হায়দৰাবাদ: ভাৰতীয় বজাৰত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা । ইয়াৰ বাবেই এতিয়া বিভিন্ন বাহন নিৰ্মাতা কোম্পানীসমূহে স্কুটাৰ আৰু বাইকৰ ইলেক্ট্ৰিক সংস্কৰণ নিৰ্মাণত অধিক গুৰুত্ব দিছে । অ’লা ইলেক্ট্ৰিকে কাইলৈ ইলেক্ট্ৰিক বাইক মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । এই প্ৰতিবেদনৰ জৰিয়তে দুচকীয়া বাহনখনত সংযুক্ত বৈশিষ্ট্য আৰু মূল্য জানো আহক...
নতুন বাইক মুকলি কৰিব অ’লা ইলেক্ট্ৰিকে
বুধবাৰে ভাৰতৰ বজাৰত অ’লা ইলেক্ট্ৰিকে মুকলি কৰিব এখন নতুন বাইক । কোম্পানীটোৱে অহা 5 ফেব্ৰুৱাৰীৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব নতুন বাইকখন । কোম্পানীটোৱে এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে । কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত ইচ্ছুক লোকে এই মুকলি অনুষ্ঠানটো লাইভ চাব পাৰিব ।
মুকলি হ’বলগীয়া বাইকখনৰ বিষয়ে
কোম্পানীটোৱে ছ’চিয়েল মিডিয়াত কিছুমান টিজাৰ প্ৰকাশ কৰিছে ৷ টিজাৰত প্ৰকাশিত তথ্য অনুসৰি কাইলৈ অ’লা ইলেক্ট্ৰিকে আনুষ্ঠানিকভাৱে মুকলি কৰিব OLA Roadster X । ইয়াৰ লগতে আৰু কিছু বাইক বজাৰত মুকলি কৰিব অ’লা ইলেক্ট্ৰিকে । ইয়াৰ পূৰ্বে কোম্পানীটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালাই ছ’চিয়েল মিডিয়াত অ’লা ৰ’ডষ্টাৰ এক্স বাইক সন্দৰ্ভত কিছু ভিডিঅ’ প্ৰকাশ কৰিছে । য’ত তেওঁক বাইক চলাই থকা দেখা গৈছে । ইয়াৰ পিছত আন এটা টিজাৰ মুকলি কৰা হৈছে । য’ত বাইকৰ নাম আৰু তাৰিখ প্ৰকাশ কৰা হৈছে ।
Bringing this beauty to our Indiranagar store today!
— Bhavish Aggarwal (@bhash) February 1, 2025
Come by 7pm if you want to see and maybe a short test ride too! Address on the website. pic.twitter.com/68mnn941TS
বিশেষত্ব
কোম্পানীটোৱে মুকলি কৰা এই নতুন বাইকখনত বহুতো আকৰ্ষণীয় বৈশিষ্ট্য থাকিব বুলি জানিব পৰা গৈছে । অ’লা ৰ’ডষ্টাৰ এক্স হ’ব এণ্ট্ৰি লেভেল ইলেক্ট্ৰিক বাইক যিয়ে চিবিএছ, ডিস্ক ব্ৰেক, স্প’ৰ্টছ, নৰ্মেল, ইকো ৰাইডিং মোড, অ’লা মেপ টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন, অ’টিএ আপডেট, ডিজিটেল কি লক আদি বৈশিষ্ট্যৰ সৈতে আহিব ।
বেটাৰীটো কিমান শক্তিশালী ?
এণ্ট্ৰি লেভেল বাইক হিচাপে মুকলি কৰা ৰ’ডষ্টাৰ এক্সত 2.5, 3.5 আৰু 4.5 কিলোৱাট ঘণ্টাৰ ক্ষমতাযুক্ত বেটাৰী আছে । ইয়াৰ লগে লগে কোম্পানীটোৱে দাবী কৰিছে যে ৰ’ডষ্টাৰ এক্সৰ শীৰ্ষ ভেৰিয়েণ্টে 200 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিব ।
সাম্ভাব্য মূল্য
Getting ready for the biggest EV launch! Roadster X! See you on 5th feb 1030am. 🏍️
— Bhavish Aggarwal (@bhash) February 2, 2025
Watch livestream here - https://t.co/uq3TSomjjG pic.twitter.com/hooHdyM04P
2024 চনৰ 15 আগষ্টত অ’লাই এক অনুষ্ঠানৰ আয়োজন কৰিছিল । য'ত বহু বাইক দেখুওৱা হৈছিল । এই সময়ত কোম্পানীয়ে এই বাইকৰ দাম সম্পৰ্কেও তথ্য আগবঢ়াইছিল । সেই অনুসৰি 75 হাজাৰ টকাৰ আৰম্ভণি মূল্যত কোম্পানীটোৱে মুকলি কৰিব বুলি আশা কৰা হৈছে অ’লা ৰ’ডষ্টাৰ এক্স (এক্স শ্ব’ৰুম ) ।