বকো, 16 মাৰ্চ :অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে মেঘালয়ৰ শাসকীয় এন পি পি দলে । শুকুৰবাৰে বকোৰ সীমান্তৱৰ্তী মেঘালয়ৰ খাৰখুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আদগ্ৰে’ত অৱস্থিত চেনাংগ্ৰে ষ্টেডিয়ামত অনুষ্ঠিত হয় বিশাল যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাসহ পৰিয়ালে ।
এই যোগদান কাৰ্যসূচীত মেঘালয় ৰাজ্যৰ বহু কেইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, কৰ্মচাৰী তথা কংগ্ৰেছ আৰু আন আন ৰাজনৈতিক দলৰ নেতা-সদস্যই এন পি পি (নেশ্যনেল পিপুলছ পাৰ্টি) দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে মেঘালয়ৰ শাসকীয় দলে । শুকুৰবাৰে এই সভাত উপস্থিত থাকে তুৰা লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থী আগাথা চাংমা তথা শ্বিলং লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা মেঘালয়ৰ মন্ত্ৰী ড৹ আমপ্ৰিন লিংডোৰ লগতে মেঘালয়ৰ দুয়োগৰাকী উপ-মুখ্যমন্ত্ৰীৰ লগতে মেঘালয়ৰ এন পি পি দলৰ বহুকেইগৰাকী বিধায়ক তথা বিশিষ্ট অতিথি ।