অসম

assam

ETV Bharat / politics

চামগুৰিত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণৰ দাবীৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰকিবুল হুছেইনৰ স্মাৰকপত্ৰ

চামগুৰি সমষ্টিৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ ৷ পুনৰ ভোটগ্ৰহণৰ দাবীৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ সাংসদ ৰকিবুল হুছেইনৰ স্মাৰকপত্ৰ ৷

Assam bypolls
চামগুৰিত ৰিগিঙৰ অভিযোগ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 6 hours ago

গুৱাহাটী :চামগুৰিৰ উপনিৰ্বাচনত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ । ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপনিৰ্বাচনৰ অনুষ্ঠিত হৈছিল । ইয়াৰে চামগুৰি বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ সময়ত ব্যাপক ৰিগিং, বুথ কব্জা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে ।

উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে চামগুৰি বিধানসভা সমষ্টিত ব্যাপক হাৰত ৰিগিং আৰু বুথ কেপচাৰিং হোৱাৰ অভিযোগ উত্থাপন কৰি বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল কৰি ৩৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছিল ।

তাৰ পিছতে শুকুৰবাৰে তাঞ্জিল হুছেইনৰ পিতৃ তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ জৰুৰী স্মাৰকপত্ৰ প্ৰদান কৰি উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত ব্যাপক হাৰত বুথ কেপচাৰিং হোৱাৰ লগতে ৰিগিং হোৱাৰ অভিযোগ তুলি উক্ত কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে ।

চামগুৰিত ৰিগিঙৰ অভিযোগ (ETV Bharat)

সাংসদ ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে তদন্ত কৰিবলৈ সজোৰে আহ্বান জনাইছে । ৰকিবুল হুছেইনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত কয়, "১৩ নৱেম্বৰৰ ভোটগ্ৰহণৰ দিনটোত চামগুৰি সমষ্টিত ব্যাপক হাৰত ৰিগিং আৰু বুথ কেপচাৰিং কৰা হৈছিল । মুখ্যত ৩, ৪, ৫, ৬, ১৯৩, ১৯৪, ১৯৫, ১৯৬ বুথত ভোট কেপচাৰিং কৰা হৈছিল ।"

ৰিগিং আৰু বুথ কেপচাৰিঙ বহু তথ্য আছে বুলি উল্লেখ কৰি সাংসদ হুছেইনে তেনে তথ্যসমূহো পত্ৰৰ সৈতে সংলগ্ন কৰে । তাৎক্ষণিকভাৱে কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টে চামগুৰি বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়ালৈ চিঠি লিখিছিল আৰু ১৪ নৱেম্বৰত প্ৰাৰ্থী তাঞ্জিল হুছেইনেও ৰিটাৰ্ণিং বিষয়াক বিতং তথ্য দিয়া বুলি ৰকিবুল হুছেইনে পত্ৰত উল্লেখ কৰে ।

লগতে পঢ়ক :দুই-এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে চামগুৰিৰ উপ-নিৰ্বাচনত ৭৯.৫৫ শতাংশ ভোটদান

পত্ৰত সাংসদ হুছেইনে কয় যে ৰিটাৰ্ণিং বিষয়াজনক বিভিন্ন ভোটকেন্দ্ৰৰ ৰিগিং আৰু বুথ কেপচাৰিঙৰ উদাহৰণ দিয়া হৈছে । ধুবুৰীৰ সাংসদগৰাকীয়ে প্ৰাৰ্থীৰ এজেণ্টসকলক ভোটকেন্দ্ৰ আৰু ষ্টেচনৰ পৰা বলপূৰ্বক আঁতৰোৱা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

বঢ়মপুৰৰ বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভোটাৰসকলক তেওঁলোকৰ পক্ষত ভোট দিবলৈ ভয় খুৱাইছিল বুলিও উল্লেখ কৰে সাংসদ হুছেইনে । চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ নাম উল্লেখ কৰি হুছেইনে পত্ৰত কয় যে দিপ্লুৰঞ্জন শৰ্মাৰ সমৰ্থকসকলে বুথ দখল কৰাৰ লগতে আৰু ভোটাৰসকলক ভয়-ভাবুকি দিয়ে ।

পত্ৰত সাংসদগৰাকীয়ে কয়, "বিজেপিয়ে হিংসাৰ আশ্ৰয় লৈ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টক ভোটকেন্দ্ৰৰ পৰা বলপূৰ্বক আঁতৰাই বুথবোৰ দখল কৰিছিল । ৰিটাৰ্ণিং বিষয়া, আৰক্ষীয়ে বিজেপি প্ৰাৰ্থীৰ পক্ষ লৈ ভোটগ্ৰহণৰ দিনটোত বুথৰ পৰা কংগ্ৰেছৰ এজেণ্টক আঁতৰাইছিল আৰু কংগ্ৰেছ কৰ্মীসকলক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছিল । চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী আচৰণৰ নিয়মৰ উলংঘন কৰা হৈছে, যাৰ বাবে আইন মতে, ব্যৱস্থা গ্ৰহণ কৰা হওক। কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা নেতাই ভোটাৰক ভোটাৰক ভয় দেখুৱাই প্ৰভাৱিত কৰা কাৰ্যকলাপক আদৰ্শ আচৰণ বিধিৰ অধীনৰ দুৰ্নীতিপূৰ্ণ আচৰণ বুলি গণ্য কৰা হয় । এনে কাৰ্য ধাৰা ১২৩ অনুসৰি জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিধানৰ অধীনত নিষিদ্ধ কৰা হৈছে । নাগৰিকে নিজ পচন্দৰ প্ৰাৰ্থী বা ৰাজনৈতিক দলৰ সপক্ষে ভোটদান কৰাতো এক সাংবিধানিক অধিকাৰ৷ সেয়া আধুনিক সময়ৰ গণতন্ত্ৰৰ আধাৰশিলা । কিন্তু নিৰপেক্ষ নিৰ্বাচনৰ নামত চামগুৰিত যি হৈছে তাত নিৰ্বাচনী আয়ুক্তৰ হস্তক্ষেপৰ দৰকাৰ ।"

এই অভিযোগক গুৰুত্ব সহকাৰে লোৱাৰ বাবে আহ্বান জনাই সাংসদ হুছেইনে নিৰ্বাচনী প্ৰক্ৰিয়াত সততা বিপন্ন হোৱা বুলি বিবেচনা কৰিবলৈ কৈ নিৰ্বাচন আয়োগৰ ৰাজ্যিক নেতৃত্বক জাবাবদিহি কৰি বুথ দখল কাণ্ডৰ তাৎক্ষণিক তদন্ত কৰাৰো দাবী জনায় । নিৰ্বাচনী নিয়ম উলংঘা কৰা বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ বিধায়ক, আৰক্ষী বাহিনীৰ কিছু লোকৰ বিৰুদ্ধে তদন্ত কৰা, ৰিগিং হোৱা ভোটকেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ স্মাৰকপত্ৰ যোগে দাবী জনাই সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক :ৰিগিঙক লৈ পিতা-পুত্ৰই কৰা অভিযোগৰ কোনো সামঞ্জস্য নাই: ৰূপক শৰ্মা

লগতে পঢ়ক :পিতৃৰ মতে ১৬; নিৰ্বাচন আয়োগক তানজিলে দিলে চামগুৰিৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ

ABOUT THE AUTHOR

...view details