হোজাই, 2 এপ্ৰিল:"যিজনে উলিয়াইছে তেওঁ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ বতাহ দেখি প্ৰচাৰ চলাইছে । যিখন ফটো দেখুৱাইছে সেইখন মই সৰুপথাৰৰ বিধায়িকা হৈ থাকোতে, অসম সীমান্তত চাইন্সৰ কলেজ মই আৰম্ভ কৰিছিলো । সেই সময়ত ভৱেশ কলিতা বিভাগীয় মন্ত্রী আছিল । তেতিয়া তেওঁ আহিছিল ৷ সেই সময়ৰ ফটো হব লাগে "নিৰ্বাচনৰ গৰম বতাহৰ মাজত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটো সন্দৰ্ভত নিজ মুখে স্পষ্টীকৰণ দিলে তিৰ্কীয়ে ।
সোমবাৰৰ নিশা হোজাই জিলাৰ লংকা পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে দলীয় সদস্যৰ সৈতে নিৰ্বাচন কেন্দ্রিক আলোচনাত মিলিত হয় । লংকাত উপস্থিত হৈ কংগ্ৰেছ দলৰ হোজাই জিলা সভাপতিকে ধৰি একাংশ সতীৰ্থৰ লগত নিৰ্বাচন কেন্দ্রীক আলোচনাত মিলিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী । উক্ত আলোচনা সভাতেই কেইবাজনো সদস্যই নতুনকৈ যোগদান কৰে কংগ্ৰেছ দলত ।