ETV Bharat / politics

ক'মেও ৩০ হেজাৰৰো বেছি ভোটৰ ব্য়ৱধানত জিকিব দীপ্তিময়ী চৌধুৰী: দাবী ৰণজিৎ দাসৰ - ASSAM BYE ELECTION 2024

উপ-নিৰ্বাচনক লৈ অসমৰ পাঁচ বিধানসভা সমষ্টিত গৰম বতাহ । বঙাইগাঁও জিলাৰ বৰপাৰাস্তিত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অসম গণ পৰিষদ আৰু বিজেপিৰ যৌথ সভা ৷

Assam Bye Election 2024
উপ-নিৰ্বাচনক লৈ মিত্ৰজোঁটৰ সভা (X@RanjeetkrDass)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 11:01 PM IST

বঙাইগাঁও: সমাগত উপ-নিৰ্বাচন । ইতিমধ্যে উপ-নিৰ্বাচনক লৈ অসমৰ পাঁচোটা বিধানসভা সমষ্টিত বলিছে গৰম বতাহ । মঙলবাৰে বঙাইগাঁও জিলাৰ বৰপাৰাস্থিত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অসম গণ পৰিষদ আৰু বিজেপিৰ এখনি যৌথ সভা অনুষ্ঠিত কৰা হয় । বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ আজিৰ এই সভা অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ তথা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীসহ অগপ আৰু বিজেপি দলৰ নেতাসকল ।

আগন্তুক উপ-নিৰ্বাচনৰ বিভিন্ন ৰণকৌশল সন্দৰ্ভত আজিৰ এই সভাত আলোচনা কৰা হয় । সভাৰ অন্তত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ সংবাদমাধ্যমৰ আগত কয়, "বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত । আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ’লে কমেও ৩০ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব দীপ্তিময়ী চৌধুৰী ।"

উপ-নিৰ্বাচনক লৈ মিত্ৰজোঁটৰ সভা (ETV Bharat Assam)

মন্ত্ৰী দাসে লগতে কয়, "বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ স্থিতি ভাল আৰু কংগ্ৰেছ তথা অন্যান্য দলে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে এই নিৰ্বাচনত ।" মন্ত্ৰী দাসে লগতে সাংসদ ফণীভূষণ চৌধুৰীৰ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ ঘোষণাকো আদৰণি জনাইছে । আনহাতে অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে জনতাই তেওঁক বিপুল সমৰ্থন দিয়াৰ কথা ব্যক্ত কৰে ৷ মিত্ৰজোঁটৰ পৰাও পূৰ্ণ সমৰ্থন পোৱাৰ কথা ব্যক্ত কৰে দীপ্তিময়ী চৌধুৰীয়ে ৷

ইফালে সাংসদ ফণীভূষণ চৌধুৰীয়ে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সন্দৰ্ভত কৰা ঘোষণা তেওঁ আনৰ পৰাহে শুনা বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে এইবোৰ কথা সময়ৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি কেতিয়াবা ৰাইজৰ সমৰ্থন তথা অনুৰোধত সিদ্ধান্ত ল’বলগীয়া হয় বুলিও কয় ৷

লগতে পঢ়ক: অনাকাংক্ষিতভাৱেহে মই ৰাজনীতিলৈ আহিলো: দিপ্তীময়ী চৌধুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.