰৰ নাম ৷ কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, পৰৱৰ্তী আই পি এল সংস্কৰণ সম্পৰ্কে খেলুৱৈ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ ফ্ৰেঞ্চাইজিৰ মাজত বৰ্তমানলৈকে হোৱা নাই কোনো বাৰ্তালাপ ।

অৱশ্যে, টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি কে কে আৰে শ্ৰেয়ছৰ সৈতে ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিছে ৷ কিন্তু লগতে দাবী কৰিছে যে ফ্ৰেঞ্চাইজিয়ে ভাৰতৰ শীৰ্ষ বেটছমেনগৰাকীক দলত ৰখা-নৰখাক লৈ স্পষ্ট কৰা নাই কোনো স্থিতি ৷

শ্ৰেয়ছৰ সৈতে যোগাযোগত বিলম্ব কে কে আৰৰ

বিগত শুকুৰবাৰৰ আগলৈকে দুয়োপক্ষৰ মাজত হোৱা নাছিল কোনো আলোচনা । শ্ৰেয়ছ আয়াৰ আৰু কে কে আৰৰ বিষয়তো প্ৰকাশ পাইছিল বহু কথা ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা বা আই পি এল সন্দৰ্ভত হোৱা নাছিল কোনো আলোচনা ৷

প্ৰতিবেদন অনুসৰি, কে কে আৰে শ্ৰেয়ছক দলত ৰাখিবলৈ বিশেষ আগ্ৰহ দেখুওৱাটো আচৰিত কথা । সূত্ৰসমূহে এইটোও দাবী কৰিছিল যে, আন বহু ফ্ৰেঞ্চাইজিয়ে ইতিমধ্যে নেতৃত্বৰ ভাৰ অৰ্পণ কৰিবলৈ ক্ৰিকেটাৰজনৰ কাষ চাপিছে ।

আয়াৰৰ ওপৰত তিনি ফ্ৰেঞ্চাইজিৰ দৃষ্টি আৱদ্ধ

এটা সূত্ৰই টাইমছ অৱ ইণ্ডিয়াক কৈছিল যে, "আয়াৰে চলিত ছিজনত খিতাপ বিজয়ী দলক নেতৃত্ব প্ৰদান কৰিছিল ৷ তেওঁ দিল্লী কেপিটেলছৰ সফল নেতৃত্ব দিয়াৰে পৰা এগৰাকী ভাল অধিনায়ক হিচাপে পৰিচিত আছিল" ।

কে কে আৰত 5 খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ হৰভজনৰ

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে শ্ৰেয়ছ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ফিল চল্ট, সুনীল নাৰিন আৰু ৰমনদীপ সিঙক কে কে আৰত অন্তৰ্ভুক্ত কৰিবলৈ দিছে পৰামৰ্শ ৷

হৰভজনে ষ্টাৰ স্প’ৰ্টছৰ আগত সদৰী কৰা অনুসৰি, "কে কে আৰে সমগ্ৰ ছিজনটোত আধিপত্য বিস্তাৰ কৰিছিল ৷ সেয়েহে তেওঁলোকৰ বাবে কাৰোবাক বাদ দি কাৰোবাক দলত অন্তৰ্ভুক্ত কৰাটো সহজ নহ’ব ৷ যদি মই মোৰ 6 জন খেলুৱৈ বাছনি কৰিবলগা হয়, তেন্তে কে কে আৰৰ বাবে 6 জন খেলুৱৈ কোন হ'ব ? মই ভাবো শ্ৰেয়ছ আয়াৰ, ফিল চল্ট, নাৰিন, আন্দ্ৰে ৰাছেল, ৰিংকু সিঙৰ লগতে ৰমনদীপ সিং এজন আনকেপড খেলুৱৈ হিচাপে দলটোত থাকিব" ।

লগতে পঢ়ক: ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছত 6 ক্ৰিকেটাৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.