ETV Bharat / business

উৎসৱৰ বতৰত অত্যধিক মহঙা হ’ল সোণ, প্ৰথমবাৰৰ বাবে ৮০ হাজাৰ টকাৰ ঘৰ অতিক্ৰম, আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানি লওক

আকাশলংঘী হৈছে সোণৰ দাম । সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ দিশে গতি কৰিছে সোণৰ মূল্যই । আজিৰ দিনটোত ১০গ্ৰাম(২৪ কেৰেট) ইয়াৰ মূল্য প্ৰায় ৮১,৫০০ টকা ।

Gold and silver rate today check gold price in your city on 24th October 2024
সোণৰ মূল্য (Getty Image)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী : সোণ বাৰু কাৰ প্ৰিয় নহয় ৷ সোণৰ প্ৰতি বিশেষকৈ ভাৰতীয় মানুহৰ পূৰ্বৰে পৰা দুৰ্বলতা আছে । অৱশ্যে পুৰুষৰ তুলনাত মহিলাৰ আছে সোণৰ প্ৰতি বেছি দুৰ্বলতা ৷ নিজকে সজাই-পৰাই তুলিবলৈ মহিলাসকলে নানান সোণৰ আ-অলংকাৰ পৰিধান কৰা দেখা যায় ৷

উৎসৱৰ বতৰত সোণৰ গহনাৰ চাহিদা অত্যধিক হয় । সোণৰ আ-অলংকাৰ কেৱল গহনা হিচাপে ব্যৱহাৰ কৰাই নহয়, বৰঞ্চ ইয়াক সঞ্চয় তথা সম্পদ হিচাপেও ব্যৱহাৰ কৰা হয় । পিছে আপুনি বাৰু জ্ঞাতনে, শেহতীয়াকৈ সোণৰ দাম কিমান হৈছে ?

সোণ-ৰূপৰ মূল্যবৃদ্ধি :

ধনতেৰাছত সৰুকৈ হ’লেও যদি সোণৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে বা বিয়াৰ বাবে সোণ ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ । ধনতেৰচৰ তথা বিয়াৰ বতৰৰ পূৰ্বে এতিয়া হোৰা-হোৰে বৃদ্ধি পাইছে সোণৰ মূল্য ।

সোণ-ৰূপৰ দাম :

শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আজিৰ দিনটোত ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য হৈছে গৈ প্ৰায় ৮১,৫০০ টকা । আনহাতে ২২ কেৰেট সোণৰ মূল্য আজিৰ দিনটোত ৭৬,৪৯০ হাজাৰ টকা । সমান্তৰালভাৱে বৃদ্ধি পাইছে ৰূপৰ মূল্যও । আজিৰ দিনটোত ১ কেজি ৰূপৰ মূল্য ১ লাখ ৫ হাজাৰ টকা । পূৰ্বে এই মূল্য আছিল ৭৪ হাজাৰ টকা ।

ধনতেৰচত সোণ-ৰূপৰ দাম কিমান হ’ব পাৰে ?

সোণৰ এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত অসম স্বৰ্ণ শিল্পী সমাজৰ, কামৰূপ জিলাৰ উপদেষ্টা চাজিদ আলম চৌধুৰী আৰু সম্পাদক নয়ন ধৰে জনোৱা অনুসৰি, বিগত দুসপ্তাহ ধৰি দৈনিক প্ৰতি ঘণ্টাত ৫০ ৰ পৰা ৫০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য ।

যদিহে এই ধৰা অব্যাহত থাকে, তেন্তে ধনতেৰচৰ সময়লৈকে ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্যই চুবগৈ প্ৰায় ৯০ হাজাৰ টকাৰ ঘৰ । যি কথাই এতিয়া চিন্তিত কৰিছে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি স্বৰ্ণ ব্যৱসায়ীসকলক । ধনতেৰচৰ পূৰ্বে সোণৰ এই মূল্যবৃদ্ধিৰ বাবে এতিয়া পূৰ্বৰ তুলনাত বজাৰ বেয়া হোৱাৰো আশংকা প্ৰকাশ কৰিছে স্বৰ্ণ শিল্পী সমাজে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত এই বৰ্ষ ১৫ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য । বিগত বৰ্ষত ধনতেৰচৰ সময়চোৱাত ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য আছিল প্ৰায় ৬৪ হাজাৰ টকা । আনহাতে ২২ কেৰেট সোণৰ মূল্য আছিল প্ৰায় ৬১ হাজাৰ টকা ।

কোন চহৰত ১০ গ্ৰাম সোণৰ দাম কিমান, তলৰ তালিকাত উল্লেখ কৰা হ’ল -

চহৰ২২ কেৰেট সোণৰ দাম২৪ কেৰেট সোণৰ দাম
গুৱাহাটী৭৩,৪০০৭৮,৮৬০
দিল্লী৭৩,৫৫০৮০,২২০
মুম্বাই৭৩,৪০০৮০,০৭০
আহমেদাবাদ৭৩,৪৫০৮০,১২০
চেন্নাই৭৩,৪০০৮০,০৭০
কলকাতা৭৩,৪০০৮০,০৭০
পুণে৭৩,৪০০৮০,০৭০
লক্ষ্নৌ৭৩,৫৫০৮০,২২০
বেংগালুৰু৭৩,৪০০৮০,০৭০
জয়পুৰ৭৩,৫৫০৮০,২২০
পাটনা৭৩,৪৫০৮০,১২০
ভুৱনেশ্বৰ৭৩,৪০০৮০,০৭০
হায়দৰাবাদ৭৩,৪০০৮০,০৭০
লগতে পঢ়ক : ৩১ অক্টোবৰ নে ১ নৱেম্বৰ ? কেতিয়া পালন হ'ব দীপাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.