দেৱাছ : মধ্য প্ৰদেশৰ দেৱাছ জিলাত ভয়ংকৰ ঘটনা । ৰেফ্ৰিজেৰেটৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । প্ৰেমিকে হত্যা কৰি মহিলাগৰাকীৰ মৃতদেহ ৰেফ্ৰিজেৰেটৰত ভৰাই থোৱাৰ অভিযোগ উঠিছে । তেওঁলোকে দুয়ো ঘৰটোত লিভ ইন ৰিলেশ্যনত আছিল ।
এগৰাকী আৰক্ষী বিষয়াই কয় যে ভুক্তভোগী মহিলাগৰাকীয়ে বিয়াৰ বাবে হেঁচা দিয়াৰ পিছতে অভিযুক্তই ডিঙি চেপি হত্যা কৰিছিল । মৃতদেহটো বি এন পি (বেংক নোট প্ৰেছ) আৰক্ষী থানাৰ অন্তৰ্গত বৃন্দাবন ধাম কলনীত থকা এটা ঘৰত পোৱা গৈছে ।
ভাড়াতীয়াই উদ্ধাৰ কৰে মৃতদেহটো
আৰক্ষীয়ে জনোৱা মতে ঘৰটোৰ বৰ্তমানৰ ভাড়াতীয়াই এটা বন্ধ কোঠা পৰিষ্কাৰ কৰিবলৈ লৈছিল আৰু তেতিয়াই তাত থকা ৰেফ্ৰিজেৰেটৰত মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে । ইফালে উজ্জয়িনী জিলাৰ বাসিন্দা অভিযুক্ত সঞ্জয় পাতিদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
ঘটনাটো সন্দৰ্ভত আৰক্ষী অধীক্ষক পুনীত গেহলটে কয় যে তেওঁলোকে বৃন্দাবন ধাম কলনীৰ এটা ঘৰত ৰেফ্ৰিজেৰেটৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে । খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কয় যে ঘৰটো ধীৰেন্দ্ৰ শ্ৰীবাস্তৱ নামৰ এজন লোকৰ । তেওঁ বৰ্তমান ইন্দোৰত বাস কৰে আৰু তেওঁ ইয়াক বলবীৰ ৰাজপুত নামৰ এজন ব্যক্তিক ভাড়াত দিছিল ।
আৰক্ষী অধীক্ষকৰ মতে ৰাজপুতে দীৰ্ঘদিন ধৰি ঘৰটোত বাস কৰি আছে । ঘৰটোৰ দুটা কোঠা পূৰ্বৰ ভাড়াতীয়াই বন্ধ কৰি থৈছিল । বলবীৰ ৰাজপুতে সেই কোঠাবোৰ পৰিষ্কাৰ কৰিবলৈ খুলিছিল । শুকুৰবাৰে পুৱা যেতিয়া তেওঁ ৰেফ্ৰিজেৰেটৰটো খুলিছিল তেওঁ তাত মহিলাগৰাকীৰ মৃতদেহটো দেখিছিল । ৰাজপুতে লগে লগে আৰক্ষীক অৱগত কৰে বুলি আৰক্ষী অধীক্ষকে জনায় ।
গেহলটে কয়,"আৰক্ষীয়ে চুবুৰীয়াসকলক সোধা-পোছা কৰাৰ লগে লগে তেওঁলোকে জানিব পাৰিলে যে ৰাজপুতৰ পূৰ্বে উজ্জয়িনীৰ বাসিন্দা সঞ্জয় পাতিদাৰ নামৰ এজন ব্যক্তিয়ে ঘৰটো ভাড়ালৈ লৈছিল । মহিলাগৰাকীয়ে পাতিদাৰৰ লগত ঘৰটোত বাস কৰিছিল । চুবুৰীয়াৰ মতে ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা কোনেও সেই মহিলাগৰাকীক দেখা নাছিল । সঞ্জয় পাতিদাৰে তেতিয়া চুবুৰীয়াক কৈছিল যে মহিলাগৰাকী তেওঁৰ মাকৰ ঘৰলৈ গৈছিল ।"
অভিযুক্তক গ্ৰেপ্তাৰ
আৰক্ষী অধীক্ষকে কয়,"প্ৰাৰম্ভিক তথ্যৰ ওপৰত ভিত্তি কৰি সঞ্জয় পতিদাৰক আটক কৰা বাবে আৰক্ষীৰ এটা দল গঠন কৰা হয় । শুকুৰবাৰে দুপৰীয়া আৰক্ষীয়ে পতিদাৰক জিম্মাত লয় । প্ৰাথমিক জেৰাত অভিযুক্তই এই অপৰাধৰ কথা স্বীকাৰ কৰিছে । তেওঁ আৰক্ষীক কৈছিল যে তেওঁ যোৱা ৫ বছৰ ধৰি মহিলাগৰাকীৰ সৈতে লিভ-ইন ৰিলেশ্যনত আছিল । পাতিদাৰ উজ্জয়িনীৰ বাসিন্দা আৰু তেওঁ প্ৰায় ৩ বছৰ উজ্জয়িনীত মহিলাগৰাকীৰ সৈতে আছিল । তাৰ পিছত তেওঁ দেৱাছত এটা ঘৰ ভাড়ালৈ লৈছিল আৰু তাত বাস কৰিছিল ।"
বি এন পি আৰক্ষী থানাৰ পৰিদৰ্শক অমিত চোলাঙ্কীয়ে কয় যে পাতিদাৰে মাজে মাজে ঘৰলৈ গৈছিল । তেওঁ কয়, "বৰ্তমানৰ ভাড়াতীয়াজনে ঘৰৰ মালিকক ঘৰৰ এই অংশটো খোলাৰ কথা কৈছিল । ঘৰৰ মালিকে ঘৰৰ এই অংশটো ভাড়াতীয়াজনক দেখুৱাইছিল কিন্তু তাৰ পিছত ইয়াক পুনৰ বন্ধ কৰি দিছিল, কিয়নো পাতিদাৰৰ সামগ্ৰীবোৰ ভিতৰতে আছিল । বুধবাৰে কোঠা দুটাত বিদ্যুৎ যোগানো বন্ধ কৰি দিছিল ।"
বিদ্যুৎ যোগান বন্ধ হোৱাৰ পিছতে ৰেফ্ৰিজেৰেটৰ বন্ধ হৈছিল আৰু ঘৰৰ সেই অংশৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছিল ।
প্ৰাথমিক জেৰাত অভিযুক্তই আৰক্ষীক কয় যে ২০২৪ চনৰ আৰম্ভণিতে মহিলাগৰাকীয়ে তেওঁক বিবাহৰ বাবে নিৰন্তৰ হেঁচা দি আছিল । আৰক্ষী অধীক্ষকে কয়,"অভিযুক্ত পতিদাৰে তেওঁৰ এজন সহযোগী বিনোদ দাভেক ফোন কৰিছিল, যি উজ্জয়িনীৰ বাসিন্দা আৰু দুয়োজনে ২০২৪ চনৰ মাৰ্চ মাহত মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰিছিল । এই অপৰাধটো লুকুৱাবলৈ অভিযুক্তই মৃতদেহটো ঘৰৰ ৰেফ্ৰিজেৰেটৰত থৈছিল । তেওঁ ৰেফ্ৰিজেৰেটৰটো কাপোৰেৰে বান্ধিছিল, ভালদৰে ঢাকি দিছিল আৰু তাৰ পিছত কোঠাটো বন্ধ কৰি দিছিল ।"
আৰক্ষীয়ে অভিযুক্ত পতিদাৰক গ্ৰেপ্তাৰ কৰিছে । ইফালে দ্বিতীয় অভিযুক্ত বিনোদ দাভে বৰ্তমান টংক জিলাৰ কোতৱালী আৰক্ষী থানাৰ এটা গোচৰত ৰাজস্থানৰ কাৰাগাৰত বন্দী হৈ আছে ।
লগতে পঢ়ক :বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত চি আৰ পি এফ জোৱান - IED BLAST IN BIJAPUR