অসম

assam

ETV Bharat / politics

ভোট শেষ হ'ল কি নহ'ল বিহালীত হাহাকাৰ: নিশা পৰ্যন্ত জিনজিয়া উত্তপ্ত - PROTEST IN BEHALI

শান্তিপূৰ্ণ নিৰ্বাচনৰ মাজতে বিহালীত অঘটন । প্ৰতিবাদমুখৰ বিহালী সমষ্টিৰ জিনজিয়া । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০০ মিটাৰ দূৰত্বত পথ অৱৰোধ প্ৰতিবাদকাৰীৰ ।

Protest against the detention of Congress leader Utpal Gogoi in Behali
উপ-নিৰ্বাচনৰ মাজতে উত্তপ্ত বিহালী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 10:45 PM IST

তেজপুৰ:বুধবাৰে উপ-নিৰ্বাচন চলি থকাৰ মাজতে বিহালীত কংগ্ৰেছৰ নেতা তথা চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰে জিনজিয়া আৰক্ষীয়ে । ফলত জিনজিয়া থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কংগ্ৰেছ কৰ্মীয়ে ।

উল্লেখযোগ্য যে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক বুধবাৰে দিনৰভাগতে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত জিনজিয়া আৰক্ষীয়ে আটক কৰে । ইফালে জিলা সভাপতিগৰাকীক আটক কৰা পিছতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে জিনজিয়া আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে উৎপল গগৈৰ মুক্তিৰ দাবীত ।

ভোট শেষ হ'ল কি নহ'ল বিহালীত হাহাকাৰ: নিশা পৰ্যন্ত জিনজিয়া উত্তপ্ত (ETV Bharat)

ইফালে সাংসদ গৌৰৱ গগৈ আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নাজাৰ জিনজিয়া আৰক্ষী থানাত উপস্থিত হৈ উৎপল গগৈৰ কাষত বহি পৰে ।

আনহাতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে জিনজিয়া আৰক্ষী থানাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীৰ মন্তব্য, "ইউ পি, বিহাৰৰ দৰে পৰিস্থিতি হৈছে অসমত, অসমৰ ৰাইজ জাগক এতিয়া ।" ঘটনা সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকক কেইবাবাৰো যোগাযোগ কৰা হৈছিল যদিও কোনো সঁহাৰি পোৱা নগ'ল । ইফালে নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে নিশা আৰক্ষীয়ে বিহালী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখন হোটেলত অভিযান চলাইছিল ।

বিশ্বনাথ চাৰিআলিত অৱস্থিত হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত হঠাতে মঙলবাৰে নিশা দলে-বলে আহি উপস্থিত হয় বিশ্বনাথ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ৷ বিশ্বনাথৰ জিলা অতিৰিক্ত আয়ুক্তৰ উপস্থিতিত কেবা ঘণ্টাজুৰি দুয়োখন হোটেলতে চলোৱা হয় এই অভিযান ।

লগতে পঢ়ক:নেতাৰ কামো শেষ, জনতাৰ কামো শেষ: ৩৪ গৰাকীৰ উচ্চ ৰক্তচাপ আৰম্ভ

উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details