ETV Bharat / state

প্ৰেমিকাই নহয়, আৰক্ষীয়েহে গোলাপ বিলালে বাইক চালকক - ROAD SAFETY AWARENESS

কি কাৰণে হাতত ৰঙা গোলাপ, হেলমেট লৈ ৰাজপথত সষ্টম যান-বাহন আৰক্ষী ! জানিবলৈ পঢ়ক...

Road Safety Awareness Campaign
আৰক্ষীয়ে বিলালে ৰঙা গোলাপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 6:31 PM IST

বাইহাটা : আজি ১৪ ফেব্ৰুৱাৰী । এই দিনটোতেই পালন কৰা হয় 'ভেলেণ্টাইন ডে' ৷ প্ৰেমৰ এই বিশেষ দিনটোত আৰক্ষীয়েও সকলোৰে মাজত বিলালে প্ৰেমৰ সুবাস । আমিনগাঁওস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখত আৰক্ষীয়ে বিলালে ৰঙা গোলাপ । কিছুমানক বিলালে হেলমেট ।

যান-বাহন আইন উলংঘা কৰিলে সাধাৰণতে আৰক্ষীয়ে চালক তথা আৰোহীক জৰিমনা বিহে যদিও আজি ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গ'ল ।

আৰক্ষীয়ে বিলালে ৰঙা গোলাপ (ETV Bharat Assam)

ৰঙা গোলাপ আৰু হেলমেট উপহাৰ :

প্ৰেমৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটোত দেখা গ'ল কামৰূপ আৰক্ষীৰ এক ব্যতিক্ৰমী ৰূপ । ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখত হাজো-আমিনগাঁও পথত ৰূপায়ণ কৰা হয় এই ব্যতিক্ৰমী কাৰ্যসূচী । হাতত ৰঙা গোলাপ, হেলমেট লৈ ৰাজপথত সষ্টম যান-বাহন আৰক্ষী বিষয়াৰ লগতে যুৱকৰ দল । দুচকীয়া বাহন চলাওঁতে হেলমেট নিপিন্ধা প্ৰতিগৰাকী বাইক চালকক এপাহ ৰঙা গোলাপ আৰু একোটা হেলমেট উপহাৰ দি যান-বাহন আইন ভংগ নকৰিবলৈ আহ্বান জনালে আৰক্ষীয়ে ।

কেৱল ইমানেই নহয়,যান-বাহন আইন মানি বাইক, গাড়ী চলোৱা প্ৰতিগৰাকী চালকৰ মাজতো ৰঙা গোলাপ আৰু হেলমেট বিলাই শুভেচ্ছা জনালে দলটোৱে । কামৰূপ যানবাহন আৰক্ষী আৰু Yotta Data Servicesৰ উদ্য়োগত ৰূপায়ণ কৰা হয় এই ব্যতিক্ৰমী কাৰ্যসূচী । এই সন্দৰ্ভত Yotta Data Services ৰ এগৰাকী কৰ্মচাৰীযে সংবাদ মাধ্যমক কয়, "আজিৰ এই প্ৰেমৰ দিন ভেলেণ্টাইন ডে'ত যিসকল দুচকীয়া বাহন চালকে হেলমেট পৰিধান নকৰি বাইক চলাইছে সেইসকলক একোটা হেলমেট বিতৰণ কৰা হয় । যিসকল চাৰিচকীয়া বাহনৰ চালকে ছীট বেল্ট পৰিধান কৰা নাই সেইসকলকো কামৰূপ আৰক্ষীৰ সহযোগত ৰঙা গোলাপ বিতৰণ কৰা হয় । ৰাইজৰ মাজত পথ সুৰক্ষাৰ লগতে সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক:ভেলেণ্টাইন ডে বিশেষ: আনৰ সলনি নিজক ভালপোৱাই সঠিক বুলি বাৰ্তা দিছিল বলীউডৰ এই ৫ খন ছবিয়ে - BOLLYWOOD FILMS SHOWS SELF LOVE

প্ৰেম প্ৰকাশৰ বাবে কিয় দিয়া হয় ৰঙা গোলাপ ? গোলাপে বাৰুকৈয়ে জগায় নেকি প্ৰেমৰ অনুভুতি - ROSE DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.