ETV Bharat / entertainment

ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি, এইবাৰ দাবী ২ কোটি টকা - LAWRENCE BISHNOI SALMAN KHAN

এটা অজ্ঞাত ফোন কলে ২ কোটি টকা দাবী কৰি ছলমান খানক মৃত্যুৰ ভাবুকি দিছে ৷ এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ।

salman khan receives death threat from unknown caller demands rs 2 crore reports
ছলমান খান (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : Oct 30, 2024, 2:44 PM IST

মুম্বাই : বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে আন এটা মৃত্যুৰ ভাবুকি লাভ কৰিছে ৷ এজন অচিনাকি লোকে মৃত্যুৰ ভাবুকিৰ সৈতে ২ কোটি টকা দাবী কৰিছে, বুধবাৰে মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে এই কথা ।

এই দাবী পূৰণ নকৰিলে অভিনেতাজনক হত্যা কৰা হ’ব বুলি ভাবুকি বাৰ্তা দি মুম্বাই যান-বাহন আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মুম্বাইৰ ৱৰ্লি জিলাৰ কৰ্তৃপক্ষই অচিনাকি ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তাৎক্ষণিক তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

২৫ অক্টোবৰত নয়ডাৰ পৰা আৰু এজন ব্যক্তিয়ে ফোন যোগে ছলমান খান আৰু জীশান ছিদ্দিকীক ভাবুকি দিছিল ৷ ১২ অক্টোবৰত গুলীয়াই হত্যা কৰা প্ৰয়াত এনচিপি নেতা বাবা ছিদ্দিকীৰ পুত্ৰ তথা বিধায়ক জীশান ছিদ্দিকীক ভাবুকি দিয়াৰ কিছুদিন পিছতে এই শেহতীয়া ভাবুকি আহিছে ।

সোমবাৰে এটা গোচৰ পঞ্জীয়নৰ পিছত আৰক্ষীয়ে কাৰিকৰী প্ৰমাণ ব্যৱহাৰ কৰি নয়ডাত সন্দেহজনক লোকজনৰ সন্ধান লাভ কৰে । তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি অধিক সোধা-পোছাৰ বাবে মুম্বাইলৈ অনা হয় ।

ছলমান খানৰ নিৰাপত্তা

অভিনেতা ছলমান খানৰ ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীক হত্যা কৰাৰ পিছত তেওঁৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে । কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নেতৃত্বত গঠিত দলটোৱে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে । একেটা চক্ৰই দীৰ্ঘদিন ধৰি ছলমান খানক ভাবুকি দি আহিছে ৷ ১৯৯৮ চনৰ ক’লা হৰিণা চিকাৰ কৰা ঘটনাৰ সৈতে অভিনেতাগৰাকী জড়িত থকাৰ অভিযোগ উঠাৰে পৰাই এই শত্ৰুতা আৰম্ভণি ঘটে । ক’লা হৰিণা বিষ্ণৈ সমাজে শ্ৰদ্ধাৰে পূজা কৰে ।

ইফালে, মুম্বাই আৰক্ষীয়ে বাবা ছিদ্দিকীৰ গোচৰৰ সন্দৰ্ভত ১৫ জনক গ্ৰেপ্তাৰ কৰিছে । ২৬ অক্টোবৰত, হত্যাৰ গোচৰৰ নজন অভিযুক্তক আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত মুম্বাইৰ এস্প্লেনেড আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক : ক’লা হৰিণা চিকাৰৰ গোচৰটো ঢাকিবলৈ ব্লেংক চেক দিছিল ছলমানে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.