নগাঁও, 26 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যৰ মুঠ 5 টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ইয়াৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট বিধানসভা সমষ্টিৰ জুৰীয়াত ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হ’ল 30 গৰাকীকৈ মৃত ব্যক্তি !
এনে এক অবিশ্বাস্য, আজব ঘটনা সংঘটিত হৈছে নগাঁৱৰ জুৰীয়াত । ভোটকেন্দ্ৰত উপস্থিত হোৱা ভোটাৰসকল ভোটাৰ তালিকা মতেহে মৃত । জীয়াই থাকোতেই ভোটাৰ তালিকাত নিজৰ নাম প্ৰত্যক্ষ কৰি চকু কঁপালত উঠিল ভোটাৰৰ । ভোটাৰ তালিকাত জীৱিত ব্যক্তিক মৃত সজাই ভোটাধিকাৰৰ পৰা কৰা হ’ল বঞ্চিত ।
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ মাজতে পোহৰলৈ আহিছে এই আজব ঘটনা । নগাওঁ লোকসভাৰ ৰূপহীহাটৰ জুৰীয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱৰাৰ বাবেই আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে কুৰিজনতকৈয়ো অধিক ভোটাৰ । জুৰীয়াৰ কদমণি পথাৰ, নিজ জুৰীয়া আদি গাঁৱৰ ভোটাৰ শুকুৰবাৰে পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হৈয়ো কৰিব পৰা নাই ভোটদান ।