অসম

assam

ETV Bharat / politics

উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ - ASSAM BYE ELECTIONS 2024

নিৰ্বাচন আয়োগক অভিযোগ দিয়া সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিৰোধী দলপতিগৰাকীৰ ।

Debabrata Saikia alleged rigging
উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 8:06 PM IST

গুৱাহাটী :ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিশেষকৈ চামগুৰি আৰু বিহালীত শাসক পক্ষৰ দ্বাৰা ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

নিজৰ প্ৰতিক্ৰিয়াত বিৰোধী দলপতিগৰাকীয়ে কয়, "আমি নিৰ্বাচন আয়োগক অভিযোগ দিয়া সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । আমি এই কাৰ্যকলাপৰ বাবে চৰকাৰ আৰু নিৰ্বাচন আয়োগক ধিক্কাৰ দিছো । চামগুৰি উপ-নিৰ্বাচনত আমি পূৰ্বানুমান কৰাৰ দৰেই ব্যাপক হিংসা আৰু ৰিগিং হৈছে ।"

উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "ৰিগিঙৰ যোগেদি শাসকীয় পক্ষই নিজৰ প্ৰাৰ্থীক জয়ী কৰাব বিচাৰিছে । নিৰ্বাচন আয়োগে আমাৰ অভিযোগক অলপো গুৰুত্ব নিদিলে । বৰং তেওঁলোকে শাসক পক্ষৰ হৈ কাম কৰিছে । খবৰ পোৱা অনুসৰি বহুকেইটা ভোটকেন্দ্ৰত শাসকীয় পক্ষই ৰিগিং কৰিছে আৰু আমাৰ ভোটাৰসকলক তেওঁলোকে ভোটদানৰ পৰা বিৰত কৰাইছে ।"

বহু লোকে ভোটদানৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰি বিৰোধী দলপতিয়ে কয়, "বহু স্থানত দেখা গৈছে যে ভোটাৰজন অহাৰ পূৰ্বেই তেওঁৰ নামত আন কোনোবাই ভোট দি গৈছে । যাৰ বাবে এই নিৰ্বাচন নিৰপেক্ষ নিৰ্বাচন হোৱা নাই । এনে ষড়যন্ত্র কৰাৰ বাবে মই শাসক পক্ষক তীব্ৰ গৰিহণা দিছোঁ আৰু নিৰ্বাচন আয়োগক ধিক্কাৰ দিছো । নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ অভাৱ পৰিলক্ষিত হৈছে আৰু যিটো অত্যন্ত দুৰ্ভাগ্যজনক ।"

উল্লেখ্য যে অসমকে ১০ ৰাজ্যত বুধবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ বাবে অসমৰ পাঁচখন বিধানসভা আসন খালী হয় । যাৰ বাবে এই আসনকেইখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হয় । সমষ্টিকেইটা হৈছে বিহালী, ধলাই, চামগুৰি, বঙাইগাঁও আৰু চিদলী ।

আনহাতে, এই পাঁচটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ আছিল । সমষ্টি দুটা হৈছে চামগুৰি আৰু বিহালী । ইয়াৰে ভিতৰত চামগুৰি সমষ্টিত যেন ভোটযুদ্ধ নহয়, কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰহে সৃষ্টি হয় । প্ৰাক-নিৰ্বাচনী হিংসাৰ লগতে ভোটগ্ৰহণৰ দিনটোতো সমষ্টিটোত অব্যাহত থাকে বিক্ষিপ্ত ঘটনা ।

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৫ টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০১২৬ গৰাকী । অৱশ্যে কোন সমষ্টিত কিমান শতাংশ ভোটদান হ'ল সেই তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক :হিংসাজৰ্জৰ চামগুৰিত ভোটগ্ৰহণ সম্পন্ন
লগতে পঢ়ক :চামগুৰিৰ শালপাৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতি: ৰকিবুল-তানজিলক খেদিলে ৰাইজে

ABOUT THE AUTHOR

...view details