নিউজ ডেস্ক, 19 মে':দেওবাৰে আপে কয় যে দিল্লী আৰক্ষীয়ে স্বাতী মালিৱালৰ ওপৰত ‘আক্ৰমণ’ৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ডিভিআৰ জব্দ কৰিছে ৷ লগতে নিৰ্বাচনৰ পূৰ্বে দলটোৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ আৰক্ষীয়ে কাহিনী ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে ।
অৱশ্যে এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই । উল্লেখ্য যে, যোৱা ১৩ মে’ত কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যাওঁতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আপৰ ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱালে ।
আপে তেওঁৰ অভিযোগ সন্দৰ্ভত দাবী কৰিছে যে মালিৱালে কেজৰিৱালক বদনামী কৰিবলৈ বিজেপিৰ নিৰ্দেশত কাম কৰিছে । শনিবাৰে বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । দেওবাৰে সংবাদমেল সম্বোধন কৰি আপ নেতা সৌৰভ ভৰদ্বাজে কয় যে আৰক্ষীয়ে ইতিমধ্যে চিচিটিভি কেমেৰাৰ ডিভিআৰ (ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ) জব্দ কৰিছে ।
"কালি (শনিবাৰে) তেওঁলোকে প্ৰৱেশদ্বাৰ, সীমাৰ দেৱালত লগোৱা কেমেৰাৰ ডিভিআৰ জব্দ কৰে আৰু আজি (দেওবাৰে) ঘৰৰ অন্যান্য প্ৰান্তত লগোৱা কেমেৰাৰ ডিভিআৰ জব্দ কৰে । আৰক্ষীয়ে এনে কাহিনী ৰচনা কৰি আছে যে চিচিটিভি ফুটেজ ডিলিট কৰা হৈছে ৷ কিন্তু তেওঁলোকে ইতিমধ্যে জব্দ কৰিছে ।’’ তেওঁ দাবী কৰে ৷
লগতে পঢ়ক:বিভৱ কুমাৰৰ ওলোটা খৰ, স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Swati Maliwal Assault case