নতুন দিল্লী : নৱবৰ্ষক আদৰাত ব্যস্ত হৈ আছে সকলো । তাৰ মাজতে ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ । ক্ৰীড়া মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা কৰিছে । দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰা খেলুৱৈসকল কোন কোন আপুনি জানেনে ?
বঁটাপ্ৰাপক খেলুৱৈসকলৰ ভিতৰত আছে ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ । শেহতীয়া অলিম্পিকত দুটাকৈ পদক লাভ কৰা শ্বুটাৰ মনু ভাকৰৰ লগতে বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিজয়ী গুকেশ ডিকো খেল ৰত্ন বঁটা প্ৰদান কৰা হ'ব ।
➡️ @YASMinistry announces #NationalSportsAwards 2024
— PIB India (@PIB_India) January 2, 2025
➡️ President of India to give away Awards on 17th January 2025
➡️ ‘Major Dhyan Chand Khel Ratna Award’ is given for the spectacular and most outstanding performance in the field of sports by a sportsperson over the period of… pic.twitter.com/nRY3nsleOY
ভাৰতীয় তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি ভাৰতীয় ক্ৰীড়া ইতিহাসত নিজৰ নাম খোদিত কৰিছিল । ইফালে শেহতীয়াকৈ ভাৰতৰ যুৱ দবা খেলুৱৈ গুকেশ ডিয়ে ১৮ বছৰ বয়সতে সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে । ক্ৰীড়া মন্ত্ৰালয়ৰ মতে ৪ গৰাকী খেলুৱৈক এইবাৰৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব । অহা ১৭ জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ'ব ।
উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ বাবে মনোনীত ব্যক্তিৰ তালিকাত প্ৰথমে অলিম্পিয়ান মনু ভাকাৰৰ নাম নাছিল । এই দুগৰাকী খেলুৱৈৰ উপৰিও ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰালিম্পিয়ান প্ৰবীণ কুমাৰেও ১৭ জানুৱাৰীত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক বিশেষ অনুষ্ঠানত এই বঁটা লাভ কৰিব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈসকলক প্ৰদান কৰিব খেল ৰত্ন বঁটা ।
খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈসকল :
গুকেশ ডি : দবা
হৰমনপ্ৰীত সিং : হকী
প্ৰবীণ কুমাৰ : পেৰা-এথলেটিকছ
মনু ভাকৰ : শ্বুটিং