অসম

assam

ETV Bharat / politics

যদি ভয় খাইছে ৱাক অভাৰ দিয়ক কংগ্ৰেছে : কামাখ্যা প্ৰসাদ তাছা - Kamakhya Prasad Tasa at Kaliabor

Kaziranga Lok Sabha Constituency : কলিয়াবৰ অগপ বিধান মণ্ডলৰ কাৰ্যালয়ত উপস্থিত সাংসদ তথা বিজেপিৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷ কংগ্ৰেছে যদি ভয় খাইছে তেন্তে ৱাক অভাৰ দি দিয়াই ভাল বুলি মন্তব্য কৰে তেওঁ ৷

Kaziranga Lok Sabha Constituency
কংগ্ৰেছক সমালোচনা কামাখ্যা প্ৰসাদ তাছাৰ

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:18 PM IST

কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছা

কলিয়াবৰ, 10 মাৰ্চ : "ৰাজনীতি কেতিয়াও ব্যক্তিগত বিষয় নহয় ৷ কাৰণ আমি এটা দলৰ শৃংখলা মানি চলো ৷" কলিয়াবৰ অগপ বিধান মণ্ডলৰ কাৰ্যালয়ত দেওবাৰে উপস্থিত হৈ এই মন্তব্য কৰে সাংসদ তথা বিজেপিৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷ মিত্ৰদল অগপৰ সৈতে আলোচনা কৰিবলৈ কলিয়াবৰত উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

কলিয়াবৰত উপস্থিত হৈ তেওঁ লোকসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছক সমালোচনা কৰে ৷ তেওঁ কয় যে, বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব তালৈ বিজেপিয়ে বাট চোৱা নাই ৷ বিৰোধীৰ পৰা কোন আতৰিছে, নাই আঁতৰা সেয়া বিজেপিয়ে নাজানে ৷ বিজেপিৰ সৈতে অসম গণ পৰিষদ আছে ৷ বিজেপি প্ৰাৰ্থী আগতেই ঘোষণা কৰা হৈছে বুলি কয় তেওঁ ৷ বিৰোধীয়ে যাকেই খেলাব তেওঁৰ লগতেই প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব বুলি উল্লেখ কৰি কংগ্ৰেছে যদি ভয় খাইছে তেন্তে ৱাক অভাৰ দি দিয়াই ভাল বুলি মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই ৷

ইফালে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক তীব্ৰ সমালোচনা কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ তেওঁ যদি ইমানেই যোগ্য আছিল তেতিয়াহ’লে স্থানীয় সৰুপথাৰ সমষ্টিৰ পৰা কিয় জিকি আহিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, প্ৰাৰ্থীৰ অভাৱ হোৱা নাই ৷ সংসদীয় সমষ্টি কি হয় ৰ’জলীনা তিৰ্কীয়ে বুজিয়েই পোৱা নাই বুলি মন্তব্য কৰে সাংসদ তাছাই ৷ লগতে পঞ্চায়ত জিকি অহা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সংসদ কি বস্তু বুজিয়েই পোৱা নাই বুলি উল্লেখ কৰি তেওঁক পঢ়া-শুনা কৰাৰ পৰামৰ্শ দিয়ে তাছাই ৷

আনহাতে যিহেতু বিজেপিৰ লগত অগপ দলৰ মিত্ৰতা আছে সেই লৈ চিন্তাৰ কাৰণ নাই বুলি কয় সাংসদজনে ৷ তেওঁ যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী সেয়েহে সহযোগী দলৰ সৈতে আলোচনা কৰি সমষ্টিটোৰ অভাৱ-অভিযোগৰ দূৰ কৰিব পাৰিব বুলিও কয় ৷ এনেধৰণৰ কথা-বতৰা পাতিবলৈকে কলিয়াবৰৰ অগপ কাৰ্যালয়লৈ আহিছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ উল্লেখ্য যে, সোমবাৰে কলিয়াবৰত বিকাশ যাত্ৰা কাৰ্যসূচীৰে উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে কলিয়াবৰত উপস্থিত হৈ অগপ-বিজেপি দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে কামাখ্যা প্ৰসাদ তাছাই ৷

লগতে পঢ়ক :সোণোৱালৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ মন: ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ জোৰদাৰ প্ৰচাৰ

ABOUT THE AUTHOR

...view details