মৰাণ, ৬ মাৰ্চ :লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি ব্যাপক প্ৰচাৰ চলাইছে শাসক দল বিজেপিয়ে । লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে যি ধৰণেৰে কামকাজ আগুৱাই নিছে তাৰ বিপৰীতে কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চ তথা আন আন ৰাজনৈতিক দলসমূহে সেই তৎপৰতা প্ৰদৰ্শন কৰা নাই । বিজেপিয়ে সমান্তৰালভাৱে আৰম্ভ কৰিছে বাকযুদ্ধ । এইবাৰ আক্ৰমণৰ লক্ষ্য় কৰি লৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ সম্ভাব্য় উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক । আদি ডিব্ৰুগড়ত ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈক কটাক্ষ কৰি মন্তব্য় কৰিলে ।
ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ডিব্ৰুগড় লোকসভাৰ বিৰোধী মিত্ৰজোঁটৰ সম্ভাব্য় উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰি তেওঁ কয়,"তেওঁলোক এতিয়া দুদ্য়োল্য়মান অৱস্থাত আছে পোষ্টাৰখন কেনে হ'ব ? অজাপ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক হাতৰ চিনত ভোট দিয়ক সেইটো হ'ব নে কংগ্ৰেছ সমৰ্থিত লুৰিণজ্যোতি গগৈক জাহাজৰ চিনত ভোট দিয়ক ? কংগ্ৰেছৰ মানুহে এতিয়া কৈছে জাহাজ চাহাজ কোনেও চিনি নাপায় । বাগিচাৰ মানুহে কৈছে ডুবা জাহাজত তেওঁলোক নুঠে ।"