অসম

assam

লোকসভা নিৰ্বাচন 2024 : অসমৰ 143 গৰাকী প্ৰাৰ্থীৰ 112 গৰাকীৰে আমানত ধন বাজেয়াপ্ত - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:09 PM IST

Lok Sabha Election 2024 : নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এটা সংসদীয় সমষ্টিত ভোটদান হোৱা সৰ্বমুঠ ভোটৰ পৰা 'নোটা'ৰ ভোটখিনি বাদ দিয়াৰ পাচত অৱশিষ্ট মুঠ ভোটৰ এক ষষ্ঠাংশ ভোট লাভ নকৰা প্ৰাৰ্থীসকলৰ আমানতৰ ধন বাজেয়াপ্ত হয় ৷ সেই সন্দৰ্ভত যুগুতোৱা এক প্ৰতিবেদন ৷

LOK SABHA ELECTION RESULTS 2024
অসমৰ লোকসভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী (Etv Bharat Assam)

গুৱাহাটী, ১০ জুন :সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১২ গৰাকী প্ৰাৰ্থীৰ আমানত ধন বাজেয়াপ্ত হৈছে ৷ আমানত ধন বাজেয়াপ্ত হোৱা প্ৰাৰ্থীৰ হাৰ প্ৰায় ৭৮ শতাংশ ৷ অর্থাৎ এই বৃহৎ সংখ্যক প্ৰার্থীয়ে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা সংসদীয় সমষ্টিত ভোটদান হোৱা মুঠ ভোটৰ (নোটাক বাদ দি) নূন্যতম এক ষষ্ঠাংশও লাভ কৰিবলৈ সক্ষম নহ'ল ৷

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এটা সংসদীয় সমষ্টিত ভোটদান হোৱা সৰ্বমুঠ ভোটৰ পৰা 'নোটা'ৰ ভোটখিনি বাদ দিয়াৰ পাছত অৱশিষ্ট মুঠ ভোটৰ এক ষষ্ঠাংশ ভোট লাভ নকৰা প্ৰাৰ্থীসকলৰ আমানতৰ ধন বাজেয়াপ্ত হয় ৷ নিৰ্বাচন আয়োগে প্ৰাৰ্থীয়ে মনোনয়নৰ সৈতে আদায় দিয়া ধনৰাশি ঘূৰাই নিদিয়ে ৷ লোকসভা নিৰ্বাচনত অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰাৰ্থীয়ে ১২,৫০০ টকা আৰু অন্য বৰ্গৰ প্ৰার্থীয়ে ২৫,০০০ টকা আমানত ধন হিচাপে মনোনয়নৰ সৈতে জমা দিব লাগে ৷

আমানত ধন জব্দ হোৱা এইবাৰৰ কেবাগৰাকীও জনপ্ৰিয় তথা প্ৰভাৱশালী আৰু ধনী প্ৰাৰ্থীৰ বিষয়ে চমু প্ৰতিবেদন আগবঢ়োৱা‌ হ'ল ৷ তেওঁলোক হৈছে ক্ৰমে -

শুকুৰ আলী:

শুকুৰ আলীক নতুনকৈ পৰিচয় দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ তেওঁ এইবাৰ ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ ধুবুৰীত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫ টা ভোট লাভ কৰাৰ বিপৰীতে শুকুৰ আলীয়ে লাভ কৰিছে মাত্ৰ ৪,৭৯২ টা‌ ভোট ৷‌ শুকুৰ আলী ১১ নম্বৰ স্থানত আছে ৷

শুকুৰ আলী (Etv Bharat Assam)

বদৰুদ্দিন আজমলে ৪, ৫৯,৪০৯ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ৷ যোৱাবাৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল শুকুৰ আলীয়ে ৷ নিৰ্বাচনৰ পূৰ্বে কেৱল মাত্ৰ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাই শুকুৰ আলীয়ে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছিল ৷

কেতিয়াবা কিডনী বিক্ৰী কৰি হ’লেও নিৰ্বাচন খেলিব বুলি দাবী কৰাৰ লগতে কেতিয়াবা কৈছিল এইবাৰ তেওঁ ন লাখ ভোট পাই আজমলক পৰাস্ত কৰিব ৷ কিন্তু শুকুৰ আলীৰ ভাগ্য সঁচাকৈ আছিল বেয়া ৷ ফলাফলৰ পাছত তেওঁ পাঁচ হেজাৰ ভোটো লাভ নকৰিলে ৷

বিশ্বজিৎ ৰায়:

পৃথক কমতাপুৰ ৰাজ্য দাবী কৰা তথা কোঁচ-ৰাজবংশী ছাত্ৰ সংগঠনৰ প্ৰাক্তন নেতা বিশ্বজিৎ ৰায় এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে নিজা দল গঠন কৰিছিল ৷ অৱশ্যে তেওঁ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷

বিশ্বজিৎ ৰায় (Etv Bharat Assam)

নিৰ্বাচনত তেওঁ বেয়াকৈ মুখথেকেচা খায় ৷ ধুবুৰীত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫ টা ভোট লাভ কৰাৰ বিপৰীতে বদৰুদ্দিন আজমলে ৪, ৫৯,৪০৯ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ৷ বিশ্বজিৎ ৰায়ে মাত্ৰ ৭,৭০৩ টা ভোট লাভ কৰি ষষ্ঠ স্থানতে সন্তুষ্ট হ'বলগীয়া হয় ৷

মনোৰঞ্জন তালুকদাৰ:

বৰপেটা লোকসভা সমষ্টিৰ বাওঁপন্থী দলৰ শক্তিশালী প্ৰাৰ্থী হিচাপে আৰম্ভণিৰ পৰা চৰ্চাত থকা চি পি আই‌ এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে শোচনীয়ভাৱে পৰাজয়‌বৰণ‌ কৰে ৷ বৰপেটা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে হেভীৱেইট প্ৰাৰ্থী হিচাপে চৰ্চাত আছিল ৷

মনোৰঞ্জন তালুকদাৰ (Etv Bharat Assam)

কিন্তু মনোৰঞ্জন তালুকদাৰ দ্বিতীয় স্থানত থকা দূৰৈৰ কথা, তেওঁ এক লাখৰো অধিক ভোট লাভ নকৰিলে ৷ অগপৰ ফণীভূষণ চৌধুৰীয়ে ৮,৬০,১১৩ টা ভোট, কংগ্ৰেছৰ দীপ বায়নে ৬,৩৭,৭৬২ টা ভোট‌ আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৯৬,১৩৮ টা‌ ভোট লাভ কৰে ৷ অগপৰ ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভোটৰ ব্যৱধান আছিল ৭,৬৩,৯৭৫ টা ভোট ৷

দুলু আহমেদ:

একমাত্ৰ নিৰ্বাচন খেলাৰ‌ বাবে বিসম্বাদ কৰি অসম জাতীয় পৰিষদৰ পৰা ওলাই অহা দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৯,৩৩৮ টা ভোট লাভ কৰে ৷

দুলু আহমেদ (Etv Bharat Assam)

মনোজ ধানোৱাৰ:

ডিব্ৰুগড় সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মনোজ ধানোৱাৰে ১,৩৩,৮৬৪ টা ভোট লাভ কৰি তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

মনোজ ধানোৱাৰ (Etv Bharat Assam)

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৰাজ্যৰ দ্বিতীয়জন ধনী প্ৰার্থী আছিল ডিব্ৰুগড় সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মনোজ ধানোৱাৰ ৷ মনোজ ধানোৱাৰৰ স্থাৱৰ-অস্থাৱৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 9.32 কোটি টকা ৷

দিলোৱাৰা বেগম চৌধুৰী:

লোকসভা নিৰ্বাচনত অৱতীর্ণ নির্দলীয় প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ ধনৱন্ত প্ৰার্থী কাজিৰঙাৰ দিলোৱাৰা বেগম চৌধুৰীৰ আমানত ধন বাজেয়াপ্ত হৈছে ৷ এসময়ত ৰাইজৰ দলৰ সক্ৰিয় নেত্ৰী হিচাপে পৰিচিত দিলোৱাৰা বেগম চৌধুৰীয়ে দল ত্যাগ কৰি কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷

দিলোৱাৰা বেগম চৌধুৰী (Etv Bharat Assam)

নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 17.58 কোটি টকা ৷ অট'ৰিক্সাৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নির্দলীয় প্ৰার্থীগৰাকীৰ অস্থাৱৰ সম্পত্তি 4.65 কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 12.92 কোটি টকা ৷

ঋষিৰাজ কৌণ্ডিন্য:

এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ‌ ভিতৰত সৰ্বাধিক অপৰাধৰ গোচৰ থকা ঋষিৰাজ কৌণ্ডিন্যই শোণিতপুৰ লোকসভা পৰা আপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৩৩,০৪৮ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে ৷

ঋষিৰাজ কৌণ্ডিন্য (Etv Bharat Assam)

শোণিতপুৰ লোকসভাত বিজেপিৰ ৰঞ্জিত দত্তই ৭,৭৫,৭৮৮ টা‌ ভোট লাভ কৰি বিজয়ী হৈছে ৷

চাহাবুল ইছলাম চৌধুৰী:

আমানত ধন বাজেয়াপ্ত হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ অন্যতম ধনী প্ৰার্থী হিচাপে এ আই ইউ ডি এফৰ কৰিমগঞ্জৰ প্ৰার্থী চাহাবুল ইছলাম চৌধুৰী আছে ৷ চাহাবুল ইছলাম চৌধুৰীয়ে মাত্ৰ ২৯,২০৫ টা‌‌ ভোটহে লাভ কৰিবলৈ সক্ষম‌ হয় ৷

চাহাবুল ইছলাম চৌধুৰী (Etv Bharat Assam)

আমিনুল ইছলাম:

নগাঁও লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ‌ শক্তিশালী প্ৰাৰ্থী হিচাপে চৰ্চাত থকা বিধায়ক আমিনুল ইছলামে মাত্ৰ ১,৩৭,৩৪০ টা ভোট লাভ কৰে ৷

আমিনুল ইছলাম (Etv Bharat Assam)

য'ত বিজয়ী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৮,৮৫০ ভোট লাভ কৰাৰ‌ বিপৰীতে বিজেপিৰ পৰাজিত প্ৰাৰ্থী সুৰেশ বৰাই ৪,১৪,৩৮০ টা ভোট লাভ কৰে ৷

শিখা শৰ্মা:

সততে বিতৰ্কত থকা লেখিকা শিখা শৰ্মাক নগাঁৱৰ ভোটাৰে সম্পূৰ্ণভাৱে প্ৰত্যাখ্যান কৰে ৷ নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা শিখা শৰ্মাই মাত্ৰ ৬,৬২০ টা‌ ভোট‌ লাভ কৰি চতুৰ্থ স্থানতহে থাকে ৷

শিখা শৰ্মা (Etv Bharat Assam)

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কোকৰাঝাৰত সংসদীয় সমষ্টিত ১২ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ দহ গৰাকীৰ, ধুবুৰীত ১৩ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ১০ গৰাকীৰ, বৰপেটাত ১৪ গৰাকীৰ ১২ গৰাকীৰ, দৰং-ওদালগুৰিত ১১ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ৮ গৰাকীৰ, গুৱাহাটীত ৮ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ৬ গৰাকীৰ, ডিফুত ৫ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ দুগৰাকীৰ, কৰিমগঞ্জত ২৪ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ২২ গৰাকীৰ, শিলচৰত ৮ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ৬গৰাকীৰ, নগাঁৱত ১৩ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰার্থীৰ ১১ গৰাকীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে ৷

একেদৰে কাজিৰঙা সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নমা ১১ গৰাকী প্ৰাৰ্থীৰ ৯ গৰাকীৰ, শোণিতপুৰত ৮ গৰাকী প্ৰাৰ্থীৰ ৬ গৰাকীৰ, লখিমপুৰত ৯ গৰাকী প্ৰাৰ্থীৰ ৭ গৰাকীৰ ডিব্ৰুগড়ত তিনিগৰাকী প্ৰাৰ্থীৰ এগৰাকীৰ আৰু যোৰহাটত ৪ গৰাকী প্ৰাৰ্থীৰ দুগৰাকীৰ আমানত ধন বাজেয়াপ্ত হৈছে ৷

লগতে পঢ়ক:যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

ABOUT THE AUTHOR

...view details