গুৱাহাটী :ৰাজ্যত আৰম্ভ বলিবলৈ আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । অসমৰ বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে নাঙলৰ ফাল কাটি থাকোঁতেই বিজেপিয়ে জঁপিয়াই পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতত । সোমবাৰে বিজেপিয়ে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচন পৰিচালনা কমিটী, ইস্তাহাৰ কমিটী, জিলাৰ তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কৰ তালিকা ।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সোমবাৰে এক জাননীযোগে ঘোষণা কৰিছে এই তথ্য ৷ উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত দিন এতিয়াও ঘোষণা হোৱা নাই যদিও ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সমাগত পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি শেহতীয়াকৈ সম্ভাৱনা প্ৰকাশ কৰিছে । আনহাতে, জানুৱাৰী মাহৰ আৰম্ভণিতে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে নিৰ্বাচনী ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পাইছে ।
দাসে নিশ্চিত কৰে যে ২০২৪ চনৰ ২৮ ডিচেম্বৰত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ’ব । ৰাজ্যৰ মুঠ ২,১৯৩ খন গাঁও পঞ্চায়ত, ১৮১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৩ টা জিলা পৰিষদ সমষ্টিক সামৰি ল’ব এই পঞ্চায়ত নিৰ্বাচনে । আনহাতে, এক আইনী জটিলতাত সোমাই পৰিছে পঞ্চায়ত নিৰ্বাচন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৯ জানুৱাৰী পর্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত ৰাজ্যিক নিৰ্বাচনী আয়োগক শেহতীয়াকৈ বাধা আৰোপ কৰিছে । কিন্তু দিন নিৰ্দিষ্ট নহ’লেও পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ।
কঁকালত টঙালি বান্ধিছে বিজেপিয়ে, ঘোষণা কৰিলে নিৰ্বাচন পৰিচালনা কমিটী, ইস্তাহাৰ কমিটী আৰু জিলা তত্ত্বাৱধায়ক মন্ত্ৰীৰ তালিকা
বিজেপিৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাসক সমন্বয়ক হিচাপে লৈ বিজেপিয়ে ঘোষণা কৰিছে এখন ১৩ জনীয়া নিৰ্বাচন পৰিচালনা কমিটী । বিজেপিৰ পঞ্চায়ত নিৰ্বাচন পৰিচালনা কমিটীত সহ-সমন্বয়ক হিচাপে আছে অশোক ভট্টৰায়, ড° ৰাজদীপ ৰয় আৰু অজয় কোঁৱৰ ৷ লগতে আছে আন ৯ জন সদস্য ৷ তেঁওলোক হ’ল— টিনামণি দৈমাৰী, স্বপ্না বণিয়া, অশ্বিনী ৰায় সৰকাৰ, মুন স্বৰ্ণকাৰ, সুভাষ দত্ত, ইন্দিৰা গগৈ, অৰুণ মৰাণ, ৰিতুপৰ্ণ বৰুৱা আৰু প্ৰদীপ কছাৰী ৷
ৰণজিৎ দাসৰ নেতৃত্বত ইস্তাহাৰ কমিটী