নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী :সম্প্ৰতি ঝাৰখণ্ডৰ ৰাজনীতি দেশজুৰি চৰ্চিত হৈ আছে । ৰাজনৈতিক নাটকৰ মাজতে চম্পাই ছোৰেণৰ নেতৃত্বত ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্ৰজোঁটৰ এটা ৫ জনীয়া দলে বৃহস্পতিবাৰে সন্ধিয়া ৫:৩০ বজাত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিবলৈ সাজু হৈছে ।
সূত্ৰৰ মতে জেএমএময়ে নতুন মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেণক লৈ চৰকাৰ গঠন কৰিব বিচাৰিছে । প্ৰায় ৩৫ জন জেএমএমৰ, ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ বিধায়কসকলক দুখন চাৰ্টাৰ্ড বিমানেৰে ৰাঁচীৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰ কৰা হৈছে । প্ৰথমতে তেওঁলোকে ৰাঁচী বিমানবন্দৰৰ পৰা পুৱা ১০:৩০ বজাত উৰা মাৰিব বুলি জানিব পৰা গৈছিল । কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁলোক সন্ধিয়া ৫ বজাৰ ভিতৰত হায়দৰাবাদ বিমানবন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।
হেমন্ত ছোৰেণৰ স্থানত মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেণে শক্তি প্ৰদৰ্শন কৰি হৰ্ছ ট্ৰেডিঙৰ আশ্ৰয় লোৱাৰ আশংকাত এই পদক্ষেপ লোৱা হৈছে যেন অনুমান হৈছে । আনহাতে, একাংশ বিধায়ক এতিয়াও ৰাঁচীতে আছে ।