ETV Bharat / state

ঘৰৰ পৰা অনা অসমীয়া জলপানৰে চিৰা-পিঠাক বাণিজ্যিক ৰূপ দিয়া ব্য়ৱসায়ীগৰাকী - BHOGALI JALPAN

কেনেকৈ আৰম্ভ হৈছিল ভোগালী জলপানৰ ব্য়ৱসায় ? জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰিলে ব্য়ৱসায়ীগৰাকীয়ে ।

Bhogali Jalpan
কেনেকৈ আৰম্ভ হৈছিল ভোগালী জলপানৰ ব্য়ৱসায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 8:40 PM IST

গুৱাহাটী: অসমৰ পৰম্পৰাগত লাড়ু, পিঠা, মাহকৰৈ, চিৰা, চিৰাগুড়ি আদিৰ আছে পুষ্টিগুণ । এই খাদ্য় সম্ভাৰৰ পুষ্টিগুণৰ বাবে সুষম খাদ্য় হিচাপে গণ্য় কৰা হয় । এনে খাদ্য় কোনো ধৰণৰ ৰাসায়নিক ব্য়ৱহাৰ নকৰাকৈয়ে বহু দিনলৈ সংৰক্ষণ কৰিব পাৰি । ইয়াৰ পিচতো তিনি দশকমান আগলৈকে এই খাদ্য় সম্ভাৰৰ জৰিয়তে বাণিজ্য়িকভাৱে লাভবান হোৱাৰ কথা চিন্তা কৰা লোকৰ অভাৱ আছিল । কিন্তু এনে সময়তেই এগৰাকী দূৰদৃষ্টি সম্পন্ন লোকে পৰম্পাগত লাড়ু,পিঠা আদিৰে ব্য়ৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছিল । তেওঁ কোন জানেনে ?

অসমত অসমীয়া জলপান,পিঠা-পনাৰ বাণিজ্যিকীকৰণৰ অন্যতম গুৰি ধৰোতা হৈছে অজিত শৰ্মা বৰুৱা । চৰাইদেউ জিলাৰ টেঙাপুখুৰী অঞ্চলৰ পৰা গুৱাহাটীলৈ আহি ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল অজিত শৰ্মা বৰুৱা । ব্যক্তিগত খণ্ডত চাকৰি কৰিছিল যদিও তেওঁৰ মন ব্যৱসায়তহে আছিল । ভোগালী বিহুৰ সময়ত গ্ৰামাঞ্চলত জলপান, পিঠা-পনাৰে উথপথপ হৈ থকাৰ বিপৰীত ছবি গুৱাহাটী মহানগৰীত দেখিছিল । তেতিয়াই তেওঁ ধাৰণা কৰিছিল যে গুৱাহাটীত জলপানৰ এখন বজাৰ পোৱা যাব । সেইমতে তেওঁ পৰিকল্পনা কৰি ভোগালী জলপান আৰম্ভ কৰিছিল ।

কেনেকৈ আৰম্ভ হৈছিল ভোগালী জলপানৰ ব্য়ৱসায় (ETV Bharat Assam)

কেতিয়া আৰম্ভ কৰিছিল ভোগালী জলপান :

এই সম্পৰ্কে অজিত শৰ্মা বৰুৱাই ই টি ভি ভাৰতৰ আগত কয়," ১৯৯৭ চনত ভোগালী বিহুৰ সময়তে ভোগালী জলপানৰ জন্ম হৈছিল । তাৰ আগতে ঘৰৰ পৰা অনা কোমল চাউল, চিৰা আদি বিক্ৰী কৰি আছিলো যদিও ১৯৯৭ চনত প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত এক লাখ টকাৰ ঋণ লৈ তাৰ ৩০ হাজাৰ টকাৰে জাপৰিগোগৰ এটা ভাড়াঘৰত ব্যৱসায় আৰম্ভ কৰিছিলো । প্ৰথম অৱস্থাত কোমল চাউল, চিৰা আৰু পিঠাগুড়ি বিক্ৰী কৰা হৈছিল ।"

প্ৰথমতে দুখনমান দোকানত দিয়াৰ পিছত গ্ৰাহকৰ সঁহাৰি দেখি দুগৰাকী কৰ্মচাৰী লগত লৈ এখন বাহনেৰে মহানগৰীৰ বিভিন্ন স্থানত বিক্ৰী আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়," তাৰ পিছত মুড়ি, আখৈ, সান্দহ, পিঠা, লাড়ু আদি সকলো অসমীয়া থলুৱা জলপান পেকেট কৰি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো । লাহে লাহে বাঢ়ি গ’ল ভোগালী জলপানৰ উৎপাদন । "

অজিত শৰ্মা বৰুৱাই পুনৰ কয়," জাপৰিগোগৰ ভড়াঘৰৰ পৰা প্ৰচেচিং তথা পেকেজিং ইণ্ড্ৰাষ্ট্ৰী ২০০৭ চনত পালেগৈ বামুনীমৈদামৰ ইণ্ডাষ্ট্ৰীয়েল কমপ্লেক্স । ২০১৪ ত ছয়গাৱঁত হ'ল প্ৰচেচিং তথা পেকেজিং ইণ্ড্ৰাষ্ট্ৰী । বৰ্তমান প্ৰায় ১৫ বিধমান থলুৱা জলপান পোৱাৰ উপৰি মুঠ ৩২ বিধ সামগ্ৰী পোৱা যায় । এতিয়া ভোগালী জলপানে প্ৰতিদিনে নিজৰ উৎপাদিত ৩২ বিধ সামগ্ৰীৰ প্ৰায় ২০হাজাৰ পেকেটৰ পেকেজিং কৰে । বিহুৰ সময়ত প্ৰতি দিনে ৬-৭ হাজাৰ পিঠা আৰু ৫ হাজাৰ নাৰিকল লাড়ু বনোৱা হয় ।"

ক'ত ক'ত যোগান ধৰে ভোগালী জলপান ?

কেৱল গুৱাহাটীতেই নহয়, শদিয়াৰ পৰা ধুবুৰীলৈকে ভোগালী জলপানৰ যোগান ধৰা হয় । ইয়াৰ উপৰি দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় । ১৯৯৭ চনত ব্যৱসায়িকভাৱে আৰম্ভ হোৱা ভোগালী জলপান আজিৰ পৰ্যায় পোৱাৰ এই সুদীৰ্ঘ পৰিক্ৰমাৰ আঁৰত আছে অজিৎ শৰ্মা বৰুৱাৰ সংগ্ৰামৰ দীঘলীয়া কাহিনী । তেওঁ কয়, " চৰাইদেউ জিলাৰ টেঙাপুখুৰী অঞ্চলৰ গাঁৱৰ ঘৰৰ পৰা মোলৈ মায়ে পঠিওৱা কোমল চাউল,সান্দহৰ টোপোলাটোৰ পৰা আৰম্ভ হোৱা ভোগালী জলপান আজিৰ পৰ্যায় পালেহি । পঢ়ি থকাৰ সময়তে বজাৰৰ পৰা দীঘলীয়া পলিথিনৰ পেকেট আনি নিৰ্দিষ্ট পৰিমাণৰ চানাচুৰ ভৰাই মম গলাই ছীল কৰি পুনৰ একেজোখত ভৰাই চানাৰ পেকেটৰ দীঘলীয়া লানি প্ৰস্তুত কৰিছিলো যাতে সহজতে চিঙি দিব পৰা যায় গ্ৰাহকক ।"

ব্য়ৱসায়ীগৰাকীয়ে পুনৰ কয়," স্নাতক ডিগ্ৰী লোৱাৰ পিছত মায়ে গুৱাহাটীত চাকৰি কৰিবলৈ জোৰ দিলে । মাৰ কথা মতে ১৯৮৮ চনত গুৱাহাটীলৈ আহো । এটা কোম্পানীত একাউন্টচ বিভাগৰ চাকৰিত সোমাইছিলো । পৰৱৰ্তী সময়ত ১৯৯১ চনত এখন বাতৰি কাকতৰ চাৰ্কুলেচন বিভাগত যোগদান কৰো । চাকৰি কৰি থকাৰ সময়ত মায়ে ঘৰৰ পৰা পঠিয়াই দিয়ে কোমল চাউল, সান্দহ আদি ঘৰৰ জলপান । সেই জলপান সহকৰ্মী সকলক খুৱাইছিলো । তেওঁলোকে খুব ভাল পাইছিল । তেতিয়াই মই চিন্তা কৰিলো থলুৱা জলপানৰে কিবা এটা কৰাৰ কথা । সেইমতেই জলপানৰ ব্যৱসায় আৰম্ভ কৰো । বিহুৰ উপৰি বাৰমাহে জলপান বিক্ৰী কৰি আহিছো । "

কিমান কৰ্মচাৰী আছে ?

ভোগালী জলপানত ৯৪ জন কৰ্মচাৰীৰ এটা ডাঙৰ পৰিয়াল আছে । ভোগালী জলপানক লৈ অজিত শৰ্মা বৰুৱাৰ বহু সপোন । তেওঁ ইতিমধ্যে এটা ইনহাউছ লেবৰেট'ৰী গঢ়ি তুলিছে যাতে প্ৰতিদিনে গৱেষণাৰ জৰিয়তে নতুন নতুন সোৱাদৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে । ভোগালী জলপানে প্ৰস্তুত কৰা সান্দহ, আখৈ গুড়ি, চেনি মিলাই এটা ‘জলপান’ আৰু এই তিনিবিধ সামগ্ৰীৰ সৈতে গাখীৰ মিলাই তৈয়াৰ কৰা ‘মিল্কী জলপান’ নৱপ্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় হৈছে বুলি কয় ব্য়ৱসায়ীগৰাকীয়ে ।

লগতে পঢ়ক:ভোগালীৰ আগমন, ঢেঁকীৰ চেৱত কঁপিছে ধেমাজি - PREPARATION FOR BHOGALI BIHU

মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.